Facts of pasting Mahatma Gandhi in Indian Currencies

ভাৰতীয় টকাত কেনেদৰে আহিল গান্ধীজীৰ ফটো ?

দেশৰ স্বাধীনতাৰ বাবে বহু বিপ্লৱী আৰু লৌহ মানৱৰ প্ৰাণ গৈছিল। সকলোয়ে জানে যে ১৯৪৭ চনৰ১৫ আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল , সেই সময়ত স্বাধীনতা বিপ্লৱীৰ কোনো কম নাছিলে কিন্তু তথাপিও অকল মহাত্মা গান্ধীৰ ছবিহে ভাৰতীয় নোটত সংযোগ কৰা হয় ? ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ অৱদান আছিল গুৰুত্বপূৰ্ণ সেইটো একেবাৰে সঁচা। লগতে তেওঁৰ সৈতে বহু বিপ্লৱীয়ে আন্দোলনত ভাগ লৈছিল আৰু হাঁহি হাঁহি প্রাণ আহুতি দিছিল যদিও ভাৰতীয় টকাত গান্ধীৰ ছবিহে চপোৱা হয়।

Facts of pasting Mahatma Gandhi in Indian Currencies

নিজৰ সম্পূৰ্ণ জীৱন সহজ সৰল ভাবে পাৰ কৰিছিল মহামানৱ মহাত্মা গান্ধীয়ে, তেখেতে কেতিয়াও বিচৰা নাছিল যে তেওঁৰ ছবি কৰবাত চপোৱা হওঁক তথাপি তেওঁৰ ছবি ভাৰতীয় নোটত চপোৱা হয়। যোৱা কিছু বছৰৰ ভিতৰত ভাৰতীয় নোটৰ ৰং সলনি হৈছে চেহেৰা সলনি হৈছে কিন্ত এই নোট সমূহত যিটো চেহেৰা ছপা কৰা হয় সেইটো চেহেৰা সলনি হোৱা নাই। সকলো নোটতে গান্ধীৰ ছবি নোট সলনি হোৱাৰ পিছতো দেখিবলৈ পোৱা যায়। ৫০০ – ২০০০ টকাৰ নোট বন্ধ হোৱাৰ পিছত নতুন নোটত বৰ্তমানেও আছে একে চেহেৰা।
Facts of pasting Mahatma Gandhi in Indian CurrenciesFacts of pasting Mahatma Gandhi in Indian Currencies

সপোনত মৃতদেহ দেখাৰ ৰহস্যময় কথা জানিবলৈ তলৰ ৰঙা আখৰ কেইটাত ক্লিক কৰক

যদি সপোনত মৃতদেহ দেখিছে তেন্তে এই শুভ সংকেত অতি শীঘ্ৰে পাব !

মহাত্মা গান্ধী হৈছে এজন এনে ব্যক্তিত্ব যাৰ ছবি ভাৰতীয় নোট আৰু মুদ্ৰা সমূহত trade mark হিচাপে ব্যৱহাৰ হয়। ভাৰতীয় নোট আৰু মুদ্ৰাৰ প্রচলনৰ পৰাই যে মুদ্ৰা আৰু নোট সমূহত গান্ধীৰ ছবি আছিল সেয়া নহয়। স্বাধীনতাৰ পিছত যেতিয়া ভাৰতীয় নোট ছপা হয় তেতিয়া নোট সমূহত অশোক স্তম্ভৰ ছবি ছপা হৈছিল। ১৯৫৭ চনলৈ ভাৰতীয় টকাৰ পৰিমাণ আছিল ১ টকাত মাত্ৰ ১৬ আনা , ইয়াৰ পিছত দশমিক পদ্ধতিত ১০০ পইছাক এক টকা মানি লৈ এক টকা মুদ্ৰা আৰু নোটৰ প্ৰচলন হয়।

 

Facts of pasting Mahatma Gandhi in Indian CurrenciesFacts of pasting Mahatma Gandhi in Indian Currenciesআৰু তেনেদৰে ১৯৪৯ চন পৰ্যন্ত ভাৰতীয় টকাত কিং জৰ্জৰ ছবি চপোৱা হৈছে। তাৰ পিছত ১৯৪৯ চনৰ পৰা যেতিয়া ভাৰত চৰকাৰে নোট চপোৱা আৰম্ভ কৰিলে তেতিয়াৰ পৰা সমস্ত ভাৰতীয় নোটত অশোক স্তম্ভৰ ছবি চপোৱা হয়। শেষৰ ফালে ১৯৯৬ ৰ পৰাহে নোট সমুহত মহাত্মা গান্ধীৰ ফটো প্ৰচলন হয় যি এতিয়াও প্ৰচলিত আছে। ইংৰাজ শাসনৰ পিছতে ভাৰতীয় টকা আৰু নোটৰ ৰূপ বহু সলনি হৈছে। এই সময়ত নোটৰ আকাৰ আৰু ৰং সম্পূৰ্ণ সলনি হৈছে যদিও চৰকাৰ আৰু আৰ বি আয় ( RBI ) ই নোট সমূহত গান্ধীৰ ছবি এতিয়ালৈ ৰাখিছে নোটসমুহত। মহাত্মা গান্ধীৰ ছবি থকা নোটসমূহক RBI য়ে নাম দিছে মহাত্মা গান্ধী চিৰিজ ( SERIES) । উল্লেখ কৰা ভাল যে ১৯৬৯ চনত গান্ধী জয়ন্তী উপলক্ষে RBI ৰ তৰফৰ পৰা কিছু নোটত সাময়িক ভাৱে গান্ধীৰ ছবি সংযোজন কৰিছিল। সেই নোট সমূহ আছিল এক টকীয়া, দুই টকীয়া, পাছ টকীয়া , দহ টকীয়া আৰু এশ টকীয়া নোট। ১৯৯৬ চনৰ পিছৰ সকলো নোটতে গান্ধীজী সেৱাক্রম আশ্ৰমত বহি থকাৰ ছবি দেখা যায় তাৰ পিছত যেতিয়া নতুন ৫০০ আৰু ২০০০ টকীয়া নোট আহিল সেই নোটত গান্ধীজীৰ হাঁহি থকা ছবিখন দেখিবলৈ পোৱা যায়। ১৯৫৪ চনত এবাৰ ১ হাজাৰ, পাঁচ হাজাৰ আৰু দহ হাজাৰ টকাৰ নোট চপোৱা হৈছিল যত ১০০০ টকাৰ নোটত মন্দিৰৰ ছবি, পাঁচ হাজাৰ টকাৰ নোটত gateway of India ৰ ছবি আৰু দহ হাজাৰ টকাৰ নোটত অশোক স্তম্ভৰ ছবি ৰখা হৈছিল যদিও ১৯৭৮ চনত সেই নোট সমূহ বন্ধ কৰি দিয়া হৈছিল।

Facts of pasting Mahatma Gandhi in Indian Currencies

ভাৰতীয় নোটত থকা গান্ধীজীৰ ছবিখন কলকাতাত তোলা হৈছিল । সেই সময়ত গান্ধী তৎকালীন ভাবে বাৰ্মা অৰ্থত বৰ্তমানৰ ম্যানমাৰত থকা ভাৰতৰ ব্ৰিটিছ চেক্ৰেটাৰী ফেদেৰিক পেথিক লোৰেঞ্জৰ সৈতে দেখা কৰিবলৈ গৈছিল কলকাতাত আৰু তেওঁক কলকাতাৰ ভাইচৰাই হাউচত লগ পাইছিল। আৰু তাতেই তোলা হৈছিল ছবিটি আৰু এই ছবিটি গান্ধীৰ প্ৰতিকৃতি ৰূপত প্ৰত্যেক নোটতে চপোৱা হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *