Nature of stupid people

অসৎ লোকৰ ১৬ টা অসৎ লক্ষণ ! সৎ লোক Vs অসৎ লোক !

  আপোনালোকে হয়তো শুনিছে যে কিছু কথা মানুহক সুধিব নালাগে যেনে বিয়া কেতিয়া হ’ল, ঘৰ কেতিয়া বনালে , দৰমহা কিমান পাই আদি প্ৰশ্ন হঠাতে মানুহক কৰি দিব নালাগে। আপুনি কেইজনমান বন্ধুৰ সৈতে কিবা ধেমালি কৰি আছে সেই সময়ত যদি কোনো এজনে একেবাৰে আগ্ৰহ দেখুৱা নাই বা হাঁহিবলৈ ইচ্ছা কৰা নাই তেন্তে সেই সময়তে সেই কাৰ্য্য বন্ধ কৰা দৰকাৰী কিয়নো তেওঁ হয়তো সেই ধেমালিক ঠাট্টা হিচাপে লৈছে। মানুহৰ জীৱনৰ এনে কিছুমান ক্ৰিয়া কাণ্ড ঘটি থাকে যিবোৰ অজানিতে আমি কৰি পেলাও যদিওবা  সেইবোৰে ভৱিষ্যতে কিছু নেতিবাচক প্ৰভাৱ পেলাই। আৰু সেইবোৰ সদায় কৰি থাকিলে হয়তো লোক এজন আন এজনৰ সন্মুখত খুব সৰু হৈয়ো যাব পাৰে।

Never do these ill practices otherwise premature hair fall will begin !

১) মুখামুখিকৈ কাৰোবাৰ সৈতে কথা কওঁতে নিজৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি থকা অনুচিত। আপুনি স্মাৰ্টফোন চলাই আছে আৰু সন্মুখৰ জনৰ সৈতে কথা পাতি আছে সেই বিষয়টিক অভদ্ৰতা বুলি গণ্য কৰা হয়।

২) যদিহে কোনো বিষয় আপোনাৰ সৈতে জড়িত নহয় সেই বিষয়ত অনাহকত সোমাই পৰা ভদ্ৰতাৰ পৰিচায়ক নহয়।

৩) কোনোৱে যেতিয়া নিজৰ পাছৱৰ্ড টাইপ কৰে সেই সময়ত ভদ্ৰ লোকে নিজৰ চকু আনফালে ঘূৰাই দিয়ে আৰু ইয়াক সততাৰ এটি অংগ বুলিও কোৱা হয়।

৪) ৰাজপথত গাড়ী চলালে অৱশ্যে ভদ্ৰভাৱে চলাব লাগে , আপোনাৰ গাড়ী চলোৱাৰ নমুনাই আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক মূল্যবোধৰ ধাৰণা দিয়ে।

৫) অপৰিচিত কাৰো ফালে আঙুলিয়াই নিৰ্দেশ কৰিব নালাগে , এইটোৱে অভদ্ৰতা বিয়পোৱাৰ লগতে যিজনক আঙুলি দেখুৱা হয় তেৱোঁ অস্বস্তিত পৰে।

৬) যদিহে বন্ধু বা সহকৰ্মীৰ সৈতে কেতিয়াবা বাহন শ্বেয়াৰ কৰিছে, আৰু যদি বাহনৰ ভাড়া আপোনাৰ বন্ধুজনে আজি দিছে তেন্তে অহাকালিৰ ভাড়া আপুনি দিয়া উচিত।

৭) কাৰো ব্যক্তিগত কথাত কেতিয়াও হস্তক্ষেপ কৰিব নালাগে যেতিয়ালৈকে আপোনাৰ পৰা উপদেশ নিবিচাৰে, যদি সহায় বিচাৰিছে সেইটো বেলেগ। আৰু যদি সহায় নিবিচৰাকৈ হস্তক্ষেপ কৰিবলৈ যায় নিজেই অপমানিত হ’ব লাগিব।

৮) খোৱা লোৱা শেষ হোৱাৰ পিছত নিজৰ চকীখন সঠিক ঠাইত ৰাখক যাতে আনৰ অসুবিধা নহয়।

৯) কোনো অনুষ্ঠানত গলে গিফ্ট অৱশ্যে লৈ যাব লাগে, লাগিলে আপোনাৰ গিফ্ট আনৰ তুলনাত অতি নগণ্য। ইয়াৰ ফলত আপোনাৰ সৌজন্যতা প্ৰকাশ পায়।

12 qualities of intelligent woman

১০) কাৰোবাৰ সৈতে বহুদিনৰ পিছত দেখা হলে ভাই তুমি মোটা হৈ গৈছা, ক্ষিণাই গৈছা, বগা হৈ গৈছা কলা হৈ গৈছা, চুলি পকি গল ইত্যাদি প্ৰশ্নবোৰ কৰিব নালাগে। কাৰণ কাৰোবাৰ ব্যক্তিগত কথাৰ ওপৰত মন্তব্য দিয়া এক অভদ্ৰতা।

১১) জনবহুল ঠাইত বইফ্রেণ্ড, গাৰ্লফ্ৰেণ্ডে  বা স্বামী স্ত্ৰীয়ে সাৱটি ধৰা, চুমা খোৱা ইত্যাদি বোৰ অভদ্ৰতা।

১২) কোনো পৰিস্থিতি বেয়া নহয়, আমাৰ প্ৰতিক্ৰিয়াই পৰিস্থিতিক সহজ আৰু টান কৰি পেলাই সেয়ে সকলো পৰিস্থিতিক সহজ ভাবে লোৱাটো এক ভদ্ৰতা।

১৩) কাৰোবাৰ কোঠা বা ঘৰত প্ৰৱেশ কৰাৰ আগতে কলিং বেল বজাই দিয়া, এবাৰ দৰ্জাত নক্ কৰা বা জোৰকৈ চিঞৰি মাত দিয়া ভদ্ৰতা। নিজৰ অতি আপোন লোকজন ঘৰৰ ভিতৰত থাকিলেও এই অভ্যাস এক ভাল স্বভাৱ।

১৪) কাৰোবাক বেয়া পালে বা কাৰোবাৰ পৰা বিৰক্ত হ’লে চিধাকৈ সেই ব্যক্তিজনকে কৈ দিয়ক বা প্ৰকাশ কৰক ; বিকল্প হিচাপে আনৰ আগত কৈ পৰনিন্দা বিয়পোৱা অনুচিত।

১৫) কিছুমান ঠাইত মনে মনে থকা উচিত যেনে হস্পিতালত, ৰেষ্টুৰেণ্টৰ অপেক্ষা কোঠা ( waiting room) আনকি কিছুমান ঠাইত নীৰৱতা ৰাখিবলৈ লিখাও থাকে, সেই ঠাইত উচ্চস্বৰে কথা কোৱা অনুচিত লগতে নিজৰ ফোন চাইলেণ্ট কৰি ৰখা উচিত।

Life after 40 years

১৬) সদায় আৰু সকলো সময়ত অভিজ্ঞতা অৰ্জন কৰিবলৈ প্ৰয়াস কৰিব । এজন মনোযোগী ব্যক্তি আৰু মনোযোগী পৰ্যবেক্ষক হৈ আন দহজনক অনুসৰণ কৰা উচিত। কোনো কথাৰ উত্তৰ দিয়াৰ আগতে সন্মুখৰ কেইজনৰ কথা ভালদৰে শুনি লোৱা উচিত। তেতিয়া আপোনাৰ চিন্তাক ইতিবাচক বুলি গণ্য কৰা হ’ব। 

ভদ্ৰতা কোনো দুৰ্বলতা নহয়, ভদ্ৰতা গুৰুজনা আৰু মা – পিতাৰ পৰা পোৱা এক শিক্ষা, যি শিক্ষা মূল্য দি স্কুল কলেজৰ পৰা কিনিবলৈ পোৱা নাযায়। এজন মানুহ কিমান সৎ, কিমান ভদ্ৰ সেয়া নিৰ্ভৰ কৰে তেওঁৰ সততা, আচৰণ , ব্যৱহাৰ আৰু ভাল – ভাল অভ্যাস সমূহৰ ওপৰত। কথাখিনি ভাল লাগিলে বিলাই দিব।

নিজৰ জীৱনক অইনৰ সৈতে তুলনা কৰা লোক কিয় দুখী হয় জানিবলৈ তলত ক্লিক কৰক

আনৰ সৈতে তুলনা কৰি নিজক হেয় প্ৰতিপন্ন কৰা লোক সদায় দুখী হয় !

সুন্দৰ কমেদি ভিডিঅ’ 👇👇 অসভ্য বেটা 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *