THOMAS EDISION

মানসিক ভাৱে strong হ’বলৈ পঢ়ক এই বাৰ্তা । – বিজ্ঞানী থমাছ এদিচনৰ কথাৰে।

 মানসিক ভাৱে শক্তিশালী হোৱা কাক বুজাই জানেনে ? ১৯১৪ চনত বৈজ্ঞানিক থমাছ আলভা এদিচনৰ ফেক্টৰিত জুই লাগিছিল, জুই ইমানেই ভয়ানক আছিল যে সকলো জ্বলি ভস্মীভূত হৈছিল ; যত তেওঁৰ প্ৰায় ২৩ মিলিয়ন আমেৰিকান ডলাৰ লোকচান হৈছিল। যি অগ্নিকাণ্ডত তেওঁৰ পৰীক্ষাগাৰ পৰ্যন্ত জ্বলি  গৈছিল। এই কথা জানিবলৈ পায় থমাছ এলবাৰ্ট এদিছনে যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শুনি আচৰিত লাগিব। তেওঁ কৈছিল, ” Thank God ! ইমানদিনে মই যিসমূহ ভুল কৰিছিলোঁ সেয়া জ্বলি শেষ হৈ গল ভালে হ’ল, এতিয়া মই সকলো নতুনকৈ আৰম্ভ কৰিব পাৰিম”। এজন মানসিক ভাৱে শক্তিশালী লোকৰ এয়াই হৈছে পৰিচয় ; যিজনে জীৱনৰ আটাইতকৈ বেয়া সময়তো নিজকে নিয়ন্ত্ৰণত ৰাখিব পাৰে , যিয়ে সকলো সময়তে positive attitude ৰাখিবলৈ সক্ষম হয়।

THOMAS ALVA EDISON LIFE STORY

  কিন্তু কথাটো হৈছে জন্মগত ভাৱে কোনোৱে মানসিক ভাৱে শক্তিশালী হৈ জন্ম নলয়, যেনেদৰে স্বাস্থ্যকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামে শৰীৰ মজবুট কৰি ৰাখে ঠিক তেনেদৰে কিছুমান অভ্যাসে এজন মানসিক ভাৱে দুৰ্বল মানুহকো মানসিক ভাৱে শক্তিশালী কৰি তোলে। এই মানসিক ভাৱে শক্তিশালী লোকৰ পাঁচোটা অভ্যাস হৈছে :-

১) Establishing boundaries :- ধৰি লোৱা হওঁক আপোনাৰ এনেকুৱা হৈছে যে কোনো এদিন কিবা এটা কাম কৰোঁতে গোটেই দিনটো লাগি গৈছে আৰু তাৰ ফলত দিনটোৰ অইন সকলো কাম, অইন সকলো পৰিকল্পনা ৰখি গৈছিল আৰু পিছত যেতিয়া আপুনি ভাবিলে যে সেই কামটোত যদি হাত নিদিলোঁহেঁতেন তেন্তে বাকী কামবোৰ সুচাৰুভাৱে সমাপ্ত হলহেঁতেন। যদি এই পৰিঘটনা আপোনাৰ সৈতে প্ৰায়ে ঘটে তেন্তে আপুনি জানি লব যে আপুনি মানসিক ভাৱে ইমান শক্তিশালী নহয়। এজন মানসিক ভাৱে শক্তিশালী লোকে নিজৰ boundaries আৰু line of control বুজি পাই। তেওঁ জানে কি কামৰ বাবে “হা” কব লাগে আৰু কোন কামত “না” কব লাগে ; তেওঁ জানে কেনেধৰণৰ আলোচনাত ভাগ লব লাগে আৰু কৰ পৰা আঁতৰি থাকিব লাগে ; তেওঁ জানে কি খাব লাগে আৰু কি নালাগে। এজন মানসিক ভাৱে শক্তিশালী লোক সকলো ক্ষেত্ৰতে selective হয়।

২) Embracing change :- আপুনি জানে যে ইগল হৈছে একমাত্ৰ পক্ষী যিয়ে ৭০ বছৰ জীয়াই থাকে। কিন্তু এই সত্তৰ বছৰ জীয়াবলৈ প্ৰতিটো ইগলকে  একোটা কঠোৰ সিদ্ধান্ত লবলগীয়া হয় কাৰণ ইগলৰ বয়স ৪০ বছৰ পাৰ হোৱাৰ পিছত সেই ইগলৰ ঠোঁট আৰু নখ লগতে পাখি একে নাথাকে যাৰ ফলত ইগল জনী চিকাৰ কৰিবলৈ বহুগুণে অক্ষম হৈ পৰে। লগতে দুহাতৰ দেউনা দুখন ইমানেই ওজন হৈ পৰে যাৰ বাবে এই ইগলে ভালদৰে উৰিবলৈকে অক্ষম হৈ পৰে। এই ৪০ বছৰ পাৰ হোৱাৰ পিছত ইগল পক্ষীয়ে এক আশ্চৰ্যজনক সময়ত ভৰি দিয়ে ।

Way to be confident

 সেই সময়ত ইগলৰ দুটা বিকল্প থাকে হয় ১) নিজে আত্মহত্যা কৰা নহয় ২) জীৱনৰ এক দুখজনক অৱস্থাক আদৰি লোৱা। আৰু এই সময় হৈছে প্ৰায় ১৫০ দিনৰ । যিটো ইগলে জীয়াই থাকিব বিচাৰে সেই ইগলে কোনো পৰ্বতলৈ গুছি যায় আৰু তাতে নিজৰ ঠোঁট পৰ্বতৰ শিলত ঘঁহি আৰু জোৰকৈ মাৰি নিজৰ ঠোঁটকে ভাগি পেলাই । তাৰ পিছত আকৌ ইগলৰ ক্ষুৰধাৰ নতুন ঠোঁট আহি পৰে , এই নতুন ক্ষুৰধাৰ ঠোঁটেৰে ভৰিৰ নখবোৰো খুটি খুটি ভাঙি পেলাই, পিছত ভৰিৰ নখবোৰো ক্ষুৰধাৰ হৈ বাঢ়ি আহে । লগতে দুয়ো দেউনাৰ পাখি সমূহ খুটি খুটি ছিঙি পেলাই আৰু দেউনাৰ ওজন কম হৈ পুনঃ সেই ইগল বহু ওপৰলৈ উৰিব পৰা হৈ পৰে। আৰু এই বেদনাদায়ক ১৫০ দিন যি ইগলে সহ্য কৰিব পাৰে সেই ইগলে পুনৰ নতুন জীৱন লাভ কৰে।

  যেতিয়া বৰষুণ হয় সকলো চৰাই কোনো নিৰাপদ, বৰষুণ নপৰা ঠাইত আশ্ৰয় লয় ; বিপৰীতে ইগল এনে এক পক্ষী যিয়ে বৰষুণত কোনো আশ্ৰয় স্থল নিবিচাৰে বৰং মেঘৰ ওপৰত উৰি নিজক বৰষুণৰ পৰা ৰক্ষা কৰাৰ সাহস ৰাখে । ঠিক একেদৰে এজন মানসিক ভাৱে সফল ব্যক্তিয়ে জীৱনৰ প্ৰতিটো কঠিন মুহূৰ্তত নিজকে embrace কৰি ৰাখিব জানে । তেওঁ ভাল বেয়া সকলো সময়ৰ মুখামুখি হয় আৰু  নিজক শক্তিশালী কৰি গঢ়ি তোলে।

৩) Power of sacrifice :- মানোবিজ্ঞান পঢ়া লোকসকলে জানে যে sacrifice builds resilience, resilience builds strength, strength builds power finally power builds purpose. সহজ ভাষাত কবলৈ হলে কিবা পাবলৈ কিবা হেৰুৱাব লাগিব, জীৱনত কিছু sacrifice কৰিব লাগিব। এটি ভাল স্বাস্থ্য পাবলৈ হ’লে জীৱনৰ পৰা ফাষ্টফুড আৰু যাঙ্কফুড ( fast food and junk food) এৰিব লাগিব, জীৱনৰ যিকোনো ডাঙৰ প্ৰাপ্তি sacrifice অবিহনে সম্ভৱ নহয়। লাগিলে যিয়ে নহওঁক মানসিক ভাৱে শক্তিশালী লোকে sacrifice কৰিবলৈ ভয় নকৰে।

REASONS FOR WHICH PEOPLE CANNOT BE RICH

৪) Embracing failure and mistakes :- যদি আপুনি ভাবিছে যে ইলন মাস্ক নামৰ সফল ব্যৱসায়ী জনে তেওঁৰ সকলো ব্যৱসায় লাভৰ অংকত কৰে তেনেহলে আপোনাৰ এই ধাৰণা সম্পূৰ্ণ ভুল । তেওঁ এটি সাক্ষাৎকাৰত কৈছিল, ” I want to be able to make sure that we have enough capital to survive at least three consecutive losses “. এই কথাৰ পৰা বুজিব পাৰি যে লোক এজন মানসিক ভাৱে শক্তিশালী হলে তেওঁ সদায় কৃতকাৰ্যৰ বাবেই পৰিকল্পনা কৰিব সেয়া নহয় ; তেওঁ বিফলতাৰ পৰিকল্পনা খিনিও লগতে কৰি ৰাখিব পাৰিব লাগিব।

৫) Self love :- যদি আপুনি নিজকে ভাল নাপায় তেন্তে আপুনি আনক কেনেকৈ ভাল পাব পাৰিব ? এই self love এ নিজৰ মাজত self respect আৰু self instinct বঢ়াই তোলে, নিজৰ আত্মবিশ্বাস বঢ়াই, নিজক আত্মনিৰ্ভৰশীল কৰি তোলে। সেই কাৰণে মানসিক ভাৱে শক্তিশালী হ’বলৈ এইটো এটা ভাল অভ্যাস । কথাবোৰ ভাল লাগিলে বিলাই দিব।

জীৱন সফল কৰিবলৈ অবশ্যে তলত ক্লিক কৰি পঢ়ক বিজ্ঞানী  ষ্টিফেন্স হকিন্সৰ জীৱনৰ বিষয়ে

নিজকে এনেকৈ প্ৰস্তুত কৰক সাফল্য হাতৰ মুঠিত !

হিট কমেদি ভিডীঅ’ 👇👇 বুৰ্বক চাকৰৰ বিলৈ 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *