white vaginal discharge in female

মহিলাৰ বগা স্ৰাব কিমান ক্ষতিকাৰক সকলো মহিলাই জানা উচিত !

  মহিলা সকল সদায় ঘৰত আনকি ঘৰৰ বাহিৰত বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে নিজৰ কিছু সৰু সৰু শাৰীৰিক সমস্যাক সদায়ে আওকাণ কৰি থাকে বা থাকিবলৈ বাধ্য হয়। তেওঁলোকে প্ৰথমতে এই সমস্যাক গুৰুত্ব নিদিয়াৰ ফলতে  দিন পাৰ হয় আৰু যেতিয়া গুৰুত্ব দিয়ে তেতিয়া অনেক দেৰি হৈ যায়। এনেধৰণৰ এটি সমস্যা মহিলাৰ ক্ষেত্ৰত প্ৰায় দেখা যায় সেয়া হৈছে ” বগা যোনি স্ৰাব” ( White vaginal discharge ) । প্ৰথমে ইয়াক মহিলা সকলে একেবাৰে গুৰুত্ব নিদিয়ে কিয়নো ইয়াক সাধাৰণ বুলি ভাবে। কিন্ত ইয়াক যদি গুৰুত্ব দিয়া নাযায় ভৱিষ্যত ইয়ে মাৰাত্মক আকাৰ ধাৰণ কৰিব পাৰে।

white vaginal discharge in female

মহিলাৰ ক্ষেত্ৰত বগা স্ৰাব বা white discharge হৈছে এটি সাধাৰণ শাৰীৰিক ( normal physiological phenomenon ) প্ৰক্ৰিয়া যিটোৱে মহিলাৰ দেহত কোনো অসুবিধাৰ সৃষ্টি নকৰে । কিন্তু যদি এই স্ৰাব অন্য ধৰণৰ হয়, দুৰ্গন্ধ যুক্ত হয়, ভিন্ন ৰঙৰ হয়, পৰিমাণত বহুত বেছি হয় তেতিয়াহে চিন্তাৰ কাৰণ হৈ উঠে আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী হৈ পৰে অন্যথা ই অন্য ৰূপ ধাৰণ কৰিব পাৰে। এই বগা স্ৰাব অনেক ধৰণৰ হ’ব পাৰে । সাধাৰণতে ই পাতল বা ঘন বগা হয় কিন্ত ক্ষেত্ৰ বিশেষে ইয়াৰ ৰং সলনি হয়। যেতিয়া ই বগা ৰঙৰ হৈ দুৰ্গন্ধযুক্ত হয় তেতিয়া ইয়াক গুৰুত্ব দিয়া উচিত আৰু চিকিৎসা কৰা দৰকাৰী। বহু সময়ত বগা হলেও সেয়া যদি কেঁচা মাছৰ দৰে গোন্ধযুক্ত হয় তেন্তে ই আৰু বেছি সমস্যা জনক কিয়নো এনে অৱস্থাই যোনিৰ ভিতৰত ভেঁকুৰৰ সংক্ৰমণ ( Yeast infection of vagina ) নিশ্চিত কৰে। যেতিয়া এই স্ৰাব হালধীয়া দেখা যায় তেতিয়াও কিন্তু ভয়ৰ কাৰণ থাকে কাৰণ এই ক্ষেত্ৰত যোনিত বেক্টেৰিয়া সংক্ৰমণ হোৱাৰ আশংকা ঘনীভূত হয়। ইয়াৰ উপৰিও যদিহে মহিলাই অসংৰক্ষিত ভাৱে বহুজনৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰে তেতিয়াও এই হালধীয়া স্ৰাব দেখা দিব পাৰে যাক যৌন সংক্ৰমক ৰোগ বুলি কোৱা হয়। আৰু এনে সময়ত চিকিৎসকৰ পৰামৰ্শ অৱশ্যে দৰকাৰী।

Advertisement

ঋতুস্ৰাৱৰ আগে পিছে আৰু মহিলাৰ সম্পূৰ্ণ ৰূপে ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ( menopause) অলপ পাতলীয়া বগা স্ৰাব নিৰ্গত হোৱা স্বাভাৱিক , তাৰ বাবে কোনো ভয়ৰ কাৰণ নাথাকে। কিন্ত যদি এই স্ৰাব যথেষ্ট ডাঠ, যদি পৰিমাণত যথেষ্ট বেছি বা ৰঙৰ পৰিৱৰ্তন আছে তেন্তে ই চিন্তাৰ কাৰণ হৈ পৰিব। ই মহিলাৰ ছাৰভিক্স ( cervix) ৰ কেঞ্চাৰৰ লক্ষণ হব পাৰে।

Walking style identify characters of a girl

সেয়ে এই স্ৰাব যদি দুই এদিনৰ ভিতৰত ভাল হোৱা নাই তেন্তে চিকিৎসাৰ প্ৰয়োজন। আৰু যদি এই স্ৰাব নিৰ্গত হোৱাৰ লগতে শৰীৰত জৰ, তলপেটৰ বিষ আৰু যন্ত্ৰণা, দেহৰ ওজন কমি যোৱা আৰু অত্যাধিক স্ৰাব নিৰ্গত হোৱা আদি লক্ষণ আছে তেন্তে চিন্তনীয়।

এই সংক্ৰমিত স্ৰাব নিৰ্গত হোৱাৰ কাৰণ সমূহ ঘাইকৈ পেচাব কৰি পানী নোলোৱাকৈ থকা, কদৰ্যমই public toilet ত পেচাব কৰা, বছৰ বছৰ ধৰি গৰ্ভ নিৰোধক বড়ি সেৱন, গৰ্ভপাত কৰাৰ পিছত, বেছি সময় পেচাব ধৰি ৰখা, অসুৰক্ষিত যৌন আচৰণ, অত্যন্ত মানসিক চাপ, মধুমেহ ৰোগত আক্ৰান্ত হলে, গৰ্ভৱতী অৱস্থা , দহ দিনতকৈ অধিক এন্তিবায়টিক দৰৱ সেৱন, দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস আদিয়ে প্ৰধান।

হিট কমেডি ভিডিঅ’ 👇👇মুল্যবৃদ্ধিৰ দিনৰ মহাকৃপণ 😂😂

continue reading main post…

ইয়াৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধ :-

ইতিমধ্যে যদি কাৰোবাৰ এই লক্ষণ সমূহ দেখা দিছে তেন্তে অৱশ্যে এজন স্ত্ৰী ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ দৰকাৰী। আৰু এই সমস্যাটোৰ পৰা দূৰৈত থাকিবলৈ হলে তলৰ নিয়ম সমূহ পালন কৰা উচিত। কিয়নো Prevention is better than cure বুলি কোৱা হয়।

১) পেচাব পাইখানা কৰাৰ পিছত অৱশ্যে ভালকৈ পৰিষ্কাৰ কৰি ধুব লাগে যাতে পাইখানাৰ পথৰ পৰা বেক্টেৰিয়া পেচাবৰ দুৱাৰমুখত প্ৰৱেশ কৰিব নোৱাৰে।

২) কটনৰ হাফপেন্ট পৰিধান কৰা উত্তম যাৰ ফলত ভিতৰৰ ঠাই সমূহ শুকান আৰু পৰিষ্কাৰ হৈ ৰয়, ৰাতিৰ সময়ত হাফপেন্ট নিপিন্ধা ভাল।

৩) হাফপেন্ট পিন্ধাৰ পিছত যদি মূত্ৰনলীৰ খজুৱতি হয় তেতিয়া কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা ডেটাৰজেন্ট ( detergent ) সলনি কৰা দৰকাৰী।

৪) কন্দম আৰু শুক্ৰাণু ধ্বংস কৰা ঔষধি gel ব্যৱহাৰৰ পিছত যদি মহিলাই খজুৱতি অনুভৱ কৰে সেয়াও পৰিহাৰ কৰা দৰকাৰী।

৫) গৰম পানীৰ তাবত গা ধোৱা পৰিহাৰ কৰা।

৬) অসুৰক্ষিত যৌন ক্ৰিয়াৰ পৰা বিৰত থকা।

৭) যৌন ক্ৰিয়াৰ আগে আৰু পিছে পেচাব কৰা।

৮) নিয়মিত ৮-১০ গিলাচ পানী সেৱন কৰা আদিয়ে ঘাই

কি কি খাদ্যই nerve ৰ সমস্যা দুৰ কৰে জানিবলৈ তলত ক্লিক কৰক 

এই খাদ্যই গেৰান্টী সহকাৰে Nerveৰ সমস্যা দূৰ কৰিব!!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *