Beautiful lines for life by Lord Budha

নিজৰ বৰ্তমানক সলনি কৰিবলৈ পঢ়ক এই অমৃত বাণী !

এবাৰ গৌতম বুদ্ধ এখন ঘন জংঘলৰ মাজেৰে গৈ আছিল এনেতে তিনিজন লোক দৌৰি তেওঁৰ ওচৰ পাইছিল। লোক কেইজনে গৌতম বুদ্ধক সুধিছিল, ” আপুনি কি এইফালেদি কোনো মহিলাক পলাই যোৱা দেখিছে”? বুদ্ধদেৱে উত্তৰ দিছিল, ” নাই, মই এই ফালে কাকো পলাই যোৱা দেখা নাই , কিন্ত আপোনালোক ইমানেই চিন্তিত আৰু হতাশাত কিয় “? তেওঁলোকে উত্তৰ দিছিল , ” এগৰাকী মহিলাই আমাৰ সকলো টকা চুৰি কৰি লৈ পলাই গৈছে”।

causes of cervical cancer in female

বুদ্ধই কলে, ” কি কাৰণত আপোনালোকৰ টকা চুৰি হ’বলৈ পালে “? তেওঁলোকে উত্তৰ দিছিল যে তেওঁলোকে মহিলা গৰাকীক এক ৰাতিৰ মনোৰঞ্জনৰ বাবে ভাড়া কৰি আনিছিল কিন্তু সেই মহিলা জনীয়ে বুদ্ধিৰে তেওঁলোকক ৰাগীয়াল দ্ৰব্য সেৱন কৰাই তেওঁলোকক সংজ্ঞাহীন কৰি সকলো টকা পইচা লৈ পলায়ন কৰিছে। কথা শুনি বুদ্ধদেৱে এটি হাঁহি মাৰিছিল আৰু কৈছিল, ” ঠিকে কৰিছে, আপোনালোকৰ কিছু বোজা তেওঁ কমাই দিছে”। বুদ্ধৰ উত্তৰ শুনি লোক কেইজনৰ খং উঠিছিল আৰু কৈছিল, ” আপুনি কি মানুহ আমাৰ ইমান টকা লোকচান হৈ গল আৰু আপুনি ঠাট্টা কৰিছে আমাক, আপুনি ইমান টকা আগতে কেতিয়াও দেখা নাই “। কাৰণ তেওঁলোকে নাজানিছিল যে বুদ্ধদেৱ সন্ন্যাসী হোৱাৰ আগতে ৰজা আছিল আৰু তেওঁ প্রচুৰ ধন সম্পত্তিৰ গৰাকী আছিল।

Great ancient legend quotes of life

বুদ্ধই কলে, ” যোৱাকালি আপোনালোকৰ টকা চোৰ হৈছে আৰু এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই আপোনালোকৰ কোনো কামেই নাই”। খং কৰি লোককেইজনে কলে, ” আমাৰ টকা যোৱাকালি চোৰ হৈছে আৰু আজিৰ ভিতৰতে উদ্ধাৰ কৰিব পাৰিম বুলি কিবা নিয়ম আছে নেকি “? বুদ্ধই উত্তৰ দিছিল, ” আপোনালোকে টকা লোকচান কৰিছে যোৱাকালি আৰু আজি আপোনালোকে সেই টকাৰ কথা ভাবি ভাবি, হেৰোৱা টকা বিচাৰি নিজৰ বৰ্তমানক লোকচান কৰি আছে আৰু এনেকুৱাও হ’ব পাৰে যে আপোনালোকে ভৱিষ্যতে সেই চোৰ ধৰিবলৈ সক্ষম হ’ব, তাৰ পিছত টকা ঘূৰাই পাব আৰু চোৰক উচিত শাস্তি দিব তাকে ভাবি ভাবি আপোনালোকৰ ভৱিষ্যতকো লোকচান হ’বলৈ সুযোগ দি আছে যাৰ ফলত আপোনালোকৰ বৰ্তমান সম্পূৰ্ণ নষ্ট হৈ যাব , যিটো বৰ বেয়া আৰু দুখজনক কথা ; আপোনালোকে অতীতৰ কথা ভাবি সেই ভৱিষ্যতক পৰিৱৰ্তনৰ চেষ্টা কৰিছে যি একেবাৰে অনিশ্চিত আৰু অনৰ্থক যাৰ ফলতে নষ্ট হৈ আছে আপোনালোকৰ বৰ্তমান “।

ভাইৰেল অসমীয়া ভিডিঅ’ – ঢোল ! এটি ঢোলৰ কৰুণ কাহিনী ।

CONTINUE READING MAIN POST….

  কথাৰ পাক বুজি সেই তিনিজনৰ ভিতৰৰ এজনে কলে, ” আপোনাৰ কথা বুজিলোঁ , কিন্তু যদি আমি বৰ্তমানক লৈ ব্যস্ত থাকো তেনেহলে কি হ’ব “? বুদ্ধই উত্তৰ দিছিল, ” যদি আপুনি বৰ্তমানত জীয়াই থাকে তেন্তে আপুনি নিজকে বুজিব পাৰিব আৰু এই সমস্ত দুখ আৰু কষ্টৰ কাৰণ কি সেয়াও বুজিবলৈ সক্ষম হ’ব “? তাৰ পিছত অন্য এজনে সুধিলে, ” বৰ্তমানত জীয়াই থাকি আপুনি কিবা জানিব পাৰিছে আৰু যদি জানিব পাৰিছে তেন্তে তাতে কি পৰিৱৰ্তন দেখিবলৈ পাইছে আপোনাৰ সতে “?

GREAT LINES FOR LIFE

লগে লগে বুদ্ধই কৈছিল, ” আপোনাৰ হাতত যে বাঁহীটো আছে মোক এবাৰ দিবনে “? কথা শুনি তিনিজনে হাঁহিলে আৰু ইজনে সিজনৰ ফালে চাই কলে, ” এইবাৰ সন্ন্যাসীয়ে বাঁহী বজাব”। বুদ্ধই বাঁহীত সুৰ তুলিলে মাত্ৰ লগে লগে চাৰিফালে থকা পক্ষীবোৰ আহি বুদ্ধৰ চাৰিওফালে ঘূৰা আৰম্ভ কৰিছিল আৰু তিনিজন লোকো বাঁহীৰ সুৰত মুগ্ধ হৈ পৰিছিল। কিছুক্ষণ পিছত বুদ্ধই বাঁহী বজোৱা বন্ধ কৰি ৰখি গল যদিও লোক তিনিজন অবাক হৈ বুদ্ধৰ ফালে চাই ৰৈছিল কিয়নো আগতে তেওঁলোকে কেতিয়াও এনে মধুৰ বাঁহীৰ সুৰ শুনিবলৈ পোৱা নাছিল। সাৰ পাই এজন লোকে প্ৰশ্ন কৰিছিল, ” আপুনি ইমান সুন্দৰ বাঁহী কেনেকৈ বজাব পাৰে “? উত্তৰত বুদ্ধই কলে, ” যদি আপুনিও ইমান ধুনীয়াকৈ বাঁহী বজাব খোজে তেন্তে বাঁহীৰ ফালে মনোযোগ নিদি নিজৰ জীৱনৰ ফালে মনোযোগ দিয়ক, নিজকে জানিবলৈ চেষ্টা কৰক, আৰু যেতিয়াই আপুনি নিজকে জানি উঠিব তেতিয়া বাঁহী নিজৰ ভিতৰৰ পৰা সুন্দৰকৈ বাজি উঠিব।

Great quotes of life

এইখিনি কৈ বুদ্ধ গুছি যায় । হঠাতে তিনিজন লোকৰ এজনে বুদ্ধৰ ফালে দৌৰি গৈ বুদ্ধৰ ভৰিত জোৰকৈ ধৰিলে আৰু কলে, ” মোক বাঁহী বজোৱা শিকাব”। বুদ্ধই কলে ,” অৱশ্যে শিকাম, কিন্ত মই তাৰ আগতে আপোনাৰ পৰা আপোনাৰ সকলো অহংকাৰ কাঢ়ি লম, আপুনি সন্মত হ’বনে “? ইয়াৰ পিছত সেই লোকজন ভগৱান গৌতম বুদ্ধৰ শিষ্য হৈ পৰিছিল।

এই গল্পৰ পৰা এইটো জানিব পাৰিলোঁ যে বৰ্তমানত বাছি থকা কিমান দৰকাৰী, অতীতত নিজৰ লগত কি হৈ আছে সেইটো নেভাবি, ভৱিষ্যত কি হ’বলৈ গৈ আছে তাৰ চিন্তা বেছিকৈ নকৰি বৰ্তমানত বাছি থকা অত্যন্ত জৰুৰী কাৰণ অতীতক কেতিয়াও পৰিৱৰ্তন কৰিব পৰা নাযায় আৰু বৰ্তমান ভাল হ’লে ভৱিষ্যত এনেই ভাল হৈ যাই। আশা কৰিছোঁ কথাখিনি ভাল লাগিছে আৰু যদি ভাল লাগিছে তেনেহলে জানিব ভাল কথা বিলাই দিব লাগে অর্থাৎ ভাগবতৰা কৰিব লাগে।

জীৱনত সুখী হবলৈ তলত ক্লিক কৰি জানি লওঁক এই অমৃত বাণী !

এইটো নাজানিলে সদায় দুখীয়া হৈ থাকিব লাগিব ! – জীৱন অমৃত বাণী ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *