Never left your wife alone in three places

  মানুহে যেতিয়া এই জীৱনৰ মৰ্ম সমূহক বুজিবলৈ আৰম্ভণি কৰে তেতিয়া তেওঁ এটি কথা প্ৰথমে বুজে আৰু সেইটো আপুনিও নিজৰ অভিজ্ঞতাৰ অনুভৱৰ পৰা নিশ্চয় বুজি পায় যে যেতিয়া এই মায়াভৰা পৃথিৱীত মানুহে নিজৰ কৰ্মত নিয়োজিত হৈ থাকে এই মায়াৰ সংসাৰত আমি নিজকে ডুবাই দিওঁ আৰু তাৰ পৰা পৰিত্ৰাণ কেতিয়াও নাপাওঁ লগতে ভগবানেও আমাক ইয়াৰ পৰা উদ্ধাৰ নকৰে ; অৰ্থাৎ আমি এই মায়াত বিলীন হৈ পৰো। উদাহৰণ স্বৰূপে যদি কোৱা হয় আপুনি আজিয়ে মোবাইল ফোন এৰি দিয়ক আপুনি কেতিয়াও নোৱাৰে এৰিব , কাৰণ মোবাইল ফোনটো আমাৰ জীৱনৰ এনে এবিধ সামগ্ৰী হৈ পৰিছে যে ইয়াক বাদ দি নিজৰ সফলতা অৰ্জন কৰা অসম্ভৱ হৈ পৰিছে। এখন ফৰ্ম ভৰাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন, এটি গেছৰ ছিলিণ্ডাৰ বুক কৰিবলৈ , এ টি এমত টকা লবলৈ, অনলাইন বেংকিং কৰিবলৈ মোবাইল ফোনৰ প্ৰয়োজন যি মোবাইল আমাৰ বাস্তৱ জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে। ঠিক একেদৰে মানুহ যদি ভালকৈ জীয়াই থাকিব বিচাৰে , এই সংসাৰত সুখেৰে থাকিব বিচাৰে তেন্তে তেওঁক নিজৰ স্ত্ৰীৰ ভালপোৱা, মৰম আৰু শ্ৰদ্ধা – ভক্তি, স্ত্ৰীৰ সংগী ইত্যাদি লাগিবই , ঠিক তেনেদৰে স্ত্ৰীকো পুৰুষৰ সংগ একেধৰণেই প্ৰয়োজন।

Three places where you should not leave you wife alone

 কোনোৱে যদি কয় যে তেওঁ এই মায়াৰ সংসাৰত স্ত্ৰীৰ সংগ বাদ দিব, সকলো কৰিব সেয়া কোনোপধ্যে সম্ভৱপৰ নহয়। যিজন এই সংসাৰত আহিছে , যিজনে এই গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিছে তেওঁ নিজৰ স্ত্ৰীৰ যত্ন লবই লাগিব যেনেদৰে মোবাইল ফোনটোৰ যত্ন লোৱা হয়। উদাহৰণটি হাস্যকৰ লাগিলেও বাস্তৱ কিন্ত সেয়াই। মানুহ যদি সকলো ফালৰ পৰা সফল হ’ব বিচাৰে তেন্তে তেওঁ সকলো দিশৰ পৰা নিজৰ স্ত্ৰীৰ যত্ন লব লাগিব স্ত্ৰীৰ সৈতে নিজৰ ব্যৱহাৰ সুন্দৰ হ’ব লাগিব। বিপৰীতে স্ত্ৰীৰো ব্যৱহাৰ স্বামীৰ সৈতে সুন্দৰ হোৱা উচিত। সংসাৰৰ অশান্তি আৰু খেলিমেলি আৰম্ভণি হয় প্ৰথমে এই ব্যৱহাৰ আৰু উপযুক্ত যত্নৰ অভাৱত। স্বামীয়ে নিজৰ স্ত্ৰীক আৰু স্ত্ৰীয়ে নিজৰ স্বামীক ভালদৰে বুজি নোপোৱাৰ বাবে সংসাৰৰ যত বেমেজালি আহি পৰে, ঘৰত এনেধৰণৰ অশান্তি আহি পৰে সেইবোৰ কল্পনা কৰা নাযায় ; ফলশ্ৰুতিত হৈ পৰে বিবাহ বিচ্ছেদ। সেয়ে এই মায়াৰ সংসাৰত সফল হবলৈ নিজে সুখত ৰবলৈ নিজৰ স্ত্ৰীক কেতিয়াও তিনিটা স্থানত অকলে এৰি দিয়া অনুচিত।

আপোনাৰ ওচৰ চুবুৰীয়া বা নিকটাত্মীয়ই যিমানে নকওঁক কিয় আপোনাৰ স্ত্ৰী বেয়া বুলি, আপোনাৰ স্ত্ৰীৰ হাজাৰ দোষ আছে বুলি তথাপিও সেই সময়তো নিজৰ স্ত্ৰীক অকলশৰীয়া কৰা অনুচিত , সেই সময়তো তেওঁক সমৰ্থন জনোৱা দৰকাৰী। প্ৰকৃত সত্য নজনাকৈ লোকৰ কথাত নিজৰ স্ত্ৰীক অভিযুক্ত কৰা অনুচিত।

Three places where you should not leave you wife alone

নিজৰ স্ত্ৰীক অসুস্থ্য অৱস্থাত কেতিয়াও অকলশৰে এৰা অনুচিত। যিমান কাম বন, যিমান দায়িত্ব নাথাকক সেইবোৰ কৰাও দৰকাৰী কিন্ত তাৰেই অজুহাতত অসুস্থ অৱস্থাত নিজৰ স্ত্ৰীক কেতিয়াও অকলশৰে এৰি দিয়া অনুচিত। কিয়নো আপোনাৰ সেই কামবোৰত সফলতা অৰ্জন কৰিবলৈ নিজৰ স্ত্ৰীৰ যত্ন লোৱা প্রয়োজনীয়। মানুহে সকলো সময়তে নিজৰ কামৰ ব্যস্ততা সমূহৰ বাবে নিজৰ সংগীৰ যত্ন লবলৈ পাহৰি যাওঁ।

তৃতীয়তে যি স্থানত নিজৰ স্ত্ৰীক এৰিব নালাগে সেয়া হৈছে অত্যন্ত ভয়াবহ। পৰ পুৰুষৰ সৈতে নিজৰ স্ত্ৰীক এৰা অনুচিত। নিজে সামৰ্থবান হ’লে স্ত্ৰীৰ স্থানত নিজে গৈ স্ত্ৰীৰ কামবোৰ কৰা দৰকাৰী অৰ্থাৎ পৰৰ ভৰসাত কেতিয়াও নিজৰ স্ত্ৰীক এৰা অনুচিত।

অসমীয়া ভিডিঅ’ – দুখীয়াৰ ভাগৰ দান ধনীয়ে খাই 😍😍

এই তিনি ঠাইত যদি আপুনি নিজৰ স্ত্ৰীৰ সৈতে থিয় দিছে তেন্তে আপুনি অৰ্ধাঙ্গিনীৰ অৰ্ধেক কাম সম্পূৰ্ণ কৰিছে ; ভগৱানে তাকেই কৈছে যে ইজনে সিজনৰ বাবে বহুত ডাঙৰ ডাঙৰ সংকল্প লোৱাৰ কোনো প্ৰয়োজন নাই । শ্ৰীকৃষ্ণই কৈছে, ” সেই মানুহে মোক প্রতিটো ঠাইতে দেখিবলৈ পাব যিয়ে মোক চাব বিচাৰে আৰু মোৰ মনৰ ভিতৰত প্ৰতিজন মানুহক চাব পাৰে “।

 

জীৱনত বেয়া সময় আহিলে কি কৰিব জানিবলৈ তলত ক্লিক কৰক

জীৱনত যেতিয়া অতি বেয়া সময় আহে এই কথ মনত পেলাব !

Share it with:

3 Comments

  1. Many many thanks for advice very good idea for all of us. So many times we feel some topics it will be come from both side but we can’t share each other even I know very well in maximum family but we try to absorb when it has come so many times that can’t afford so that there are one way I think your topics is the best for indirectly understand. Thnx

  2. Nyc I’m impressed very important thankyou…

Leave a Reply

Your email address will not be published. Required fields are marked *