বহুসময়ত মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটে যিয়ে বহুত বেছি কষ্ট দিয়ে, যিয়ে মানুহৰ আত্মবিশ্বাস ভাঙি দিয়ে , বিশেষকৈ তেতিয়া,, যেতিয়া কোনো মানুহে আমাক অপমান কৰে। মানুহে যেতিয়া আমাক অপমান কৰে তেতিয়া আমি ভাবো যে ইয়াৰ প্ৰতিশোধ কেনেকৈ লম অৰ্থাৎ আমিও তেওঁৰ অপমান কিদৰে কৰিম !
মানৱ জীৱনৰ এই কথাৰ ওপৰত এটি গৌতম বুদ্ধৰ গল্প প্ৰথমে শুনক তাৰ পিছত দেখিব আপোনাৰ মন এনেদৰে প্ৰস্তুত হৈ পৰিব যে কোনোবাই যদি আপোনাক হাজাৰ হাজাৰ গালি দিয়ে অপমান কৰে তেতিয়াও আপোনাৰ মন মগজুত কোনো প্ৰভাৱ নপৰিব কোনো বিৰূপ প্ৰতিক্ৰিয়া নাথাকিব।
এবাৰ গৌতম বুদ্ধই এখন গাঁওৰ মাজেদি পাৰ হৈ গৈ আছিল যি গাঁওৰ মানুহে তেওঁক খুব পছন্দ নকৰিছিল। এনেতে কেইবাজনো গাঁওৰ লোকে তেওঁক ঘেৰি ধৰিছিল আৰু নানান কটু কথা শুনাবলৈ আৰম্ভণি কৰিছিল। আনকি সেই গাঁওৰ চৰ্দাৰ জনে মাৰিবলৈও তৰ্জন গর্জন কৰিছিল বুদ্ধক। কিন্তু বুদ্ধই গাঁৱৰ সকলো লোকৰ কথা আওকাণ কৰি হাঁহি আছিল। তাকে দেখি গাঁওৰ লোকসকল কিছু শান্ত হৈ পৰিছিল আৰু বুদ্ধই আগৰ গাঁওখনলৈ যাবলগীয়া দৰকাৰী কাম আছে বুলি কৈ যাবলৈ আগবাঢ়িছিল । বুদ্ধৰ আচৰণ দেখি গাঁওৰ চৰ্দাৰ জনে বুদ্ধক প্ৰশ্ন কৰিছিল, ” হে লোকজন, তোমাক আমি ইমান গালি গালাজ কৰিছোঁ তাৰ পিছতো তুমি উত্তৰ নিদি হাঁহি আছা, তোমাৰ বেয়া লগা নাই , খং উঠা নাই নেকি “? উত্তৰত বুদ্ধই কৈছিল, ” তোমালোকৰ আহি পোৱাত অলপ দেৰি হৈছে, যদি তোমালোকে দহ বছৰ আগতে এনে কটু কথাৰে মোক গালি গালাজ কৰিবলৈ আহিলাহেঁতেন তেন্তে মোৰো ৰাগ উঠিলহেঁতেন , ময়ো তোমালোকক কটু বচন শুনালোঁহেঁতেন কিয়নো সেই দহ বছৰ আগতে মোৰো আচৰণ তোমালোকৰ দৰেই আছিল, কিজানি মই তোমালোকৰ সৈতে যুদ্ধই কৰিলোঁ হেঁতেন ; কিন্তু বৰ্তমান মই বহুত আগবাঢ়ি গৈছোঁ, এতিয়া মোৰ মাজত খং, ঘৃণা একোৱে নাই ; মই এতিয়া এনে ঠাইলৈ গৈছোঁ যত তোমালোকৰ গালিয়ে ঢুকি নাপাই, তোমালোকৰ হওঁক বা আন কাৰো ক্ৰোধে মোক আঘাট নকৰে “। তাৰ পিছতো চৰ্দাৰে কৈছিল, ” কিন্তু এইটো কেনেকৈ সম্ভৱ যে তোমাৰ বেয়া নালাগিব, মই তোমাক গোটেই গাঁও বাসীৰ সন্মুখত গালি গালাজ কৰিছোঁ , তথাপিও …”।
উত্তৰত বুদ্ধই কৈছিল, ” যোৱাকালি মই এখন গাওঁলৈ গৈছিলো , সেই গাঁওৰ সকলো লোকে মোৰ প্ৰবচন শুনিছিল খুব আদৰ কৰিছিল মোক আৰু সেই গাঁওৰ চৰ্দাৰ জনে মোৰ বাবে মিঠাই লৈ আহিছিল আৰু মোক খাবলৈ বহুত অনুৰোধ কৰিছিল কিন্তু মই মোৰ পেট ভৰি থকা হেতুকে এটা মিঠায়ো খাব নোৱাৰিলো , ফলত চৰ্দাৰ জনে মিঠাই খিনি উভতাই লৈ গৈছিল ; অৰ্থাৎ যদি মই কাৰো পৰা একো নলও তেন্তে আনে কেনেকৈ মোক কিবা দিব পাৰিব , আৰু যেতিয়া মোক কোনোৱে কিবা দিয়ে সেইটো লম নে নলম সেইটো নিৰ্ভৰ কৰে মোৰ ওপৰতে “। তাৰ পিছত বুদ্ধই চৰ্দাৰ জনক সুধিছিল এতিয়া তুমি কোৱাচোন, ” মই নোখোৱাৰ পিছত উভতাই লৈ যোৱা মিঠাই খিনি সেইজন চৰ্দাৰে কি কৰিব” ? তেওঁ উত্তৰ দিছিল, ” নিশ্চয় চৰ্দাৰ জনে ঘৰত লৈ গৈ মিঠাই খিনি আনক খাবলৈ ভগাই দিব “। বুদ্ধই চৰ্দাৰৰ উত্তৰ টোক শলাগ লৈছিল কিয়নো তেওঁ ঠিক অনুমানে কৰিছে ; আৰু সেই প্ৰসংগতে কৈছিল, ” তুমিও সেই মিঠাইৰ দৰে মোৰ বাবে গালি লৈ আহিছা আৰু তুমি বিচৰা যে মই তোমাৰ গালি গ্ৰহণ কৰোঁ , কিন্তু মই এইটো কেতিয়াও গ্ৰহণ নকৰো আৰু এতিয়া তুমি পুনৰ উত্তৰ দিয়া যে মই গ্ৰহণ নকৰা তোমাৰ গালি গালাজ, তৰ্জন গর্জন খিনি তুমি এতিয়া কি কি কৰিবা “? বুদ্ধৰ এই প্ৰশ্নৰ উত্তৰ সেই গাঁওৰ চৰ্দাৰজনৰ হাতত নাছিল । তাৰ পিছত বুদ্ধই পুনঃ কৈছিল , ” তোমাৰ প্ৰতি মোৰ দয়া হৈছে , তোমাৰ কথাত খং উঠাৰ পৰিবৰ্তে ! মোৰ খং তেতিয়াহে উঠিব যেতিয়া মই তোমাৰ গালি সমূহ গ্ৰহণ কৰিম “। বুদ্ধৰ কথা শুনি চৰ্দাৰে তলমূৰ কৰিছিল। তাৰ পিছত বুদ্ধই কৈছিল, ” গালি গালাজ হৈছে এটি কাইটৰ দৰে যিয়ে দিয়ে আৰু যিয়ে গ্ৰহণ কৰে উভয়ে সেই কাঁইটৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ যায়, এতিয়া তুমিয়ে কোৱা মই তোমাৰ সেই গালি কেনেদৰে গ্ৰহণ কৰিম , মোক ক্ষমা কৰিবা মই তোমাৰ উপহাৰ গ্ৰহণ কৰিব নোৱাৰিলোঁ”। শেষ কথা শুনি সেই চৰ্দাৰ লাজত পৰিছিল আৰু তেওঁৰ চকুৰে চকুপানী পৰিছিল আৰু গৌতম বুদ্ধৰ ভৰিত ধৰিছিল “।
এই পৃথিৱীত মানুহৰ তুলনাত কুকুৰ বেছি সুখী ! সম্পূৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
এই পৃথিৱীত মানুহ বেছি সুখী নে কুকুৰ বেছি সুখী ? – লোকনাথ বাবাৰ অমৃত বাণী।
বন্ধুসকল আমি বহুবাৰ এনেদৰে ভাবোঁ যে আমাৰ দুখৰ কাৰণ হৈছে আন কোনো ব্যক্তি আৰু তাৰ ফলত আমি আমাৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই দিওঁ । কিন্তু বাস্তৱত সেইটো নিৰ্ভৰ কৰে আনে কোৱা বা আমালৈ নিক্ষেপ কৰা কটু কথা সমূহ আমি কিদৰে গ্ৰহণ কৰোঁ ; যদি আমি আনৰ কটু কথা বা বচন গ্ৰহণ কৰোঁ সেয়া হ’ব আমি আমাৰ ভৰিত চিপৰাং বা কোৰ মৰাৰ দৰে আৰু যদি গ্ৰহণ নকৰো তেন্তে সেইটোৱে আমাৰ ওপৰত কোনো প্ৰভাৱে পেলাব নোৱাৰে। একেদৰে যদি কোনোবাই আমাক ভাল কথা কওঁতে সুখী হ’ব পাৰো আৰু কটু কথাত দুখী হৈ পৰো তেনেহলে আমি বুজিব লাগিব যে আমাৰ জীৱন আমাৰ নিয়ন্ত্ৰণত নাই আমাৰ সুখ দুখ আনে পৰিচালনা কৰিছে ! সেয়ে মনত ৰখা উচিত যে অইন কাৰোবাৰ কথা শুনি খুব বেছি প্ৰফুল্ল হোৱা বা দুখী হোৱাৰ অৰ্থ একেবাৰে শূণ্য। নিজৰ কৰ্মৰ বাবেহে আপুনি সুখী হওঁক আৰু আপোন কৰ্মৰ বাবেহে দুখী হওঁক । কথাবোৰ ভাল লাগিলে এটি লাইক নিশ্চয় দিব আৰু আন বহুজনে পঢ়িবলৈ শ্বেয়াৰ কৰি দিব কিয়নো, ভাল কথাৰ প্ৰচাৰ বহুত কম।
POPULAR ASSAMESE VIDEO,,