Good work to do on the first day of new year

  প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যাতে আগন্তুক বছৰটো সকলোৰে ভালে কুশলে পাৰ হয় তাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই যত্নপৰ হোৱা উচিত । মান্যতা দিয়া হয় যে কিছুমান কাম নৱবৰ্ষৰ প্ৰথম দিন অৰ্থাৎ বহাগৰ প্ৰথম দিনটোত কৰিলে গোটেই বছৰত অপাই অমংগল হয়। কিয়নো কোৱা হয় যে যদি আৰম্ভণি ঠিক মতে হয় তাৰ পৰিসমাপ্তিও শুভ হয়। তেনে কিছুমান কাম হৈছে :-

Good works to do on the first day of a year

১) বহাগৰ প্ৰথম দিনটোত কেতিয়াও টকা পইচা আনলৈ ধাৰত দিব নালাগে। কিয়নো টকা পইচাক মা লক্ষ্মী মান্যতা দিয়া হয় সেয়ে এই লক্ষ্মী বছৰৰ প্ৰথম দিনত নিজৰ লগতে ৰাখি থোৱা উত্তম।

২) বহাগৰ প্ৰথম দিনটোত কাৰোৰে সৈতে হাই কাজিয়া ইত্যাদি কৰিব নালাগে। পৰিয়াল ,ওচৰ চুবুৰীয়া আৰু আত্মীয়ৰ সৈতে হাঁহি আনন্দেৰে এই প্ৰথম দিনটো কটালে গোটেই বছৰত আনন্দ বিৰাজ কৰে । জ্যেষ্ঠ জনৰ পৰা আশীৰ্বাদ আৰু কণিষ্ঠজনক মৰম চেনেহ যাঁচিব পৰাটো সৌভাগ্যৰ কথা এই দিনটোত।

৩) বহাগৰ প্ৰথম দিনটোত যদি কোনো ভিক্ষাৰি নিছলা আহে তেন্তে তেওঁক খালি হাতে যাবলৈ নিদিব, কিবা নহয় কিবা ভালদৰে খাবলৈ দিব আৰু ভিক্ষা দান কৰিব।

Advertisement

৪) বছৰৰ এই প্ৰথম দিনটোত ভগৱানক প্ৰাৰ্থনা জনাবলৈ নাপাহৰিব। প্ৰাৰ্থনা কৰিব যাতে ভগৱানে আমাৰ পৃথিৱীৰ পৰা বেয়া শক্তি সমূহ নাইকিয়া কৰি দিয়ে আৰু সকলোৰে মঙ্গল কৰে । এই প্ৰথম দিনটোত ” ঔম্ বিষ্ণুই নমঃ ” মন্ত্ৰটি জপ কৰিবলৈ নাপাহৰিব।

Good work to do on the first day of new year

বহাগৰ প্ৰথম দিনটোত কৰক এই তিনি কাম :-

বহাগ হৈছে শুভ আৰু পবিত্ৰ মাহ সেয়ে এই মাহত কিছু শুভ কৰ্ম আৰম্ভণি কৰা মংগলজনক। বহাগৰ প্ৰথম দিনটোত এই তিনিটা কাম কৰা অত্যন্ত মংগলজনক।

১) এই প্ৰথম দিনটোৰ প্ৰাপ্তঃকালত নিজৰ ঘৰৰ উত্তৰ পূব দিশত তিনিজোপা চেনিকলৰ পুলি লগোৱা মংগলজনক। ইয়াৰ ফলত ঘৰৰ পৰিয়ালৰ ওপৰত আচৰিত ধৰণৰ সুপ্ৰভাৱ পৰিব।

২) সেই কলগছৰ ওচৰত এজোপা কলা তুলসী গছ ৰোপণ কৰক। ই ঘৰখনৰ বাবে মংগলজনক যাৰ ফলত ঘৰত কেতিয়াও অশুভ শক্তিৰ প্ৰৱেশ নঘটে।

৩) এই দিনটোত ৰাতিপুৱাৰ ভাগত মাছক খাদ্য খুৱালে মঙ্গল হয় মাত্ৰ খাদ্য খিনিৰ ওপৰত অলপ হালধি ছটিয়াই লবলৈ নাপাহৰিব। এনে কৰিলে আগন্তুক বছৰটিৰ অত্যন্ত মঙ্গল হয় ।

আদৰ্শ নাৰীৰ ৫ টা গুণ জানিবলৈ তলত ক্লিক কৰি পঢ়ক

আদৰ্শ নাৰী চিনি লওঁক এই ৫ লক্ষণৰ পৰা !

হিট বিহু ভিডিঅ’ – এটি ঢোলৰ কৰুণ কাহিনী 👌👌

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *