MEANING OF DIFFERENT DREAMS

   মানুহে ৰাতিৰ টোপনিত নানান সপোন দেখে । কিছুমান সপোন খুব ভয় লগা আৰু কিছু খুব হাস্যকৰ আৰু ৰসাল হৈ পৰে। বহু সপোন বহুজনে মনত ৰাখিব নোৱাৰে আৰু কিছুমান সপোন বহুতৰ ৰাতিপুৱা লৈ মনত থাকে । স্বপ্ন শাস্ত্ৰ অনুসৰি কিছুমান মানুহে এনে কিছু সপোন দেখিবলৈ সক্ষম হয় যি সপোনে তেওঁক ভাগ্যশালী কৰি পেলাই। এনে সপোন কৌটিৰ ভিতৰত এজন মানুহে দেখা পাই আৰু যিজনে দেখে তেওঁ প্ৰাচুৰ্য ধান ধনৰ অধিকাৰী হৈ কৌটিপতি পৰা কোনো আশ্চৰ্যজনক কথা নহয়। স্বপ্ন শাস্ত্ৰত আৰু উল্লেখ আছে যে সৰু ডাঙৰ সপোন দেখাৰ পিছত সেই সপোনৰ কথা কোনো দ্বিতীয় ব্যক্তিৰ আগত প্ৰকাশ কৰা অনুচিত ; অন্যথা শুভ সপোন বোৰ নফলিয়াই।

Three best sleeping positions

যদি কোনোবাই প্ৰকৃতিৰ সৈতে জড়িত যেনে চৰাই বা পক্ষী , নদী, হ্ৰদ, জলাশয় , পৰ্বত পাহাৰ আদিৰ সপোন দেখে বা তেনে স্থানলৈ নিজে ফুৰিবলৈ যোৱা দেখা পাই তেন্তে জানিব তেওঁৰ জীৱনলৈ খুব সোনকালে ভাল খবৰ আহি আছে।

যদিহে সপোনত কোনো ব্যক্তিৰ মৃত্যু হোৱা আনকি নিজৰো মৃত্যু হোৱা দেখা পোৱা যায় তেন্তে সেই সপোনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বা সেই সপোন ভয়ৰ কোনো কাৰণ নহয় ; বৰং সেই সপোনৰ পৰা নিজৰ বেয়া দিন সমূহ অৰ্থাৎ সমস্যা জৰ্জৰ অৱস্থাৰ পৰা নিজে উপশম লাভ কৰাৰ সংকেত আহি আছে বুলি ধৰি লব লাগে। এই সপোনৰ ফলত ব্যক্তি বিশেষে আগন্তুক দিনত কোনো নতুন কামৰ সন্ধান যেনে চাকৰি বাকৰি হওঁক, নতুন ব্যৱসায় বাণিজ্য হওঁক নাইবা কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়।

HUSBAND AND WIFE RELATION
ইফালে জ্যোতিষ শাস্ত্ৰ অনুসৰি সপোনত মানুহৰ মৃতদেহ দেখা শুভ মান্যতা দিয়া হয় । যদিহে সপোনত মৃত ব্যক্তিক কবৰ বা শ্মশানলৈ লৈ গৈ থকা দেখিছে নাইবা জ্বলাই থকা বা কবৰ দি থকা পৰিলক্ষিত হৈছে তেন্তে নিশ্চয়কৈ জানিব যে তেনে সপোন দেখা লোকজনৰ ভৱিষ্যত জীৱনত কিবা নতুন আৰু ভাল পৰিৱৰ্তন আহিবলৈ গৈ আছে। যদিহে মৃত ব্যক্তিক পানীত ওপঙি থকা দেখিছে তেন্তে দেখা ব্যক্তিজনৰ জীৱনত সকলো পুৰণি বিষয় বস্তু এৰি থৈ নতুন বিষয় বস্তুত মনোনিবেশ কৰা সংকেত আহি পৰে। যদি সপোনত বহুত মৃত ব্যক্তি দেখিছে তেন্তে বহুত সোনকালে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হবলৈ গৈ আছে। আৰু যদি সপোনত নিজকে মৃত দেখিছে তেন্তে খুব সোনকালে আপোনাৰ জীৱন সলনি হোৱাৰ সংকেত বুলি ভবা উচিত। নিজৰ মা দেউতাৰ মৃতদেহ দেখা সপোন যদি দেখিছে তেন্তে সেয়া নিজৰ ভাগ্য উদয় আৰু উন্নতিৰ সংকেত বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হয়। কিন্তু তেনে সপোন দেখাৰ পিছতে ভয়ৰ বশৱৰ্তী হৈ সপোনটোৰ বিষয়ে দ্বিতীয়জন ব্যক্তিক প্ৰকাশ কৰা অনুচিত কিয়নো কাৰোবাক কৈ দিয়াৰ ফলত সপোনটোৰ পৰা হব লগীয়া শুভ প্ৰতিফলন বিপৰীত মুখী হ’ব পাৰে অৰ্থাৎ ভাল প্ৰতিফলনৰ পৰা বঞ্চিত হৈ পৰিব পাৰে।

MEANING OF DIFFERENT DREAMS

সপোনত যদি মাছ দেখিছে বা মাছৰ ব্যঞ্জন খাই থাকিছে বা মাছ মাৰি থকা দেখিছে তেন্তে সেয়া কোনো ভয় বা শংকাৰ কাৰণ হ’ব নোৱাৰে বৰং এই সপোনে আপোনাৰ জীৱনলৈ শুভ সংকেত লৈ আহিব পাৰে। স্বপ্নশাস্ত্ৰ অনুসৰি এনে সপোন দেখিলে ব্যক্তি বিশেষৰ অতি শীঘ্ৰে ধান আৰু ধন প্ৰাপ্তিৰ যোগ আহে বুলি বিশ্বাস আছে।

কি সপোন দেখিলে মানুহ কৌটিপতি হয় জানিবলৈ তলৰ ৰঙা আখৰ কেইটাত ক্লিক কৰক

এই সপোন যদি দেখিছে তেন্তে মানুহ কৌটিপতি হোৱাটো নিশ্চিত ! –

সপোনত ভগৱান বা ঈশ্বৰৰ প্ৰতিমূৰ্তি দেখা সৌভাগ্যৰ কথা। এই সপোনৰ অৰ্থ বহুত থাকিব পাৰে। শাস্ত্ৰ অনুসৰি এজন সাত্বিক আৰু পবিত্ৰ লোকে সপোনত ভগৱানক দেখিবলৈ পাই। সপোনত ভগৱান দৰ্শন মানে ব্যক্তি বিশেষৰ দেহত ইতিবাচক শক্তিৰ জাগ্ৰত হোৱা।

POPULAR ASSAMESE COMEDY VDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *