benefits of wearing metal bracelet in wrist

মহিলাই খাৰু পিন্ধা কিমান লাভ জানেনে ? ৯৯ % মানুহে নাজানে এই কথা !

   আপোনালোকে বহু মানুহক পুৰুষে হওঁক বা মহিলাই নিজৰ হাতত বিভিন্ন ধাতু যেনে সোন, ৰূপ, তাম্ৰ, ব্ৰঞ্জ আদিৰ খাৰু পিন্ধা লক্ষ্য কৰিছে। ইয়াৰ বহুজনে আচল কথা নাজানে যদিওবা খাৰু পৰিধান কৰে নিজৰ চখৰ বাবে আৰু যিয়ে জানে তেওঁলোকে পিন্ধে কিছু মাংগলীক লাভালাভৰ হেতুকে। এই খাৰু পিন্ধাৰ আচলতে ধাৰ্মিক লাভালাভ ও থাকে যিটো সকলো মানুহে নাজানে। সেইবাবেই হয়তো শিখ ধৰ্মত হাতত খাৰু পিন্ধা বাধ্যতামূলক । জানি আচৰিত হ’ব যে আপোনাৰ হাতত থকা খাৰু যোৰে আপোনাক কেতিয়াবা বহু ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। লগতে এই খাৰু পিন্ধিলে জীৱনত অইন বহু ভাল উপকাৰো পাব পাৰি। বিজ্ঞান সন্মত ভাৱে হাতত খাৰু পিন্ধিলে বহু ৰোগ আৰু ৰোগৰ উপসৰ্গৰ পৰা হাত সাৰিব পাৰি।

benefits of wearing metal bracelet in wrist benefits of wearing metal bracelet in wrist

যদি কোনো ব্যক্তি বিশেষে হাতত তাম্ৰৰ খাৰু পৰিধান কৰে তেন্তে তেওঁ বহু ৰোগৰ পৰা বাচি থাকিব পাৰে , তেওঁৰ ওপৰত বাস্তুৰ সুপ্ৰভাৱ বিস্তাৰ হয়। এই তামৰ খাৰু পিন্ধিলে শৰীৰৰ সন্তুলন ৰক্ষা হয় , শৰীৰত তেজৰ সঞ্চালনত প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰিও সেই ব্যক্তিৰ অৰ্থ লাভৰ যোগ থাকে। যি ব্যক্তিয়ে নিজকে দুৰ্বল বুলি ভাৱে , হীনমান্যতাত ভুগি থাকে তেওঁলোকে তামৰ খাৰু পিন্ধা লাভজনক কিয়নো শুদ্ধ তাম শৰীৰ ৰক্ষক। এই তামৰ খাৰু হাতত পিন্ধিলে কঁকালৰ , ডিঙিৰ বিষ, অস্থিবাত উপশম হয়। কোৱা হয় যে তাম্ৰৰ খাৰু পিন্ধিলে তেজৰ ৰক্তসঞ্চালন নিয়ন্ত্ৰণত থাকে , তেজৰ কলেষ্টৰল নিয়ন্ত্ৰণ হয় আৰু দেহৰ ছাল ভালে থাকে।

benefits of wearing metal bracelet in wrist

লগতে এই ধাতুৰ খাৰু পিন্ধিলে ভূত প্ৰেত আদি নাকাৰাত্মক শক্তিৰ পৰা মুক্তি লাভ হয়। শুদ্ধ তাম্রৰ খাৰু হাতত পিন্ধিলে নিজৰ জনপ্ৰিয়তা বৃদ্ধি হয় যিসমূহ লোকে সমাজ সেৱকৰ কামত নিয়োজিত থাকে।

benefits of wearing metal bracelet in wrist

সোণ অথবা ৰূপৰ খাৰু দুয়োখন হাতত পিন্ধিলে জীৱনত মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰে পিন্ধাজনৰ ওপৰত। ব্যক্তিৰ জীৱনত গ্ৰহ নক্ষত্ৰৰ সুপ্ৰভাৱ পৰে এই দুয়ো ধাতুৰ খাৰু হাতত পৰিধান কৰিলে ফলতে ব্যক্তিৰ পাৰিবাৰিক সুখ শান্তি আহে , মানসিক শান্তি ৰক্ষাত সহায়ক হৈ পৰে। বাৰে বাৰে ৰোগাক্ৰান্ত লোকে এপদ হলেও সোণ নহলে ৰূপৰ খাৰু পৰিধান কৰা উচিত। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰূপৰ খাৰু পৰিধান কৰিলে চন্দ্ৰদোষৰ পৰা মুক্তি লাভ হয়।

benefits of wearing metal bracelet in wrist

জ্যোতিষ শাস্ত্ৰৰ অনুসৰি আৰু কোৱা হৈছে যে যি লোক বাৰ বাৰ ৰোগত পীড়িত হয় সেই লোকে অষ্টধাতুৰ খাৰু পৰিধান কৰা উচিত। আৰু এই অষ্টধাতুৰ খাৰু শনিবাৰৰ দিনা কোনো হনুমান মন্দিৰলৈ গৈ বজৰংবালীৰ ভৰিত ৰাখি হনুমান চালিছাঁ পাঠ কৰি সেই খাৰুত হনুমানৰ সেন্দুৰ লগাই সেই একে শনিবাৰে হাতত পিন্ধিলে বহু পুৰণি ৰোগ পৰা পৰিত্ৰাণ পোৱা যায়।

এনে গুণৰ ছোৱালী পালে সোনকালে বিয়া কৰা উচিত !

জ্যোতিষ শাস্ত্ৰ অনুসৰি সকলো ৰাশিৰ লোকে যিকোনো ধাতুৰ খাৰু পিন্ধিলে সুফল নাপায় ; তাম্ৰৰ খাৰু মেষ ৰাশি, সিংহ ৰাশি আৰু বৃশ্চিক ৰাশিৰ লোকৰ বাবে অত্যন্ত লাভজনক। সোণৰ খাৰু বিশেষকৈ তুলা ৰাশি, বৃষ ৰাশি, মীন আৰু ধনু আদি ৰাশিৰ লোকৰ বাবে লাভজনক। আৰু ৰূপৰ খাৰু তুলা ৰাশিৰ ব্যক্তিয়ে বিনা দ্বিধাই পিন্ধিব পাৰে আৰু লাভজনক মান্যতা দিয়া হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *