এদিন গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু কৈছিল, ” হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছোঁ , নিজকে সলনি কৰি অনেক ভাল হৈ গৈছোঁ সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে বৰং মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ; যেতিয়ালৈ মই আপোনাৰ শিষ্য হোৱা নাছিলোঁ তেতিয়ালৈ মানুহে মোক ভয় কৰিছিল কিয়নো মই তেতিয়া বৰ খঙাল আছিলোঁ , সেই সময়ত মই কাৰোবাক মৃত্যুদণ্ড দিবলৈ এক মিনিটো সময় নালাগিছিল “। “হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হ’লো সিদিনাৰ পৰা খং কৰা বন্ধ কৰিছোঁ, কোনো লোকক মৃত্যুদণ্ড দিয়া বন্ধ কৰিছোঁ আৰু সকলো মানুহক ভাল পাব শিকিছোঁ, কিন্তু কিছুমান মানুহে মোৰ এই সৰলতাৰ সুযোগ লবলৈ আৰম্ভ কৰিছে যাৰ কাৰণে হয়টো মোৰ সাধাৰণ প্ৰজা সকলৰ বিপদ হ’ব পাৰে , যাৰ বাবে মোৰ ৰাজ্য চলাবলৈ বৰ অসুবিধা হৈছে, এতিয়া আপুনিয়ে কওঁক মই কি কৰিম”! ইয়াৰ পিছত গৌতম বুদ্ধই কৈছিল, ” মই তোমাক এটি গল্প শুনাম তুমি মনোযোগ দি শুনিবা “।
এবাৰ এজন সন্ন্যাসী এখন ঘন জংঘলৰ এটি দুৰ্গম পথেৰে গৈ আছিল , সন্ন্যাসী বহুদূৰ গৈ ক্লান্ত হৈ পৰিছিল আৰু এজোপা বৰগছৰ তলত জিৰণি লবলৈ গছজোপাৰ ফালে খোজ দিছিল তেনেতে সেই জংঘলত থকা কেইজন মান খৰিকতিয়াই সন্ন্যাসী জনক প্ৰত্যক্ষ কৰি সন্ন্যাসী জনক বাধা প্ৰদান কৰি কৈছিল যে সেই গছজোপাত এডাল বিষাক্ত সাপে বিচৰণ কৰে, সাপডালে ইতিমধ্যে গছজোপাৰ তলেৰে যোৱা বহু লোকক দংশন কৰিছে আৰু দংশন কৰা সকলো মানুহৰ মৃত্যু হৈছে। কথা শুনি সন্ন্যাসী জনে হাঁহিছিল আৰু কৈছিল, ” এদিন সকলোজন মৰিব লাগিব আৰু যদি আজি মোৰ ভাগ্যত মৃত্যু লিখা আছে তেন্তে সেয়ে হওঁক, মই মৃত্যুক ভয় নকৰোঁ , দয়া কৰি আপোনালোকে মোৰ চিন্তা নকৰিব আৰু মোক যাবলৈ দিয়ক”। ইয়াৰ পিছত সেই সন্ন্যাসী গছজোপাৰ ওচৰলৈ অগ্ৰসৰ হৈছিল আৰু গছজোপাৰ তলত বহি পৰিছিল। কিছু সময়ৰ পিছত সেই বিষাক্ত সাপডাল আহি সন্ন্যাসীক প্ৰশ্ন কৰিছিল, ” হে মহাত্মা, তোমাৰ ভয় নালাগে নেকি, তুমি নাজানা নেকি যে ইয়াত মই থাকোঁ, তুমি গম পোৱানে ইয়াত যে কোনো লোকেই আহিবলৈ সাহস নকৰে ” ? শান্ত স্বভাৱে সন্ন্যাসীয়ে উত্তৰ দিছিল, ” ইয়াতে দেখোন মই ভয়ৰ কাৰণ একো দেখা নাই, আৰু ভয় তোমাৰহে আছে তোমাক কোনোবাই আহি মাৰি পেলাব বুলি ! যাৰ কাৰণে তুমি আনক আক্ৰমণ কৰা ; বিপৰীতে মোৰ কোনো ভয় নাই , মোৰ মাজত নে মৃত্যুৰ ভয় আছে নে বহুদিন জীয়াই থকাৰ লোভ আছে “।
কথা শুনি সাপটি থমকি ৰৈছিল আৰু ভয় খাইছিল কিয়নো ইমানদিনে সাপটিয়ে যিমানেই মানুহ দেখিছে সকলোৱে তাক মাৰিবলৈ চেষ্টা কৰিছিল নাইবা তাক দেখি পলাবলৈ চেষ্টা কৰিছিল কিন্তু সি এনে মানুহ কোনোদিনে দেখা নাছিল যিয়ে সাপ দেখি ভয় নকৰিছিল। তাৰ পিছত সাপটিয়ে সন্ন্যাসীৰ আগত তলমূৰ কৰি কৈছিল, ” হে মহাত্মা, আজি পৰ্যন্ত মই যি কৰিছোঁ সেয়া মই মোৰ নিজৰ জীৱন বচাবলৈ কৰিছোঁ , আৰু মোৰ প্ৰতিৰক্ষাৰ বাবে যদি মই এইবোৰ নকৰো তেন্তে এই গাওঁৰ মানুহে মোক ইতিমধ্যে মাৰি পেলালে হেতেন “। ইয়াৰ পিছত সন্ন্যাসীয়ে কৈছিল , ” ইমান দিনে তুমি যি কৰিছা ঠিকে কৰিছা আৰু যদি তুমি তোমাৰ বেয়া কাম বোৰৰ পৰা দূৰৈত থাকিব খোজা তেন্তে তুমি কিছু শান্ত হ’ব লাগিব, তোমাৰ মাজত থকা ঘৃণা আৰু ক্ৰোধক ভালপোৱালৈ ৰূপান্তৰ কৰিব লাগিব , কিয় জানা এই সুন্দৰ জীৱনে এদিন বিদায় লব সেয়ে কোনো বেয়া কাম কৰাৰ প্ৰয়োজন বোধ নকৰিবা “।
এইখিনি কৈ সন্ন্যাসীজন সেই ঠাই এৰি গুচি যায় আৰু সাপটিয়েও সন্ন্যাসী জনৰ কথাবোৰ নিজৰ মাজত গাঁঠি লৈ সিদ্ধান্ত লৈ পেলাই যে সি আৰু সেইদিনাৰ পৰা কাৰোয়ে একো ক্ষতি নকৰে। সাপ টিয়ে অনাগত দিনবোৰত নিজৰ ক্ৰোধ পৰিহাৰ কৰি মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিবলৈ ললে যদিও তাৰ সমস্যা দুগুন বাঢ়িবলৈ ধৰিলে। যি মানুহ বোৰে সেই সাপ দেখি ভয় খাইছিল সেই মানুহ বোৰে সাপটিক মাৰিবলৈ খেদি ফুৰিছিল, সাপটিক সকলোয়ে আঘাট কৰিছিল, বিৰক্ত কৰিছিল। তথাপিও সাপটিয়ে খং আৰু ক্ৰোধ পৰিহাৰ কৰি প্ৰত্যেক জন মানুহৰ সৈতে ভালদৰে আচৰণ কৰিছিল।
ইমানদিনে যে মানুহে সাপটিক দেখি ভয় খাইছিল সেই ভয়ৰ বাবে সাপটি সুৰক্ষিত আছিল কিন্তু যিদিনাৰ পৰা সাপটিক মানুহে ভয় নকৰা হৈছিল তেতিয়াৰ পৰা সাপটিৰ সমস্যা বাঢ়ি গৈছিল।
কিছুদিন পিছত সন্ন্যাসীজন আকৌ এদিন সেই গছজোপাৰ তলত ৰৈছিল বিশ্ৰাম কৰাৰ বাবে, সন্ন্যাসী জনে সাপটিৰ কথা পাহৰি গৈছিল যদিওবা সাপটিয়ে সন্ন্যাসীক দেখি ওচৰ চাপি আহিছিল আৰু মাত লগাইছিল। সাপটিক দেখি সন্ন্যাসীজন আচৰিত হৈছিল আৰু সুধিছিল, ” তোমাৰ আগৰ সুন্দৰ চেহেৰা কি হ’ল, তোমাক ইমান দুৰ্বল কিয় দেখিছোঁ “? সাপটিয়ে উত্তৰ দিছিল, ” হে মহাত্মা, যিদিনাৰ পৰা আপুনি মোক আনৰ ক্ষতি কৰিবলৈ বাধা কৰিছে তেতিয়াৰ পৰা মই শান্ত হৈ পৰিছোঁ , মোৰ মনত সকলোৰে বাবে ভালপোৱাক স্থান দিছোঁ, কিন্তু তাৰ বিনিময়ত মানুহ বোৰে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰিছে যাৰ বাবেই মোৰ জীয়াই থকা অনেক কষ্টসাধ্য হৈ পৰিছে, এতিয়া আপুনিয়ে কওঁক মই কি কৰা উচিত “?
সন্ন্যাসীয়ে উত্তৰত কৈছিল, ” হেৰা, মই তোমাক তোমাৰ স্বভাৱ পৰিবৰ্তন কৰাৰ কথা কোৱা নাই, যদি তোমাৰ লগত ৰাগ নাথাকে , খং নাথাকে তোমাক মানুহে মাৰি পেলাবই কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি তোমাৰ লগত থকা বেয়া চিন্তা বোৰ ধৰি ৰাখিবা, মানুহ দেখিলেই দংশন কৰিবা, তুমি তোমাক ভিতৰৰ পৰা সঠিক কৰি তুলিব লাগিব, বাহিৰৰ পৰা খং অৱশ্যে তুমি দেখুৱাব লাগিব, তুমি যিহেতু এটি সাপ , এক বিষাক্ত প্ৰাণী সেয়ে মানুহৰ মনত তোমাৰ ভয় থাকিব লাগিবই”।
হিট কমেডি ভিডিঅ’ – Wifi নহয় Wife চলাও ??
continue reading main post…
ইয়াৰ পিছত ভগৱান গৌতম বুদ্ধই ৰজাক উদ্দেশ্য কৰি কৈছিল, ” হে ৰজা , ইয়াৰ পৰা তুমি কি শিকিব পালা “? পুনৰ কৈছিল, ” তুমি হৈছাঁ ৰজা, তুমি তোমাৰ স্বভাৱৰ পৰিৱৰ্তন কৰিব নালাগে, তোমাৰ খং অৱশ্যে দেখুৱাব লাগিব কিন্তু তোমাৰ মনটোক পৰিৱৰ্তন কৰিব লাগিব, তোমাৰ মনৰ উদ্দেশ্য সকলো সময়তে সৎ ৰাখিব লাগিব, তুমি সৎ হ’ব লাগিব, আৰু কেতিয়াও কাৰো ক্ষতি নকৰিবা,তেতিয়া তুমি সুখী হ’ব পাৰিবা লগতে আনকো সুখ দিব পাৰিবা ; সৰ্ব শেষত এইটোৱে কওঁ যে তোমাৰ মনত আন লোকৰ বাবে ভালপোৱা ৰাখিবা, কিন্তু তুমি যিহেতু ৰজা সেয়ে ৰাজ শাসন চলাবলৈ তোমাৰ খং অৱশ্যে লাগিব , মাত্ৰ মনত ৰাখিবা যে তোমাৰ খং আৰু ক্ৰোধ যাতে কাৰো ক্ষতিৰ কাৰণ হৈ নুঠে “। কথাবোৰ ভাল লাগিলে আন বহুজনে জানিব পৰাকৈ ভাগৱতৰা কৰি দিব।
বৃদ্ধাবস্থাৰ সমস্যা সমুহৰ সমাধান জানিবলৈ তলত ক্লিক কৰক
বৃদ্ধাৱস্থাৰ মানসিক সমস্যা, চিকিৎসা আৰু পৰিয়ালৰ দায়িত্ব কি ?