reason-of-dog-barking-at-night

মাজৰাতি কুকুৰে আকাশৰ ফালে মুখ কৰি কিয় ভুকে ?

মাজৰাতি কুকুৰে আকাশৰ ফালে মুখ কৰি কিয় ভুকে ?

দুভাগৰাতি বিছনাৰ পৰা শুনা যায় বাহিৰত প্ৰচণ্ড চিঞৰ বাখৰ কৰি কুকুৰে ভুকিছে, কেতিয়াবা পুৱতি নিশা প্ৰচণ্ড জোৰেৰে কুকুৰে ভুকিছে আৰু সেয়া শুনি বহুতৰ মনত প্ৰশ্ন হয় কিয় ভুকিছে কুকুৰে আৰু কোনোবাই যদি উঠিও চাই একো দেখিবলৈ নাপায় কুকুৰে ভুকি মৰাৰ কাৰণ । তথাপিও কান্দি কান্দি আকুল ব্যাকুল হোৱাৰ দৰে দুভাগ ৰাতি কুকুৰে কিয় ভুকি থাকে ?

Why dogs bark at night

পৃথিৱীত যিমান পশু পক্ষী আছে তাৰে অতি নিকৃষ্ট মানৰ পশু হৈছে কুকুৰ। মানুহে কুকুৰ দেখিলেই লাঠিৰে খেদি দিয়ে , লেই লেই চেই চেই কৰে। তাৰে ভিতৰত বহুতে আকৌ কুকুৰ পালন কৰে কিয়নো কুকুৰ হেনো প্ৰভুভক্ত।

এজন মানুহ এবাৰ এটি পথেৰে গৈ আছিল আৰু গৈ থাকোঁতে তেওঁ এটি পুৰণি অট্টালিকা দেখিবলৈ পাইছিল আৰু সেই অট্টালিকা দেখি তেওঁৰ কৌতুহল জাগিছিল বাবে তেওঁ অট্টালিকাটো চাৰিওফালে ঘূৰি ঘূৰি প্ৰত্যক্ষ কৰিছিল। লগতে অট্টালিকাৰ কাষতে এখন ফলকত এজন ব্যক্তিৰ নাম লিখা আছিল যিজন লোকৰ পৰা সকলোৱে সেই অট্টালিকাৰ বুৰঞ্জী জানিবলৈ পাৰিব বুলি। সেই অনুসৰি তেওঁ সেই লোকজনৰ ঘৰলৈ গৈ অট্টালিকাটোৰ বিষয়ে প্ৰশ্ন কৰিছিল যদিও গাওঁৰ সেই লোকজনে সম্পূৰ্ণ তথ্য দিয়াত সফল হব নোৱাৰিছিল। সেইবাবে তেওঁ সেই গাওঁৰ আন বহু লোকক লগ কৰি প্ৰশ্ন কৰিছিল যদিও কাৰোৰে পৰা অট্টালিকাটোৰ সবিশেষ তথ্য পাবলৈ সক্ষম হোৱা নাছিল। তথ্য বিচাৰি বিচাৰি তেওঁ সেই গাঁওৰ এজন বৃদ্ধ লোকৰ ঘৰ পাইছিল । বৃদ্ধ লোকজনক তেওঁ প্ৰশ্ন কৰিলে, ” মই এই গাঁৱৰ মাজেৰে পাৰ হৈ আহোঁতে এটি পুৰণি অট্টালিকা দেখা পালোঁ আৰু অট্টালিকা টোৰ বিষয়ে জানিবলৈ কৌতুহল হোৱাত গাঁৱৰ প্ৰায় চল্লিশ জন লোকক ইতিমধ্যে সুধিলোঁ কিন্তু কোনোৱে এই অট্টালিকাৰ বিষয়ে সবিশেষ তথ্য দিব নোৱাৰিলে এতিয়া আপুনিয়ে কওঁকচোন এই অট্টালিকাৰ আয়ুস কিমান আৰু সেইটো কোনে নিৰ্মাণ কৰিছিল “? বৃদ্ধ লোকজনে উত্তৰ দিছিল, ” হেৰ’ , তুমি কাক সুধিছিলা সেই ডেকা লোকসকলক, মোৰ আজি ২০০ বছৰ হৈছে তথাপিও মই সেই অট্টালিকাটো নিৰ্মান কৰা দেখা নাছিলোঁ , মাত্ৰ মই মোৰ কঁকাৰ মুখত সেই অট্টালিকাৰ কাহিনী শুনিছিলোঁ”। তাৰ পিছত বৃদ্ধই কৈছিল, ” তুমি যিটো পথেৰে আহিছা এই পথৰ সোঁ আৰু বাওঁফালে যিমান মাটি দেখিছা এই সকলো মাটিৰ গৰাকী আছিল এজন জমিদাৰ যাৰ বহু চাকৰ আছিল আৰু তেওঁৰ পৰিচাৰ্য কৰা লোকৰ অভাৱ নাছিল , লগতে সেই জমিদাৰৰ এটি পোহনীয়া কুকুৰ আছিল, কুকুৰ টোৱে জমিদাৰক বহুত ভাল পাইছিল , এক মিনিটৰ বাবেও কুকুৰটোৱে জমিদাৰৰ সংগ নেৰিছিল , জমিদাৰে যেতিয়া গা ধুৱে তেতিয়া কুকুৰটোৱে জমিদাৰৰ কাপোৰ পহৰা দিছিল, জমিদাৰ যেতিয়া শৌচালয়লৈ যায় তেতিয়া কুকুৰটোৱে শৌচালয়লৰ দৰ্জাৰ সন্মুখত পহৰা দিছিল, জমিদাৰ শুবলৈ গলে কুকুৰটোৱে শুৱনি কোঠাৰ ইফাল সিফাল পহৰা দিছিল”।

Reason of dogs barking at night

 তাৰ পিছত বৃদ্ধ লোকজনে কৈছিল যে হঠাৎ এদিন জমিদাৰ এক উচ্চপদস্থ মিটিংত যাব লগীয়া হোৱাত কুকুৰটোক বুদ্ধি কৰি এটি কোঠালীৰ ভিতৰত শিকলিৰে বান্ধি বন্দী কৰি থৈ গৈছিল আৰু ঘৰৰ লগুৱাক কৈ গৈছিল তেওঁৰ বাবে খাদ্য প্ৰস্তুত কৰি ৰাখিবলৈ যিহেতু তেওঁ বাহিৰৰ খাদ্য খাবলৈ পছন্দ নকৰিছিল। জমিদাৰে কুকুৰ টোক লগত লৈ নোযোৱা হেতুকে কুকুৰ টোৱে বহু সময় ধৰি বিকত চিঞৰ বাখৰ কৰি কন্দা কটা কৰিছিল যি কথা জমিদাৰৰ ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল আনকি জমিদাৰৰ খাদ্য প্ৰস্তুতৰ দায়িত্বত থকা মুখেৰে কথা কব নোৱাৰা চাকৰণী জনিয়ো কুকুৰটোৰ সেই কাৰ্যকলাপ চাবলৈ পাকঘৰৰ পৰা কুকুৰটোৰ ওচৰলৈ দৌৰ মাৰি গৈছিল। কিন্তু চাকৰণী জনিয়ে পাকঘৰৰ পৰা ওলাই যাওঁতে জমিদাৰৰ বাবে প্ৰস্তুত কৰা খাদ্যবস্তু ঢাকি থৈ যাবলৈ পাহৰিছিল। তেনেতে এটি কলা বিষাক্ত সাপে খাদ্যবস্তু খিনিত মুখ দিছিল আৰু আঁতৰি গৈছিল সেই কথা বোবা চাকৰণী জনীয়ে পাক ঘৰটোলৈ উভতি গৈ প্ৰত্যক্ষ কৰিছিল আৰু তাই ভয়তে জমিদাৰ অহা পৰ্য্যন্ত পাকঘৰতে বহি ৰৈছিল। এনেতে জমিদাৰ ঘূৰি আহি পাকঘৰত প্ৰৱেশ কৰোঁতে বোবা চাকৰণীয়ে খাদ্যত সাপে মুখ দিয়া কথা আকাৰে ইংগিতে বুজাবলৈ চেষ্টা কৰিছিল যদিও জমিদাৰে বুজি পোৱা নাছিল আৰু বোবা চাকৰণীৰ কথা বুজিবলৈও চেষ্টা কৰা নাছিল, কিছু মুহূৰ্ততে জমিদাৰে সেই খাদ্যত হাত দিছিল । একে সময়তে সিটো কোঠাত থকা কুকুৰটোকো এজন লগুৱাই এৰাল দিয়াত কুকুৰটোৱে ঢাপলি মাৰি জমিদাৰৰ ওচৰ পায়েই আকৌ প্ৰচণ্ড চিঞৰ বাখৰ আৰম্ভণি কৰিছিল । জমিদাৰে ধমকি দিছিল যদিও কুকুৰটি নিয়ন্ত্ৰণ নহৈছিল । যেতিয়া জমিদাৰে সেই খাদ্যৰ বাচন নিজৰ খোৱা টেবুলত লৈছিল কুকুৰটিয়ে আৰু বেছি পাগলৰ দৰে আচৰণ কৰিছিল আৰু বাচনৰ কিছু খাদ্য আজুৰি পেলাই দিছিল । তাকে দেখি জমিদাৰৰ ভীষণ খং উঠিছিল আৰু কুকুৰটিক এডাল লাঠিৰে মৰিয়াই দিছিল যাৰ ফলত কুকুৰটো ৰক্তাক্ত হৈ গৈছিল তথাপিও শান্ত হোৱা নাছিল কুকুৰটো। মৌজাদাৰে ইতিমধ্যে কুকুৰৰ ঠেং লগা বাবে খাদ্য খিনি নাখাব বুলি ঠিৰাং কৰিছিল । কুকুৰক শান্ত কৰা বাদ দি মৌজাদাৰ বহি পৰিছিল নিজৰ চকীত আৰু তাকে দেখি ৰক্তাক্ত কুকুৰটো জাপ মাৰি গৈ খাদ্যৰ বাচনৰ খাদ্য কিছু খাই পেলাইছিল ।

অসমীয়া হিট ভিডিঅ’ – দুখীয়াৰ ভোক

Continue reading main post…

 

জমিদাৰ খঙত অগ্নিশৰ্মা হৈ মনে মনে ভাবিছিল যে কুকুৰটো পগলা হৈছে তাক মাৰি পেলোৱা ভাল হ’ব। হঠাতে দৃশ্যপত সলনি হৈছিল, জমিদাৰে কুকুৰটোক মাৰি পেলাবৰ কোনো প্ৰয়োজন নহৈছিল , কুকুৰটো কিছু সময়ৰ ভিতৰতে দুৰ্বল হৈ পৰিছিল, মুখেৰে ফেন ওলাই গৈছিল আৰু দুই মিনিটৰ ভিতৰতে মৰিও গৈছিল। জমিদাৰৰ তেতিয়া চকু খোল খাইছিল আৰু চিন্তা কৰিছিল কিয় কুকুৰটো খাদ্যখিনি খোৱাৰ পিছত হঠাতে মৃত্যু হৈছিল। জমিদাৰে পুনৰ বোবা ছোৱালীজনীক প্ৰশ্ন কৰিছিল , সুধিছিল আচলতে কি হৈছিল । বোবা ছোৱালী জনীয়ে নিজৰ অংগী ভংগীৰে বুজাই দিছিল যে খাদ্য খিনিত এটা সাপে মুখ দিছিল আৰু তেতিয়াই জমিদাৰে বুজিছিল যে হয়তো সাপটোৱে সেই খাদ্যত বিষ দি থৈ গৈছে আৰু সেইবাবেই কুকুৰটোৰ মৃত্যু হৈছে। অৰ্থাৎ কুকুৰটোয়ে কথা কব নোৱাৰি তেনে অদ্ভুত আচৰণ কৰিছিল জমিদাৰক বুজাবলৈ , কিন্ত যেতিয়া জমিদাৰ বুজি উঠা নাছিল তেতিয়া কুকুৰটোৱে নিজে মৰি হলেও বুজাই দিছিল যে সেই খাদ্য বিষাক্ত আছিল । আৰু তেনেদৰে নিজে মৰি মালিকক ৰক্ষা কৰিছিল সেই কুকুৰ টোৱে। সেয়ে কোৱা হয় কুকুৰ প্ৰভুভক্ত ; নিজৰ ক্ষতি হলেও কুকুৰে নিজৰ মালিকৰ ক্ষতিসাধন হবলৈ নিদিয়ে।

কুকুৰে নেদেখাকৈয়ে তাৰ চৌপাশে কি ঘটি আছে অনুমান কৰিব পাৰে । কিবা বেয়া আৰু বিপদৰ শংকা পালেই সি ভুকি উঠে।

সম বয়সৰ লৰা ছোৱালীৰ বিবাহ হলে ভবিষ্যত কি অসুবিধা হয় জানিবলৈ তলত ক্লিক কৰক

সম বয়সৰ লৰা, ছোৱালীৰ বিবাহে দাম্পত্য জীৱনত সৃষ্টি কৰে অশান্তি !

ৰাতি কুকুৰ আৰু গাধই যি দেখিবলৈ পাই সেয়া মানুহে দেখিবলৈ নাপায়। কুকুৰে ভূত, পিশাস , চোৰ আনকি আপোনাক হিংসা কৰা লোক আদিক ৰাতিৰ আন্ধাৰটো দেখিবলৈ পাই, চিনি পায় । কোনো ব্যক্তিৰ নৰকৰ শাস্তিও কুকুৰে দেখিব আৰু শুনিবলৈ পায় বুলি ধৰ্মবিশ্বাস আছে।

Share it with:

1 Comment

  1. আচল উত্তৰ নাপালো,অদৰকাৰি লেখনি ।

Leave a Reply

Your email address will not be published. Required fields are marked *