finest way to pray god

প্ৰাৰ্থনা অন্তৰাত্মা আৰু মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে হ’ব লাগে !

তিনিজন সাধু আৰু এজন গীৰ্জাৰ পাদ্ৰী – লিও টলষ্টয়ৰ গল্প।

ৰোমৰ তিনিজন সন্ন্যাসী হঠাতে বিখ্যাত আৰু জনপ্ৰিয় হৈ পৰিছিল, তেওঁলোক ইমানেই জনপ্ৰিয় হৈছিল যে সেই ঠাইত থকা আটাইতকৈ ডাঙৰ গীৰ্জাৰ পাদ্ৰী জনেও সেই সন্ন্যাসী তিনিজনক হিংসা কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো এওঁলোকৰ জনপ্ৰিয়তাৰ বাবে মানুহ গীৰ্জালৈ অহা বন্ধ কৰিছিল ফলতে গীৰ্জা একেবাৰে জনশূন্য হৈ পৰিছিল কিয়নো প্ৰত্যেক মানুহ ভিৰ কৰিছিল সেই সাধু সন্ন্যাসীৰ ওচৰত।

Advertisement

সেয়ে গীৰ্জাৰ পাদ্ৰীয়ে চিন্তা কৰি পোৱা নাছিল যে সেই তিনিজন কিদৰে ইমান ডাঙৰ সন্ন্যাসী হৈছিল কাৰণ তেতিয়াৰ দিনৰ এটা নিয়ম আছিল যে যেতিয়ালৈ গীৰ্জাৰ প্ৰধান পাদ্ৰীয়ে স্বীকৃতি নিদিয়ে কোনো লোক সন্ন্যাসী আৰু ধৰ্মগুৰু হ’ব নোৱাৰে। সেয়ে বেছি চিন্তা হৈছিল পাদ্ৰীৰ। এদিন সমস্ত সীমা অতিক্ৰম কৰিছিল যিদিনা পাদ্ৰীয়ে গোটেই দিন গীৰ্জাত বহি থকাৰ পিছতো গীৰ্জালৈ এজন লোকৰো পদাৰ্পণ হোৱা নাছিল। সেইদিনা পাদ্ৰীৰ অত্যন্ত খং উঠিছিল আৰু ঠিক কৰিছিল যে তেওঁ সন্ন্যাসী কেইজনক অতি শীঘ্ৰে লগ কৰিব আৰু কঠোৰ শাস্তি বিহিব । কথা মতে কাম আৰু পাদ্ৰীয়ে নিজৰ পোছাক পিন্ধি, প্ৰধান পাদ্ৰীৰ প্ৰতীক হিচাপে মূৰত সোণৰ মুকুট পৰিধান কৰি যাত্ৰা আৰম্ভ কৰিছিল। তিনি সন্ন্যাসী নদীৰ সিপাৰে থাকে সেয়ে পাদ্ৰীয়ে এখন নৌকা লৈ ওলাল গৈ সন্ন্যাসী তিনিজনৰ ওচৰত । প্ৰথমে তেওঁ গৈ তিনিজন লোকক এজোপা গছৰ তলত বহি থকা দেখিলে লগতে দেখিলে যে তেওঁলোক বহু আনন্দেৰে নিজৰ মাজত কথা পাতি আছিল ।

  ওচৰলৈ গৈ পাদ্ৰীয়ে তেওঁলোকক সুধিলে, ” তোমালোক তিনিজনেই সেই প্ৰসিদ্ধ সন্ন্যাসী নেকি যাৰ বাবে মানুহ গীৰ্জাত অহা বন্ধ কৰিছে ” ? সন্ন্যাসী তিনিজনে উত্তৰ দিছিল যে , ” আমি কোনো সন্ন্যাসী নহয় আমি সাধাৰণ মানুহ , আমি সন্ন্যাসী হোৱাৰ যোগ্যই নহয়, অইন মানুহে কিয় আমাক সন্ন্যাসী বুলি জ্ঞান কৰে আৰু আমাৰ ওচৰত আহি ভিৰ কৰে তাৰ বাবেই বহু আশান্তিত আছোঁ , বুজি পোৱা নাই আমি কোনে আমাক সন্ন্যাসী বুলি মিছাকৈ প্ৰচাৰ কৰিছে , আমি সদায় মানুহক ইয়ালৈ আহিব মানা কৰাৰ পিছতো মানুহৰ সোঁত বাঢ়িছেহে ; আমি অকলে থাকিয়ে ভাল পাওঁ , ভালে হৈছে আপুনি আহিছে , এতিয়া আপুনিয়ে যদি পাৰে এই ভিৰৰ পৰা বিৰত থকাৰ উপায় এটি দিয়ক আমাক “। তাকে শুনি পাদ্ৰীয়ে মনে মনে বৰ সুখ পাইছিল, ভাবিছিল যে তেওঁলোক সঁচাই সহজ সৰল লোক আৰু মনে মনে ঠিৰাং কৰিছিল যে তেওঁ সন্ন্যাসী কেইজনক আজি তেওঁ উচিত শিক্ষা দিব। লগে লগে পাদ্ৰীয়ে সুধিলে, ” তোমালোক তিনিজনে কি কৰা “? সন্ন্যাসী কেইজনে উত্তৰ দিছিল, ” আমি তিনিজনে একোৱে নকৰো মাত্ৰ গছৰ তলত বহি নেদেখা জনৰ আৰাধনা কৰি থাকোঁ”। পাদ্ৰীয়ে অবাক হৈ আকৌ প্ৰশ্ন কৰিলে, ” তোমালোকৰ বাইবেল কত”? উত্তৰত কৈছিল, ” আমি তিনিজন অশিক্ষিত আমি আৰু বাইবেল ৰাখি কি কৰিম”? উত্তৰ শুনি পাদ্ৰীয়ে মনে মনে স্ফূৰ্তি পাইছিল আৰু তেওঁলোকক এসেকা দিব বুলি মনে মনে ঠিৰাং কৰি পেলাইছিল আনকি সকলোৰে সন্মুখত অপমান কৰাৰো সিদ্ধান্ত লৈ পেলাইছিল।

  তাৰ পিছত পাদ্ৰীয়ে পুনৰ প্ৰশ্ন কৰিছিল, ” তেনেহলে তোমালোকে প্ৰাৰ্থনা কিদৰে কৰা, গীৰ্জাৰ প্ৰাৰ্থনা সমূহ তোমালোকৰ মুখস্থ আছে নেকি “? পাদ্ৰীৰ এই প্ৰশ্ন শুনি সন্ন্যাসী তিনিজনে তলমূৰ কৰিছিল। পাদ্ৰীয়ে আকৌ সুধিছিল, ” তোমালোকে তলমূৰ কিয় কৰিছা উত্তৰ দিয়া “? উত্তৰত সন্ন্যাসী কেইজনে কলে, ” আমি কি কম আমাৰ বহুত লাজ লাগিছে কবলৈ যে আমি প্ৰাৰ্থনা কৰিব নাজানো”। পাদ্ৰীয়ে কলে, ” যদি তোমালোকে প্ৰাৰ্থনা কৰিব নাজানা তেনেহলে তোমালোকে প্ৰভুক আৰাধনা কেনেকৈ কৰা “? সন্ন্যাসী তিনিজনে কৈছিল, ” আপোনাৰ গীৰ্জাৰ প্ৰাৰ্থনা বহুত দীঘল হয় আৰু আমি মূৰ্খ লোকে সেইটো কেনেকৈ মনত ৰাখিম আৰু ভুল প্ৰাৰ্থনা কৰাটো পাপ নহ’বনে , সেয়ে আমি অনেক চিন্তা ভাৱনা কৰি আমি নিজেই এটা প্ৰাৰ্থনা সাজি লৈছোঁ “? এয়া শুনি পাদ্ৰীয়ে কলে, ” কি কৈছা , প্ৰাৰ্থনা নিজে সৃষ্টি কৰিছা, প্ৰাৰ্থনা শাস্ত্ৰত লিখা থাকে, যি হাজাৰ বছৰ পুৰণি, যিসমূহ স্বয়ং পৰমাত্মাই যিশুক শিকাইছিল”। ভয় খাই তেওঁলোকে কৈছিল, ” আমাৰ বহুত ভুল হৈ গৈছে, আমাক ক্ষমা কৰি দিব, আমাক আজি যদি দয়া কৰি আপুনি এটি প্ৰাৰ্থনা শিকাই দিয়ে তেন্তে আমি আজিৰ পৰা সেই প্ৰাৰ্থনাই কৰিম”। পাদ্ৰীয়ে উত্তৰত কলে, ” প্ৰথমে তোমালোকে কি প্ৰাৰ্থনা সৃষ্টি কৰিছা সেয়া শুনাই লোৱা তাৰ পিছত মই শিকাই দিম শাস্ত্ৰৰ প্ৰাৰ্থনা “।

Great quotes of life

  সন্ন্যাসী কেইজনৰ এজনে কলে, ” আমাক আৰু লাজ নিদিব , যদি পাৰে আমাক দয়া কৰি প্ৰাৰ্থনা এটি শিকাই দিয়ক “। কিন্ত পাদ্ৰী মান্তি নোহোৱাত তেওঁলোকে কলে যে , ” আমি বহুত চিন্তা ভাৱনা কৰিছোঁ, খ্ৰীষ্টান ধৰ্মত পৰমাত্মাক তিনিটা ৰূপত ভাবি লোৱা হয় আৰু এই কাৰণে আমি আমাৰ তিনিজনৰ প্ৰাৰ্থনা সৃষ্টি কৰিছোঁ আৰু আপুনি যদি আমাৰ প্ৰাৰ্থনা শুনে আপুনি হাঁহিব “।

 

পাদ্ৰীয়ে কলে, ” গোৱা তোমালোকৰ প্ৰাৰ্থনা , মই নাহাঁহো”। এজনে গোৱা আৰম্ভ কৰিলে, ” পৰমাত্মাৰ তিনিটা ৰূপ সেয়ে আমিও তিনিজন আপুনিও তিনিজন , হে প্ৰভু আমাৰ ওপৰত দয়া কৰা”। এয়া শুনি পাদ্ৰীয়ে কলে, ” তোমালোক সঁচাই বহুত বুৰ্বক মানুহ, মই এনে পাৰ্থনা কেতিয়াও শুনা নাই, এনেদৰে প্ৰাৰ্থনা সম্ভৱ নহয়”। লগে লগে সন্ন্যাসী তিনিজনে কৈছিল, ” আপুনি আমাৰ প্ৰাৰ্থনাক ধৰি নাথাকিব, আপুনি আপোনাৰ প্ৰাৰ্থনা অর্থত গীৰ্জাৰ প্ৰাৰ্থনা শিকাই দিয়ক , আপুনি যি শিকাই দিয়ে তেনেকৈ আমি সদায় প্ৰাৰ্থনা কৰিম”। ইয়াৰ পিছত পাদ্ৰীয়ে গীৰ্জাৰ প্ৰাৰ্থনা শিকাবলৈ আৰম্ভ কৰিলে। নিৰক্ষৰ আৰু অল্পজ্ঞানী সন্ন্যাসী তিনিজনে মনত ৰাখিবলৈ দিগদাৰী পাই পুনৰ এবাৰ শিকাবলৈ অনুৰোধ কৰিলে।

হিট বিহু ভিডিঅ’ – এটি ঢোলৰ কৰুণ কাহিনী ??

Continue reading main post…

great idea of peaceful life

 পাদ্ৰীয়ে পুনৰ প্ৰাৰ্থনা উচ্চাৰণ কৰিলে সন্ন্যাসী কেইজনৰ একো মনত নৰৈছিল আৰু পুনৰ পাদ্ৰীক উচ্চাৰণ কৰিবলৈ অনুৰোধ কৰিলে, পাদ্ৰীয়ে পুনৰ উচ্চাৰণ কৰিলে, সন্ন্যাসী সকলে মনত ৰাখিব নোৱাৰিলে আৰু পুনৰ উচ্চাৰণ কৰিবলৈ অনুৰোধ কৰিলে, পাদ্ৰীয়ে শেষবাৰৰ বাবে উচ্চাৰণ কৰিলে আৰু সন্ন্যাসী কেইজনক মাজে মাজে গীৰ্জালৈ যাবলৈ নিৰ্দেশ দিলে যাতে তেওঁলোকে ভালকৈ প্ৰাৰ্থনা সমূহ শিকি লব পাৰে। পাদ্ৰীৰ কথাক সমৰ্থন জনালে সন্ন্যাসী তিনিজনে। পাদ্ৰীজনে তেওঁৰ সমস্যাৰ কিছু সমাধান হোৱা বুলি মনত ভাবিলে আৰু ইয়াৰ পিছত তেওঁ নিজৰ নৌকাত বহি উভতিবলৈ যাত্ৰা কৰিলে । নৌকা যেতিয়া নদীৰ মাজভাগ পাওঁ পাওঁ হৈছিল তেতিয়া পাদ্ৰীয়ে পিছফালৰ পৰা কোনো লোকৰ চিঞৰ বাখৰ শুনিবলৈ পালে। নৌকাৰ পিছফালে ঘূৰি চাই পাদ্ৰী আচৰিত হৈ পৰিল কিয়নো সেই সন্ন্যাসী তিনিজন জলপৃষ্ঠৰ ওপৰেদি পাদ্ৰীৰ নৌকাৰ ফালে এনেদৰে দৌৰি আহিছে যে তেওঁলোক দৌৰি দৌৰি নদীৰ মাজভাগ পাইছে , তেওঁলোক এনেদৰে দৌৰিছিল যেন পানী নহয় মাটিৰ ওপৰেদি হে দৌৰিছিল।

  তাকে দেখি পাদ্ৰী আচম্বিত হৈ পৰিছিল কিয়নো এনে চমৎকাৰ যিশু খ্ৰীষ্টইহে কৰিব পাৰিছিল। ওচৰলৈ আহি সন্ন্যাসী তিনিজনে পাদ্ৰীক অনুৰোধ কৰিলে সেই প্ৰাৰ্থনাটি আকৌ এবাৰ শিকাই দিবলৈ কিয়নো তেওঁলোকে ইতিমধ্যে প্ৰাৰ্থনাটি পাহৰি পেলাইছে। বিপৰীতে পাদ্ৰীয়ে তলমূৰ কৰি সেই তিনিজন সন্ন্যাসীৰ ভৰি চুই কৈছিল, ” এতিয়ালৈকে মই যি কিছু কৈছোঁ তাৰ বাবে মোক ক্ষমা কৰি দিবা, আৰু মই শিকাই দিয়া প্ৰাৰ্থনাও তোমালোকে পাহৰি যোৱা কিয়নো তোমালোকৰ সৃষ্ট প্ৰাৰ্থনাৰ ইতিমধ্যে জয় হৈছে আৰু তোমালোকৰ প্ৰাৰ্থনাৰ ওচৰত মোৰ প্ৰাৰ্থনাৰ কোনো মূল্য নাই , তোমালোকৰ প্ৰাৰ্থনাই শ্ৰেষ্ঠ কিয়নো তোমালোকৰ প্ৰাৰ্থনা প্ৰভুৰ ওচৰত গ্ৰাহ্য হৈছে আৰু ময়ো আজিৰ পৰা তোমালোকৰ সৃষ্ট এই প্ৰাৰ্থনাই কৰিম , ভুল মোৰেই হৈছিল যে মই তোমালোকৰ প্ৰাৰ্থনাক তাচ্ছিল্য কৰিছিলোঁ”। আৰু পাদ্ৰী তাৰ পৰা গুছি যায়।

এই সৰু গল্পৰ পৰা বুজিব পাৰি যে এইটো গুৰুত্বপূৰ্ণ নহয় যে আমি প্ৰভু ভক্তিৰ বাবে যি প্ৰাৰ্থনা কৰোঁ সেয়া শাস্ত্ৰৰ পৰাই হ’ব লাগিব, বা সেয়া অতি প্ৰাচীন ধৰ্মগ্ৰন্থৰ পৰা হ’ব লাগিব, কিন্ত যদি প্ৰাৰ্থনা নিজৰ অন্তৰাত্মা আৰু মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে সেয়া সৃষ্টিকৰ্তাই অৱশ্যেই শুনিব যিটো লাগিলে দুটি শব্দৰ হওঁক বা অতি সাধাৰণ শব্দৰ নহওঁক কিয়। আমি প্ৰভুৰ বাবে যিয়ে নকৰো সেয়া যাতে আনক দেখুৱাবৰ বাবে নহয়। একেদৰে আমি যি কামে নকৰো সেয়া অত্যন্ত মনযোগেৰে কৰিব লাগিব তেতিয়াহে আমি সেই কামত সফল হ’ব পাৰিম।

জীৱনৰ বহুত বেয়া সময়ত এই কথা মনত পেলাব ! জানিবলৈ তলত ক্লিক কৰক??

 

জীৱনত যেতিয়া অতি বেয়া সময় আহে এই কথ মনত পেলাব !

হিট বিহু ভিডিঅ’ – এটি ঢোলৰ কৰুণ কাহিনী ??

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *