Costly Sandalwood farming tips

পৃথিৱীৰ আটাইতকৈ দামী গছ, এক কথা মাটিৰ খেতি কৰিলে হব কৌটিপতি !

পৃথিৱীৰ আটাইতকৈ দামী গছ, এক কথা মাটিৰ খেতি কৰিলে হব কৌটিপতি !

কৃষি নিৰ্ভৰশীল দেশ ভাৰতবৰ্ষত ধানৰ পৰা আদি কৰি নানান ধৰণৰ ফচল হয়। এই দেশত এবিধ পৃথিৱীৰ ভিতৰতে অতি মূল্যবান উদ্ভিদৰ খেতি কৰিব পাৰি। কোনোবাই যদি এক কথা মাটিত এই উদ্ভিদৰ খেতি কৰে হ’ব পাৰে কৌটিপতি। পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদ হৈছে চন্দন গছ। ঘৰৰ পূজা পৰ্ব আৰু শুভ অনুষ্ঠানত ব্যৱহাৰ হয় এই চন্দন কাঠ ( Sandalwood cultivation is worthy )।

কোনোবাই এক একৰ মাটিত যদি এই গছৰ খেতি কৰে তেন্তে তেওঁ ৩২ – ৩৩ কোটি টকা উপাৰ্জন কৰিব পাৰে। কোনো লোকে যদি এডাল গছ ৰুই ডাঙৰ কৰিব পাৰে তেতিয়াও তেওঁ কমেও উপাৰ্জন কৰিব পাৰে ৫ – ৬ লক্ষ্য টকা । কিন্তু এই লাভজনক উদ্ভিদ বিধৰ খেতিৰ বিষয়ে বহু লোকে নাজানে।

চন্দন আচলতে তিনি প্ৰকাৰৰ ১) শ্বেত চন্দন ২) ৰক্ত চন্দন আৰু ৩) পিত চন্দন। যদিও পিত চন্দনৰ কথা শুনা যায় ইয়াৰ অস্তিত্ব পোৱা নাযায়। শ্বেত চন্দন আৰু ৰক্ত চন্দন উভয় বিধ ঔষধ আৰু প্ৰসাধন শিল্পত ব্যৱহাৰ হয়। শ্বেত চন্দনৰ পৰা প্ৰসাধন দ্ৰব্য, তেল, দামী আঁতৰ, ঔষধ, ধূপ, চাবোন, ক্ৰীম, টুথপেস্ট আদি প্ৰস্তুত কৰা হয়। বহু হেমিওপেথি ঔষধ আছে যত শ্বেত চন্দন ব্যৱহাৰ কৰা হয়। এই গছৰ ব্যৱহাৰ কৈ শেষ কৰা নাযায়।

Perfumes , medicines are prepared from Sandalwood

আচল চন্দন কাঠ কেনেকৈ চিনি পাব ? ছোৱালীৰ অনেক গোপন ৰোগৰ বাবে চন্দন ব্যৱহাৰ কৰা দেখা যায় । বজাৰত কিনিবলৈ পোৱা বেছিভাগ চন্দন হৈছে নকল। নকল কাঠত চন্দনৰ সুগন্ধি লগাই বিক্ৰী কৰে। কিছুদিন ৰাখি থলে সুগন্ধি নাইকিয়া হৈ পৰে। সেয়ে বজাৰৰ পৰা কিনিলে কাঠ টুকুৰা চুৰি বা ব্লেদেৰে আঁচোৰ মাৰি পৰীক্ষা কৰি লোৱা উচিত। প্ৰকৃত চন্দন কাঠ হাতত লোৱা মাত্ৰকে সুগন্ধি পাব, আৰু থৈ দিয়া ঠাই খিনি গোন্ধত আমূল মূল হৈ থাকিব। বহুদিন ৰাখি থলে সুগন্ধি নমৰে অৰ্থাৎ কেইবা দশক ধৰি এটুকুৰা কাঠৰ গোন্ধ বিৰাজমান হৈ থাকে ।

এই দুবিধৰ ভিতৰত শ্বেত চন্দনৰ মূল্য বেছি। শ্বেত চন্দনৰ খেতি ভাৰতবৰ্ষৰ সকলো ঠাইতে কৰা সম্ভৱ। সেইবাবে হয়তো চন্দন গছ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি পোৱা যায় ভাৰতবৰ্ষত। ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ কিছু দেশ, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আদিতো এই সুগন্ধি উদ্ভিদ বিধ পোৱা যায়। শ্বেত চন্দন প্ৰায় ৪ – ৯ ফুট ওখ হয়, এই চিৰসেউজীয়া উদ্ভিদ ১০০ বছৰ জীয়াই থাকে। উদ্ভিদ জোপাৰ পাতৰ উপৰিভাগ উজ্জ্বল সেউজীয়া আৰু পাত ডিম্বাকৃতিৰ হয়। গছজোপা ব্যৱহাৰৰ উপযোগী হৈ পৰে ১২ বছৰ বয়সত আৰু ইয়াৰ প্ৰথম চাৰি বছৰ বয়সলৈকে কোনো সুগন্ধি নাথাকে। সম্পূৰ্ণ ১২ বছৰত এজোপা গছৰ পৰা প্ৰায় ১৫ -২০ কে জি সুগন্ধি কাঠ পাব পাৰি যাৰ মূল্য হৈছে প্ৰায় ৬ লাখতকৈ বেছি।

Sandalwood cultivation details

এই গছ মূল্যবান হোৱা হেতুকে ইয়াক চোৰৰ হাতৰ পৰা ৰক্ষা কৰা অতি প্ৰয়োজনীয়। লগতে আপুনি ইয়াক নিজে বিদেশলৈ ৰপ্তানি কৰিব নোৱাৰে। আপুনি এই কাঠ চৰকাৰক বিক্ৰী কৰিব লাগিব আৰু দেশৰ চৰকাৰে ইয়াক বিদেশলৈ ৰপ্তানি কৰিব।

কেনেকৈ খেতি কৰিব এই গছ ? এই গছৰ পুলি অকলে ৰুলে নহ’ব , লগতে ৰুব লাগিব এজোপা হোস্ত উদ্ভিদ ( host plant ) । আৰু চন্দনৰ গছ জোপাৰ দৰে হোস্ত উদ্ভিদ জোপাৰো সমানে যত্ন লব লাগিব। খেতি কৰিবৰ বাবে চন্দনৰ পুলি একেলগে কিনিলেহে লাভবান হব পাৰি, এটা দুটা কিনিলে দাম বেছি পৰে। একেলগে কেইবা জোপা পুলি কিনিলে প্ৰতিজোপা ৫০০ টকাত পাব পাৰি। এয়া উদ্ভিদ ওখ মাটিত ৰুব লাগে কাৰণ ইয়াক বেছি পানীৰ প্ৰয়োজন নহয়। অত্যাধিক গৰম ঠাইত এই গছ নহয়। ৫ – ৪০ ডিগ্ৰী তাপমাত্ৰাৰ অঞ্চলত এই গছৰ খেতি কৰা উত্তম।

Advertisement

এই উদ্ভিদৰ খেতি কৰিবলৈ ইচ্ছুক লোকে নাবাৰ্ড আৰু আন কিছুমান বেংকৰ পৰা subsidy থকা ঋণ পাব পাৰে । লগতে নিজৰ নিজৰ জিলাৰ NMPB (National medicinal plant board ) ৰ পৰা এই কৃষিৰ সম্পূৰ্ণ তথ্যৰ লগতে ঋণ, কৃষি প্ৰণালী, পুলি সংগ্ৰহ আদি সকলো তথ্য উপলদ্ধ কৰিব পাৰি।

আপোনাক হিংসা কৰা লোকজন গোপনে চিনিবলৈ তলত ক্লিক কৰক

কোনে আপোনাক গোপনে হিংসা কৰে জানি থওঁক এই বুদ্ধিৰে !

Share it with:

15 Comments

  1. চন্দন‌ গছৰ পুলি ক’ত কেনেকৈ সংগ্ৰহ কৰিব পাৰিম ?

    1. 9395063220 contact me

  2. Moi ai utbhi hola koribo bisaru.
    Mur ghor 2no dolamuri bali Goan nahorkotia dibrugorh assam…

  3. I want 100 nos set chandan plant

    1. মোকো অলপ প্ৰয়োজন হৈছিলে

  4. Moi chadan kheti koribo bisarisu. Moi interested
    . Phone no. 6003479399

  5. moi kor pora original swato chandon puli pam?

Leave a Reply

Your email address will not be published. Required fields are marked *