এই খাদ্যই গেৰান্টী সহকাৰে Nerveৰ সমস্যা দূৰ কৰিব!!

এই খাদ্যই গেৰান্টী সহকাৰে Nerve ৰ সমস্যা দূৰ কৰিব!!

বয়সৰ লগে লগে জীৱনৰ কোনো স্তৰত প্ৰত্যেক লোকে স্নায়ু অৰ্থাৎ nerve ৰ সমস্যাত এবাৰ হলেও ভোগে। এই সমস্যাৰ মূলতে হ’ল ভুল খাদ্য অভ্যাস, খাদ্যত এই স্নায়ু কোষৰ বাবে প্ৰয়োজনীয় ভিটামিনৰ অভাৱ,

BAD HABITS THAT CAUSES PERIPHERAL NEVE PROBLEMS

নিয়মিত শৰীৰ চৰ্চ্চাৰ অভাৱ, আঘাটজনীত কাৰণ, নিচাজাতীয় দ্ৰব্য সেৱন আৰু দেহত সংঘটিত অইন ৰোগ (ডায়েবেটিচ, উচ্চ ৰক্তচাপ, কেঞ্চাৰ) ৰ উপসৰ্গ হিচাপেও স্নায়ু সমূহ দুৰ্বল হৈ বিভিন্ন সমস্যা যেনে হাত ভৰি জিন জিন কৰা, হঠাতে হাত ভৰিৰ কোনো ঠাইত খামুচি ধৰা, বিষ বা জ্বলা পোৰা অনুভৱ কৰা, শুই থাকোতে ভৰিৰ কলাফুল শিলৰ দৰে টান হৈ বিষ কৰা হাতৰ পৰা কোনো কাৰণ নোহোৱাকৈ লৈ থকা বস্তু পৰি যোৱা, হাত ভৰি দুৰ্বল অনুভৱ কৰা আদি লক্ষণ আহিব পাৰে।

FOODS THAT CURE NERVINE DISODERS

আনকি এই স্নায়ু বেছিকৈ দুৰ্বল হৈ জঠৰ হৈ পৰিব বা সংজ্ঞাহীন হৈও পৰিবও পাৰে। চিকিৎসা বিজ্ঞানত এনে পৰিঘটনা বোৰক নিউৰ’পেথি বুলি কোৱা হয়।

কিন্তু কিছু খাদ্য বিশেষ নিয়মীয়া ভাবে গ্ৰহণ কৰাৰ অভ্যাসে এই নিউৰ’পেথিকো বহু দূৰত ৰাখিবলৈ সক্ষম হয়। এই খাদ্য ভাগ হৈছে:-

১) এচিতাইল এল কাৰ্নীতিন থকা খাদ্য সেৱন:- এইবিধ হৈছে দেহত প্ৰয়োজন হোৱা এবিধ এমিনো এচিড যিয়ে দেহত শক্তিৰ যোগান ধৰিব পাৰে। এই এচিডে স্নায়ুকোষ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে, স্নায়ুৰ বিষ নিৰ্মূল কৰে। এই এমিনো এচিড মাছ, মাংস , কণী আৰু গাখীৰ আদিত পোৱা যায়।

Fish, egg, meat, soyabeen are purine rich food that enhances recurring kidney stones

 এই এমিনো এচিড বিধ বজাৰত কিনিবলৈ পোৱা যায়। এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে এই এমিন এচিড দৈনিক ৩ গ্ৰামৰ প্ৰয়োজন।

২) আলফা লিপলিক এচিড থকা খাদ্য :- দেহত কাৰ্বহ্যড্ৰেট বিয়োজন হৈ শক্তিলৈ ৰূপান্তৰ হ’বলৈ আলফা লিপলিক এচিডৰ প্ৰয়োজন। লগতে এইবিধ হৈছে এক শক্তিশালী এন্টী অক্সিডেণ্ট। এই আলফা লিপলিক এচিডেৰে ডায়েবেটিচ ৰোগীৰ স্নায়ু সমস্যাৰ চিকিৎসা কৰা হয়। তাৰোপৰি ই স্নায়ুদুৰ্বলৰ পৰা হোৱা বিষ উপশম কৰে, উচ্চ ৰক্তচাপ কমাই। এজন লোকক দৈনিক এই এচিড ৬০০-১২০০ মিলিগ্ৰাম প্ৰয়োজন হয়। এইবিধ দ্ৰব্য থকা খাদ্যসমূহ হৈছে- পালেং শাক, ব্ৰকলী, ৰঙা মাংস, জীৱ  জন্তুৰ লিভাৰ আদি।

৩) ভিটামিন B কম্প্লেক্স থকা খাদ্য :- দেহৰ সকলো পাক বিপাক ক্ৰিয়া সুচাৰুভাৱে চলিবলৈ এই ভিটামিনৰ প্ৰয়োজন। এই ভিটামিন বিধ দেহৰ কাৰ্বহ্যড্ৰেট, চৰ্বী, প্ৰটিনক বিপাক কৰি শক্তি উৎপাদন ক্ৰিয়াত ব্যৱহাৰ হয়। যদিহে আমি যথেষ্ট পৰিমাণে এই ভিটামিন নাখাও আমি ভাগৰুৱা হৈ পৰো, দুৰ্বল হৈ পৰো আৰু ৰক্তহীনতাত ভুগিব পাৰো। এই কম্প্লেক্স ৰ থয়ামিনে নাৰ্ভৰ ক্ষতিৰ ফলত হোৱা বিষ কম কৰিব পাৰে। ভিটামিন B6 য়ে নাৰ্ভৰ ক্ষয় ক্ষতি ৰোধ কৰে, ই নাৰ্ভৰ কোষ নিউৰন ক পুনৰুজ্জীৱিত কৰি তুলিব পাৰে আৰু ভিটামিন B12 য়ে দেহৰ ভাগৰ কমাই, বুদ্ধিমত্তা বঢ়াই ।

FOOD THAT WILL INHIBIT NERVINE DISORDERS

এই ভিটামিন B কম্প্লেকছ বেছিকৈ থকা খাদ্য সমূহ :- মাছ, মাংস, কণী, গাখীৰ, সেউজীয়া শাক পাচলি, বাদাম আৰু ডাইল জাতীয় খাদ্য।

৪) গ্লুটাথায়েমীন সমৃদ্ধিশালী খাদ্য সমূহ:- গ্লুটাথায়েমীন হৈছে তিনি ধৰণৰ এমিনো এচিড আৰু ই দেহত শক্তিশালী এন্টী অক্সিডেণ্টৰ কাম কৰে। এই এমিন এচিড সমূহ হৈছে গ্লুতামিন, গ্লাইছিন আৰু চিছটিন।

এই গ্লুটাথায়েমীন পালেং শাক, এভাকদা, ব্ৰকলী আৰু কবিত পোৱা যায়। এই গ্লুটাথায়েমীনে নাৰ্ভৰ পার্কিনচন ৰোগ, ডায়েবেটিচ আৰু কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে।

FOODS THAT CAUSES KIDNEY STONES

৪) অমেগা ৩ ফেঁটী এচিড থকা খাদ্য :- ই হৈছে আন এবিধ এন্টী অক্সিডেণ্ট। মাছৰ তেলত ইয়াৰ মাত্ৰা বেছিকৈ পোৱা যায়। এই এচিডে নাৰ্ভৰ ক্ষতি ৰোধ কৰে, নাৰ্ভৰ পৰা হোৱা বিষ কমাই আৰু আৰু মাংসপেশীৰ জঠৰতা কমাই। এজন লোকক দৈনিক ২৫০০ ৰ পৰা ৪০০০ মিলি গ্ৰাম অমেগা ৩ ফেঁটী এচিডৰ প্ৰয়োজন।

৫) মেগনেছিয়াম সমৃদ্ধ খাদ্য :- মেগনেছিয়াম হৈছে এবিধ খনিজ লৱন যিয়ে দেহৰ প্ৰায় ১০০ তকৈ বেছি জৈৱ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে, DNA উৎপাদনত সহায় কৰে, মাংসপেশীৰ সংকোচন প্ৰসাৰণত সহায় কৰে। দেহৰ কোষত বিষৰ উৎপাদন নোহোৱাকৈ ৰাখে মেগনেছিয়ামে। দৈনিক মেগনেছিয়ামৰ প্ৰয়োজন হয় ৪০০ মিলিগ্ৰাম। এই মেগনেছিয়ামে ডায়েবেটিক নিউৰ’পেঠি, নিউৰেলজীয়া আৰু পেৰিফেৰাল নিউৰ’পেঠি উপশম কৰিব পাৰে।

মেগনেছিয়াম সমৰ্দ্ধ খাদ্য সমূহ হৈছে কল, তেল থকা মাছ, বাদাম আৰু ডাইল জাতীয় খাদ্য আৰু সেউজীয়া শাক পাচলি।

৬) গ্লুতামিন সমৃদ্ধ খাদ্য:- খাদ্যনলীৰ পাক বিপাক ক্ৰিয়াত ইন্ধনৰ দৰে অংশ লোৱাৰ উপৰিও এই এমিন’ এচিড বিধ হৈছে দেহৰ ৰোগ প্ৰতিৰোধী কোষসমূহৰ শক্তিৰ উৎস । ই ঘাঁ শুকুৱাত সহায় কৰে, প্ৰটিন উৎপাদনত সহায় কৰে। ই মাংসপেশীৰ দুৰ্বলতা কমাব পাৰে। গ্লুতামিন সমৃদ্ধ খাদ্য সমূহ হৈছে মুৰ্গী মাংস, মাছ, কবি, গাখীৰ, পালেং শাক, বীণ আৰু ডাইল।

Grapes good for brain and neuron

৭) হালধী:- ইয়াত সমৃদ্ধ কুৰকামিন নামৰ জৈৱিক পদাৰ্থ বিধৰ এন্টী ইনফ্লেমেতৰি গুণ আছে। এই হালধি এলজেমৰ ৰোগ, ডিপ্ৰেছণ, হৃদৰোগ আদিৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে বাবে ইয়াক চুপাৰ ফুডৰ তালিকাত সন্নিবিষ্ট কৰা হৈছে। ই নাৰ্ভৰ বিষ আৰু জিন জিননি কমাব পাৰে।

৮) কো – এনজাইম Q ১০ সমৃদ্ধ খাদ্য:- ই চৰ্বীত বিয়োজন হোৱা দ্ৰৱ্য যি হৃদৰোগৰ বাবে অত্যন্ত উপকাৰী। ই দেহত শক্তি দিয়ে আৰু দেহৰ প্ৰতিৰক্ষক হিচাপে কাম কৰে। নাৰ্ভ সমূহক শক্তি যোগান ধৰে আৰু এন্টী অক্সিডেণ্ট গুণ থকা বাবে দেহক পৰিৱেশৰ প্ৰদূষণ, দেহৰ ভিতৰত উৎপাদন হোৱা টক্সিন সমূহৰ পৰা হ’ব খোজা ৰোগৰ পৰা বচাই ৰাখে। দেহৰ হৃদযন্ত্ৰ, লিভাৰ, কিডনি , ছাল, এদৰিনেল গ্লেণ্ড, স্প্লিন, মাইট’কন্ড্ৰীয়া সকলোতে থাকে এই এনজাইম। কিন্তু বয়সৰ লগে লগে এই এনজাইম বিধৰ পৰিমাণ দেহত হ্ৰাস হৈ গৈ থাকে।

FOOD THAT BOOST NERVES

  নাৰ্ভৰ ৰোগ সমূহো এই এনজাইম বিধে হ্ৰাস কৰিব পাৰে। হাড় নোহোৱা মাংস, ফুলকবি, ব্রকলি, ডাইল আদিত এই এনজাইম বিধ বেছিকৈ পোৱা যায়।

Share it with:

2 Comments

  1. জানিব পাৰি ভাল লাগিল, ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *