Assamese belief

বিবাহিত মহিলাই এই পাঁচোটা বস্তু আনক দান কৰিব নালাগে ! – Vastu Sastra..

  এগৰাকী বিবাহিত মহিলা হৈছে স্বামী গৃহৰ লক্ষ্মী স্বৰূপ । এই লক্ষ্মীৰ হাতত সীমাবদ্ধ থাকে স্বামীৰ ঘৰ খনৰ সুখ শান্তি আৰু সমৃদ্ধি। সেয়ে বিবাহিত মহিলা গৰাকীয়ে নিজৰ আৰু পৰিয়ালৰ হিটৰ বাবে যেনেকৈ কিছু বাধ্য বাধকতা আৰু অনুশাসন মানি চলা উচিত ঠিক একেদৰে তেওঁলোকে ঘৰখনৰ আৰু তেওঁলোকৰ ব্যক্তিগত কিছুমান বস্তু আনক দিব বা দান কৰিব নালাগে। নহলে নিজৰ আৰু ঘৰখনলৈ অপাই অমংগল আৰু ঘোৰ আমানিশা নামি আহিব পাৰে ,ঘৰৰ বাস্তু ত কুপ্ৰভাব পৰিব পাৰে। সেই বস্তকেইপদ হৈছে :-

assamese beliefs

১) এগৰাকী বিবাহিত মহিলাই নিজে ব্যৱহাৰ কৰা সেন্দুৰ আনক কেতিয়াও দান কৰিব নালাগে বা ব্যৱহাৰ কৰিবলৈ দিব নালাগে । যদিহে দান কৰাৰ বা ব্যৱহাৰৰ বাবে দিয়াৰ অত্যন্ত প্ৰয়োজন তেনেহলে বজাৰৰ পৰা কিনি দান কৰা উচিত। নিজে ব্যৱহাৰ কৰি থকা সেন্দুৰ আনক দিলে সেই মহিলাৰ স্বামীৰ বাবে আৰু ঘৰখনৰ অমংগল বুলি মান্যতা দিয়া হয়।

২) এগৰাকী মহিলাই নিজৰ বিয়াত পিন্ধা পুৰণি কাপোৰ আনক দান কৰিব নালাগে। এনে কৰিলে নিজৰ ক্ষতি হোৱাৰ লগতে নিজৰ আত্মীয় লোকৰ দুৰাৰোগ্য ব্যাধি হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। কিন্তু বিয়াত পিন্ধা কাপোৰৰ বাহিৰে অইন পুৰণি বস্ত্ৰ দান কৰাত বাধা নাথাকে।

love marriage Vs arrange marriage which is better ?

৩)-বিবাহিত মহিলাই দা কটাৰি , কুঠাৰ ,চুৰি, কাঁচি আদি আনক দান কৰা অনুচিত। এনে কৰিলে নিজৰ সংসাৰত আউল লগাৰ সম্ভৱনা থাকে।

অনামিকা আঙুলি যদি তৰ্জনীতকৈ ডাঙৰ তেন্তে আপুনি Genius !

Continue reading main post …

৪) নিজৰ ঘৰত ব্যৱহাৰ কৰা ঝাড়ু আনক দিব নালাগে। এনে কৰাৰ ফলত মা লক্ষ্মী ক্ষুদ্ধ হৈ পৰে আৰু ঘৰখনত আৰ্থিক দান্যতা দেখা দিব পাৰে।

৫) বিবাহিত মহিলাই ষ্টীলৰ বাচন বৰ্তন আনক দান কৰিব নালাগে। তেনে কৰা আৰু ঘৰখনলৈ অমংগল মাতি অনা একে কথা হৈ পৰে।

Share it with:

1 Comment

  1. Dhet…faltu message… Jetiya steel or bason borton nasile, tetiya ki korisile

Leave a Reply

Your email address will not be published. Required fields are marked *