Signs of extra ordinary person !

অনামিকা আঙুলি যদি তৰ্জনীতকৈ ডাঙৰ তেন্তে আপুনি Genius !

  পৃথিৱীৰ প্ৰত্যেক মানুহে আশা কৰে যে তেওঁৰ মন আৰু মগজু ছাৰ আইজাক নিউটন, এলবাৰ্ট আইনষ্টাইন, নিক’লাচ টেছলা আদি বিজ্ঞানী সকলৰ দৰে হওঁক । প্ৰত্যেক মানুহ যে নিজে জিনিয়াছ Genius) হ’ব বিচাৰে সেয়া ধ্ৰুৱ সত্য ; কিন্ত সকলোৱে নোৱাৰে! আচলতে জিনিয়াছ হ’বলৈ কি কি গুণৰ প্ৰয়োজন কি কি গুণ সমূহ পৃথিৱীৰ জিনিয়াছ লোক সকলৰ আছিল বা থাকে তাৰে কেইটামান কথা উল্লেখ কৰিব বিচৰা হৈছে। আৰু এই গুণ সমূহ যদি আপোনাৰ সৈতে আছে তেন্তে ধৰিব পাৰে আপুনিও কিছু দিনৰ ভিতৰতে জিনিয়াছ হৈ যাব পাৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক গৱেষণা অনুসৰি এনে কিছুমান তথ্যৰ কথা জানিব পৰা গৈছে যে যদি আপুনি এই গুণ সমূহ অৱগত হয় তেন্তে আপুনি সহজতে কৈ দিব পাৰিব যে আপোনাৰ সন্মুখৰ ব্যক্তিজন এজন জিনিয়াছ। আৰু আপুনিও যদি বিভ্ৰান্তিত আছে যে আপুনি জিনিয়াছ হয় নে নহয় তেন্তে ভালদৰে জানি লওঁক এই কথা কিয়নো এই কথা জনাৰ পিছত আপুনি বুজিব পাৰিব যে আপুনি এজন extra ordinary ব্যক্তি নে মাত্ৰ এজন ordinary ব্যক্তি।

Advertisement

৫) A genius has bigger ring finger than index finger :- কেম্ব্ৰিজ বিশ্ববিদ্যালৰ গৱেষক অধ্যাপক জন পলে প্ৰকাশ কৰিছে যে যি ব্যক্তিৰ অনামিকা আঙুলি (Ring finger) তৰ্জনী আঙুলিতকৈ ( Index finger) ডাঙৰ হয় তেনে লোক অইন লোকতকৈ বেছি বুদ্ধিমান আৰু কৰ্মদক্ষ হয়।

Signs of extra ordinary person !Signs of extra ordinary person !

 এনে লোকে কঠিন গাণিতিক সমস্যা সহজে সমাধান কৰিব পাৰে। আৰু এই লক্ষণ যদি আপোনাৰ আছে তেন্তে আপুনিও এজন জিনিয়াছ। এই লক্ষণ পৃথিৱীৰ ৩০% লোকৰ মাজত পোৱা যায়। আজি আপোনাৰ পৰিস্থিতি যিমানেই বেয়া নহওঁক , যদিও আজি জীৱনত বহু যুদ্ধ কৰি আছে তথাপিও জানিব আপুনিও এজন জিনিয়াছ যদিহে আপোনাৰ হাতত এনে আঙুলি আছে।

৪) A genius always like to read :- এবাৰ এটি সাক্ষাৎকাৰত বিশ্ব প্ৰসিদ্ধ বিনিয়োগ কাৰী এলন মাস্কৰ ভায়েকক প্ৰশ্ন কৰা হৈছিল যে, “এলন মাস্কৰ বাল্য কালৰ পৰা আজি পৰ্য্যন্ত আটাইতকৈ বেছি প্রিয় কাম কি”? উত্তৰত কৈছিল, ” He likes to read a lot ” বুলি। অৰ্থাৎ এলন মাস্কে তেওঁৰ বাল্য কালৰ পৰাই দৈনিক দুই তিনিখন কিতাপ পঢ়ি শেষ কৰি পেলাইছিল। ইয়াতে অকল পাঠ্যক্ৰমৰ কিতাপৰ কথাকে কোৱা হোৱা নাই, ইয়াত কোৱা হৈছে পাঠ্যক্ৰমৰ উপৰিও নিজকে উন্নত কৰিব পৰা কিতাপ ( Self improvement book ) ৰ কথাও।

Signs of extra ordinary person !

আৰু আপুনিও যদি কিতাপ পঢ়ি ভাল পায় আৰু আপোনাৰ নতুন বিষয় বস্তু জানিবলৈ ইচ্ছা থাকে , জীৱনৰ প্ৰত্যেক মুহূৰ্তত কিবা শিকিব বিচাৰে তেন্তে আপুনিও এই জিনিয়াছৰ শাৰীত পৰিব।

৩) A genius like loneliness :- হাবাৰ্ড বিশ্ববিদ্যালয়ৰ এটি গৱেষণাৰ পৰা প্ৰকাশ যে যি মানুহ অসামাজিক আৰু অকলে থাকি ভাল পায় তেনে মানুহ অইন লোকৰ তুলনাত বুদ্ধিমান আৰু তেওঁলোকৰ IQ লেভেল বেছি থাকে। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটনৰ মাজত এই গুণ বিৰাজমান আছিল। বেছিভাগ জিনীয়াছ মানুহ অইন লোকৰ তুলনাত কম সামাজিক হৈ থাকে। কিন্ত এইটোও ভুল যে বহু সামাজিক হৈ থকা লোক কেতিয়াও জিনীয়াছ হ’ব নোৱাৰিব।

২) A genius like to stay late at night :- বহু গৱেষণাই এইটো প্ৰকাশ কৰে যে যি ব্যক্তি দেৰিকৈ ৰাতি কাম কৰি ভাল পাই, যি লোকে ৰাতি বেছি নিজকে কৰ্মপটু অনুভৱ কৰে তেনে লোক অইন লোকৰ তুলনাত বেছি IQ সম্পন্ন হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি গোটেই ৰাতি জাগি থাকি পঢ়া শুনা কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব, কিয়নো ৰাতি দেৰিকৈ কাম নকৰা মানুহৰ IQ ও নিশ্চিত ভাবে বেছি থাকিব পাৰে আৰু বহু বুদ্ধিমান লোকে ৰাতি কাম কৰি ভাল নাপায়। অৰ্থাৎ ব্যতিক্ৰম সদায় ব্যতিক্ৰম। আৰু

১) এই গুণটি হৈছে অতি দুষ্প্ৰাপ্য অৰ্থাৎ অতি কম সংখ্যক লোকৰ ক্ষেত্ৰতহে এই গুণ পোৱা যায় । পৃথিৱীত এনে কিছুমান মানুহ আছে যাৰ তেজৰ গ্ৰুপ O+ আৰু এই গ্রুপৰ লোক পৃথিৱীত অনেক বেছি বিপৰীতে AB+ গ্রুপৰ লোকৰ সংখ্যা আটাইতকৈ কম । এটি গৱেষণাত প্ৰকাশ যে AB + গ্রুপৰ লোকৰ মগজুৰ ক্ষমতা অইন লোকৰ তুলনাত বেছি হয়। আৰু যদিহে আপোনাৰ তেজৰ গ্ৰুপ AB+ নহয় তেন্তে আপুনিও বহুত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ তলত নিজৰ IQ লেভেল বঢ়াই তোলাৰ কেইটামান টিপছ্ দিয়া হৈছে।

ক) Listen binaural beats on regular basis :- মানুহৰ মগজুৰ বাবে সংগীতৰ প্ৰয়োজন আপোনালোকৰ সকলোৰে জ্ঞাত । সংগীতৰ ইমানেই বেছি শক্তি থাকে যে ই ক্ষতিসাধন হোৱা মগজুৰ কোষ সমূহকো পুনৰোজ্জীৱিত কৰিব পাৰে। সেয়ে কোৱা হয় মগজুৰ IQ বৃদ্ধি কৰিবলৈ binaural beats শুনা অতি লাভজনক যি you tube ত সহজে পাব পাৰি। এই beat নিয়মিত শুনিলে মনোযোগ, learning আৰু focus বৃদ্ধি হয়, স্মৃতি শক্তি বৃদ্ধি কৰে।
খ ) ধ্যান ( meditation ) :- প্ৰত্যেকদিন ১৫ ৰ পৰা ২০ মিনিট ধ্যান কৰিলে মাত্ৰ ২০ দিনৰ ভিতৰতে মনোযোগ বৃদ্ধি হৈ পৰে। আনকি কোৱা হয় শিক্ষাৰ্থী সকলে পঢ়া টেবুলৰ আগতে অতি কমেও ১০ মিনিট ধ্যান কৰিলে তেওঁলোকৰ performance বহুখিনি বৃদ্ধি হয়।

মানুহৰ দেহৰ কিছু আচৰিত কথা জানিবলৈ তলত ক্লিক কৰক

মানুহৰ দেহৰ ১৪ টি চমৎকাৰী কথা ! শুনিলে আচৰিত হৈ পৰিব আপুনি !

 

হিট কমেডী ভিডিঅ, দ্বিতীয় বিবাহ 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *