Black turmeric cultivation

    অসমৰ হাবিয়ে বননিত প্ৰায়ে দেখা যায় কলা হালধীৰ গছ ; যদিও সৰ্বসাধাৰণ লোকে এই গছ চিনি নাপায় লগতে নাজানে যে এই হালধীৰ মূল্য অতি বেছি। এই গছজোপা চিনি পাবলৈ অতি সহজ ইয়াক দেখিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হালধি গছজোপাৰ দৰেই , মাত্ৰ ইয়াৰ পাতৰ ঘাই শিৰা কলা। আৰু ইয়াৰ শিপাত যি হালধি থাকে সেয়া কলা বুলি কোৱা হয় যদিও সেয়া কলা নহয় নীলা ধৰণৰহে। কিন্তু কেতুৰীক কলা হালধি বুলি ভুল নকৰিব। এই কেতুৰীৰ শিপা বগাহে নীলা নহয়।

Black turmeric and its medicinal value

এই কলা হালধি আমাৰ অসমৰ মাটিত খেতি কৰাৰ সুবিধা বেছি । অসমৰ মাটি এই খেতিৰ বাবে উৎকৃষ্ট। ইয়াৰ মাটি পানী আৰু জলবায়ুত কলা হালধি প্ৰচুৰ পৰিমাণে উৎপাদন কৰিব পাৰি। সাধাৰণ হালধিৰ দৰেই একে পদ্ধতিৰে ইয়াৰ খেতি কৰিব পৰা সম্ভৱ। মে জুন মাহত এই হালধি ৰোপণ কৰিলে প্ৰায় আঠ মাহৰ ভিতৰতে এই হালধি উঠাবলৈ সম্ভৱপৰ হৈ উঠে। যদিহে অকণমান মনোযোগ দি ব্যৱসায়িক ভিত্তিত এই হালধিৰ খেতি কৰা হয় তেন্তে যথেষ্ট লাভবান হোৱাৰ সম্ভাৱনা নিশ্চিত। আৰু মনত ৰখা উচিত যে জৈৱিক পদ্ধতিৰে উৎপাদিত হোৱা কলা হালধিৰ বজাৰত চাহিদা অধিক। এই খেতি ১৫ – ৪০ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পৰিবেশ আৰু পানী জমা নোহোৱা ঠাইত ভাল হয়। কৃত্ৰিম সাৰ প্ৰয়োগ নকৰাকৈয়ে মাটিত গোবৰ সাৰ ( প্ৰতি হেক্টৰ কৃষি ভূমিত ২০ টন গোবৰ অনুপাতে) প্ৰয়োগ কৰি এই খেতি কৰিয়ে যথেষ্ট উৎপাদন কৰিব পাৰি।

Black turmeric and its medicinal value

এই হালধিৰ আন্তৰ্জাতিক বজাৰত চাহিদা যথেষ্ট আনকি ভাৰতীয় বজাৰতো ইয়াৰ মূল্য অত্যাধিক। ইয়াৰ দাম কিমান আপোনালোকে Amazon, Flipkart বা India mart আদিত search কৰি চালে গম পাব। অসমতে ইয়াৰ মূল্য প্ৰতি কেজিত ৪০০.০০ টকা । ভাৰতীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কেজিত ৬০০.০০ পৰা ২৫০০.০০ টকালৈ।

Black turmeric and its medicinal value

বৈদিক কালৰ পৰা এই কলা হালধি তন্ত্ৰ মন্ত্ৰ আৰু ঘৰুৱা ৰোগ উপশম বিধিত ব্যৱহাৰ হৈ আহিছে যদিও বৰ্তমান সময়ত আধুনিক বিজ্ঞানী সকলে এই হালধিত বিচাৰি পাইছে কিছু চমৎকাৰী ঔষধি গুণ। এই হালধিৰ মূল্য ইমান হোৱাৰ কাৰণ হৈছে এই হালধীৰ ঔষধি গুণ। এই হালধিৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ থকা বুলি কোৱা হয়। এই হালধি কেইবা প্ৰকাৰৰ ভেষজ ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱাৰ উপৰিও ব্যৱহাৰ হয় প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ। উদ্ভিদ বিজ্ঞানীসকলে ইতিমধ্যে প্ৰমাণ কৰিছে যে এই কলা হালধিৰ ভেঁকুৰনাশক গুণ ( Antifungal activity ), মাংসপেশী শিথিলকাৰী গুণ ( Muscle relaxant ) , বিষবেদনা নাশক ( Analgesic ) , মৃগীনাশক গুণ ( Anticonvulsant ) , মানসিক অশান্তি নাশক ( Anxiolytic ) গুণ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰসমন ( CNS depressant) গুণ আছে। ইয়াৰ উপৰিও ইয়াক কেঞ্চাৰ, HIV & Aids , মৃগী , শ্বেতচৰ্মৰোগ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

Black turmeric and its medicinal value

সংশ্লিষ্ট বিষয়ত সবিশেষ জানিবলৈ ওচৰৰ মহকুমা আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।

পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদ ! এক কথা মাটিৰ খেতি কৰিলে ১২ বছৰতে হ’ব পাৰি কৌটিপতি ! জানিবলৈ তলৰ ৰঙা আখৰকেইটাত ক্লিক কৰক ,,

পৃথিৱীৰ আটাইতকৈ দামী গছ, এক কথা মাটিৰ খেতি কৰিলে হব কৌটিপতি !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *