Right time to eat fruits during the seasons

ইফটাৰৰ সময়ত এই এটি ভুল কৰাৰ বাবেই বদহজম আৰু গেষ্ট্ৰিক বাঢ়ি যায় !

ফলমূল সমূহ হৈছে সৃষ্টিকৰ্তাৰ সৃষ্টি সমূহৰ ভিতৰৰ এবিধ আটাইতকৈ অমূল্য সৃষ্টি। কিন্ত বেছিভাগ মানুহে এই ফলমূল খাব নাজানে; ফলতে তেওঁলোকে ফলমূলৰ প্ৰকৃত গুণাগুণ সমূহ লাভ কৰিবলৈ সক্ষম নহয় অৰ্থাৎ এই অমূল্য ফলমূলৰ পুষ্টিগুণৰ পৰা বঞ্চিত হোৱাৰ লগতে পেটৰ সমস্যা বদহজম আৰু এচিদিটি, চুলি পকা, চুলি সৰা , ছালৰ এলাৰ্জি আদি সমস্যাত ভোগে। দুখজনক কথা হৈছে পৃথিৱীৰ আটাইতকৈ স্বাস্থ্যকৰ ফলমূল সমূহো যদি ভুলকৈ খোৱা হয় তেতিয়াও তাৰ পৰা কোনো উপকাৰ পোৱা নাযায়।

RIGHT TIME TO EAT FRUITS

ফলমূল কেতিয়া নাখাব ?

১) প্ৰধান আহাৰৰ সৈতে ফলমূল খাব নালাগে। খাদ্য খোৱাৰ পিছত কিছু মিঠা জাতীয় খাদ্য খাবলৈ বহুজনে পছন্দ কৰে লগতে বহুজন স্বাস্থ্য সচেতন লোকে খাদ্য গ্ৰহণ কৰাৰ পিছত কিছু ফলমূল গ্ৰহণ কৰে। কিন্তু এনে কৰাৰ বাবে অৰ্থাৎ খাদ্য গ্ৰহণ কৰাৰ লগে লগে ফলমূল সেৱন কৰাৰ ফলত পাচন ক্ৰিয়াৰ গুৰুতৰ ক্ষতি হয়। ধৰাহ’ল আপুনি মাংসৰে পেট ভৰাই ভাত খাইছে তাৰ লগে লগে কিছু ফলমূল খাই দিছে । মানুহৰ শৰীৰে খুব কম সময়ৰ ভিতৰতে ফলমূল হজম কৰিব পাৰে যেন মুখত দিয়া মাত্ৰকে ফলমূল হজম হ’বলৈ ধৰে, কিন্তু যিহেতু পাকস্থলীত ইতিমধ্যে মাংস ভাত আছে সেই হেতুকে ফলমূল খিনি সিমান সোনকালে হজম নহয়। তাৰ ফলত ফলমূল খিনি পাকস্থলীত অইন খাদ্য খিনিৰ সৈতে মিহলি হৈ পৰে আৰু ফলমূলৰ নিজস্ব গুণাগুণ সমূহ নষ্ট হৈ পৰে। পাৰ্শ্বক্ৰিয়া হিচাপে ইতিমধ্যে খোৱা পুষ্টিকৰ মাংস ভাতৰো পুষ্টিকৰ গুণাগুণ নষ্ট হৈ পৰিব। তাৰ ফলশ্ৰুতিত বহুজনে কয় যে ফল খাই পেট বেয়া হৈছে, পেটটো ভৰি আছে, উদগাৰ আহি আছে আদি আৰু এয়া হ’বলৈ পাই সঠিক সময় নিৰ্বাচন নকৰি ফল খোৱাৰ বাবেহে।

২) ফলমূল কাটি বহু সময় ৰাখি থৈ খাব নালাগে। বৰ্তমানৰ ব্যস্ত সময়ত মানুহে কিছু হলেও সময় বচাবলৈ চেষ্টা কৰে তাৰ ফলত মানুহে সময় পালে ফলমূল কাটি ৰাখি দিয়ে আৰু সময় পোৱাই পোৱাই খাই থাকে আনকি বহুজনে ফলমূল কাটি টিফিনত ভৰাই অফিচলৈ লৈ যায় আৰু সময় পালে খাই থাকে আৰু অনুভৱ কৰি থাকে যে তেওঁ স্বাস্থ্য সচেতন। কিন্তু বাস্তৱত এনে ফল খোৱাৰ কোনো উপকাৰ নাই। এটা ফল কটাৰ ২০ মিনিটৰ ভিতৰত নাখালে ফলত থকা স্বাস্থ্য উপকাৰী গুণ সমূহ নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু দুই এঘণ্টা পিছত সেই ফলমূলত কোনো পুষ্টিকৰ গুণ নোহোৱা হৈ পৰে বুলি কলেও ভুল নহয়। বহুজনে আকৌ ফলমূল কাটি ফ্ৰীজত ৰাখি থৈ দিয়ে । এনেদৰে ফলমূল খোৱাৰ ফলত পেটৰ এচিডিটি সমস্যা দীৰ্ঘস্থায়ী হৈ পৰে, ছালৰ এলাৰ্জি সমস্যা, চুলি পকা, চুলি সৰা আদি সমস্যাৰ সৃষ্টি হয়। সেয়ে ফল আগতে কাটি নাৰাখি খোৱাৰ সময়ত কাটি লগে লগে খাই পেলোৱা উত্তম।

Right time to eat fruits

৩) বিদেশী ফলমূল সেৱন নকৰা ভাল। বৰ্তমান ফলমূলৰ দোকান ভৰি পৰিছে বিভিন্ন ধৰণৰ বিদেশী ফলেৰে। আৰু সেইবোৰ দেখি মানুহে স্বদেশী আৰু থলুৱা উৎপাদিত ফলমূল সমূহক অৱজ্ঞা কৰিবলৈ লৈছে। বিদেশী ফলমূল সমূহক থলুৱা ফলমূলতকৈ বেছি উপকাৰী বুলি ধাৰণা কৰি সেইবোৰ ক্ৰয় কৰিছে, কিন্তু বাস্তৱত সেয়া নহয় । মনত ৰখা ভাল যে বিদেশী ফলসমূহ যিমানে আকৰ্ষণীয় ভাৱে উপস্থাপন কৰা নহওঁক কিয় সেইবোৰ আমাৰ বাবে কোনো কাৰণতে স্বাস্থ্যকৰ নহয় আৰু হ’ব নোৱাৰে। কিয়নো নিৰ্দিষ্ট জলবায়ুত , এক নিৰ্দিষ্ট অঞ্চলত, এক নিৰ্দিষ্ট ধৰণৰ ফলমূল উৎপাদন হয় আৰু সেই ফলমূল সেই অঞ্চলৰ লোকৰ বাবেহে উপকাৰী হৈ পৰে। অৰ্থাৎ যি দেশত যি ফল উৎপাদন হয় সেই ফলমূল সেই দেশৰ মানুহৰ বাবে উপযোগী। দেশীয় ফলসমূহে আমাৰ দেহত যেনেদৰে কাম কৰিব পাৰে তাৰ তুলনাত বিদেশী ফলমূল সমূহে নোৱাৰে।

৪) ফলৰ জুইছ খোৱা অৰ্থহীন ! ফলৰ জুইছ খোৱা কোনো অপকাৰী নহয় কিন্তু ফল খোৱাতকৈ জুইছ খোৱা কম পুষ্টিকৰ । কিয়নো ফলত যিবোৰ ডায়েটেৰী ফাইবাৰ থাকে জুইছ প্ৰস্তুত কৰোঁতে সেইবোৰ নষ্ট হৈ যায় আৰু জানি থোৱা ভাল যে ফলমূল সঠিক ভাবে হজম হ’বলৈ এই ডায়েটেৰী ফাইবাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু লগতে বজাৰত পোৱা জুইছ কেতিয়াও স্বাস্থ্যৰ উপকাৰী নহয় কিয়নো এই সমূহত অতিৰিক্ত চেনী, সংৰক্ষক দ্ৰব্য আৰু ফ্লেভাৰ আদি মিহলাই দিয়া থাকে। এই বজাৰৰ জুইছ খোৱাতকৈ পানী খোৱাই কল্যানজনক।

৫) গাখীৰৰ সৈতে ফলমূল খোৱা। বহুজন স্বাস্থ্য সচেতন লোকে চাহ আৰু গাখীৰৰ সৈতে বিস্কুট কিম্বা নাস্তাৰ পৰিবৰ্তে ফলমূল খাবলৈ পছন্দ কৰে কিন্ত সেয়া বুৰ্বকৰ বুৰ্বকীৰ বাহিৰে একো নহয়। কোনো ফলমূল গাখীৰৰ সৈতে খোৱা উচিত নহয় বিশেষকৈ ত্বকযুক্ত ফলমূল সমূহ কেতিয়াও গাখীৰৰ সৈতে খাব নালাগে।

৬) ৰাতি ফলমূল সেৱন কৰা অনুচিত। আমি ভাবো যে ফলমূল যিহেতু স্বাস্থ্যকৰ সেয়ে ইয়াক যেতিয়া তেতিয়া খাব লাগে কিন্তু বিশেষজ্ঞ সকলৰ মতে এই ফলমূল সূৰ্যাস্তৰ পিছত খাব নালাগে। কিয়নো নৈশ সময়ত শৰীৰত ফলমূলৰ পৰা পৰিপুষ্টি লাভ কৰা ক্ষমতা হ্ৰাস হয় আৰু যিহেতু ফলমূলত শৰ্কৰাৰ মাত্ৰা বেছি থাকে সেয়ে ৰাতি ফলমূল খালে দেহৰ ওজন বৃদ্ধি হয় লগতে সূৰ্যাস্তৰ পিছত ফলমূল সেৱন কৰিলে এচিডিটি আৰু টোপনিৰ সমস্যা হয় বুলি বহু গৱেষণাই কয়।

কেতিয়া কি ফল খালে বেছি উপকাৰ পাব ?

ৰাতিপুৱা ৬.০০ বজাৰ পৰা দুপৰীয়া ১২.০০ বজালৈ হৈছে ফলমূল সেৱনৰ সৰ্বোত্তম সময়। খালি পেটত ফলমূল খালে আমাৰ দেহে সম্পূৰ্ণ পৰিপুষ্টি শোষণ কৰিব পাৰে কিন্ত ইয়াৰ অৰ্থ এইটো নহয় যে কিবা খাই ফলমূল সেৱন কৰিব নোৱাৰিব, মাত্ৰ ভৰা পেটত লগে লগে ফলমূল খাব নালাগে অতি কমেও দুই ঘণ্টা পিছতহে খাব লাগে। আৰু ৰাতিপুৱা শুই উঠি খালিপেটত ফলমূল খাব নালাগে , কিবা নহয় কিবা এটা লঘু আহাৰ খোৱাৰ পিচতহে ফলমূল খোৱা উচিত।

ৰাতি দেৰিকৈ শুলে কি অপকাৰ হয় জানিবলৈ তলত ক্লিক কৰি পঢ়ক

ৰাতি দেৰিকৈ শুলে এই বিপদ আহিবই ! ডোপামিন কম ক্ষৰণ হৈ হ’ব ডিপ্ৰেছন !

 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *