শিশুৰ মগজুক এটি কম্পিউটাৰতকৈ বেছি শক্তিশালী ৰূপে গঢ় দিয়ক এনেদৰে !

  কেতিয়াবা Blessed mind ৰ কথা শুনিবলৈ পাইছেনে ? Blessed mind ইমানেই শক্তিশালী হয় যে যি লোক এই Blessed mind ৰ অধিকাৰী হয় তেওঁ এখন মোটা পৃষ্ঠাৰ কিতাপ এবাৰ মাত্ৰ পঢ়িলে দ্বিতীয় বাৰ আৰু কোনোকালে নপঢ়িলেও হয়,  এক বাৰতে জেৰক্স কৰাৰ দৰে গোটেই কিতাপ খন আয়ত্বলৈ আহে। যদি এই Blessed মনে ভালদৰে সঠিক দিশত কাম কৰে তেতিয়া সেই মনে বিশ্ব বিজয় কৰিব পাৰে আৰু যদিহে ভুল পথেৰে কাম কৰে সকলো ধংশ কৰি পেলাব পাৰে। কাৰণ এই Blessed mind ক নিয়ন্ত্ৰণ কৰে মগজুৱে। এই Blessed mind পাবলৈ অৰ্থাত মগজুক শক্তিশালী আৰু প্ৰখৰ কৰি গঢ়িবলৈ দুটি বস্তুৰ প্ৰয়োজন ১) মগজু আৰু মনৰ ব্যায়াম আৰু ২) মগজু আৰু মনটোৰ জিৰণি দিয়া।

মগজুৰ ব্যায়াম সমূহ হৈছে :-

১) সমানে দুয়োখন হাত ব্যৱহাৰ কৰা। পৃথিৱীৰ প্ৰায় ৯0 শতাংশ লোকে সোঁহাতেৰে কাম কৰে আৰু ৯ শতাংশ লোকে বাওঁহাতেৰে কাম কৰে। আৰু ১ শতাংশ লোক উভয় হাতেৰে কাম কৰাৰ সক্ষমতা ৰাখে , তেওঁলোক কিন্তু এই পৃথিৱীৰ Genius  । সেয়ে সদায় ৰাতিপুৱা কাম কৰাৰ সময়ত কিছু সময় হলেও সদায় ব্যৱহাৰ কৰা হাতখন এৰি অন্যখন হাতেৰে কিছু কাম কৰাৰ অভ্যাস গঢ়িব লাগে। এয়া কৰিলে মগজুৱে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হয় যাৰ ফলতে লোকজনৰ Focus আৰু Balance বৃদ্ধি হয়। যদিওবা প্ৰথমে কিছুদিন কৰিবলৈ টান লাগিব তথাপি সদায় কৰি গলে সেয়া সহজ হৈ পৰিব।

Student study motivational talk

২) প্ৰতিদিনে চাৰিটা বস্তু বা বিষয় নিৰীক্ষণ কৰা। অৰ্থাৎ আপুনি প্ৰতিদিনে যিসমূহ মানুহৰ সৈতে সম্পৰ্কত থাকে তাৰে চাৰিজনৰ এজন মানুহৰ চাৰিটা বিশেষ চৰিত্ৰ বা গুণ অথবা দোষ ভালদৰে নিৰীক্ষণ কৰক প্ৰতিদিনে। আৰু দিনৰ শেষত সেই চাৰিটা গুণ মনত পেলাবলৈ যত্ন কৰক। যদি ভালদৰে মনত পৰিছে তেন্তে পিছৰ দিনা যেতিয়া অইন এজনক নিৰীক্ষণ কৰিব তেতিয়া তেওঁৰ চাৰিটাতকৈ বেছি গুণ দোষ মনত ৰখাৰ চেষ্টা কৰক। তেতিয়া মগজুৰ কোষ সমূহ বেছি বেছি বেছি Alert হৈ গৈ থাকিব।

৩) Chopsticks ৰে খাদ্য গ্ৰহণ কৰক। মাজে মাজে Chopsticks  অথবা চামুচেৰে খাদ্য গ্ৰহণ কৰিলে মগজুৰ খুব ধুনীয়া ব্যায়াম হৈ যায় কাৰণ এনে কৰোঁতে মগজুৰ খুব মনোযোগৰ প্ৰয়োজন হয়। ফলত মগজুৰ কৰ্মশীলতা বৃদ্ধি হয় ।

৪) ৯0 চেকেণ্ডৰ বাবে হাতৰ মুঠি চেপি ধৰা। প্ৰতিদিনে ৯0 চেকেণ্ডৰ বাবে সোঁ হাতৰ মুঠি চেপি ধৰিলে স্মৃতি শক্তি বৃদ্ধি হয় আৰু মগজু শক্তিশালী হয়। আৰু বাওঁ হাতৰ মুঠি যদি প্ৰতিদিনে ৯0 চেকেণ্ডৰ বাবে চেপি ধৰে তেতিয়া মনত পেলোৱা শক্তি (recall power ) বৃদ্ধি হয়। মগজুত সোমাই থকা বেলেগ বেলেগ খবৰবোৰ মনত পেলোৱাত সহায়ক হয়।

৫) হৃদযন্ত্ৰ মজবুট ৰাখিবলৈ কৰা শাৰীৰিক ব্যায়াম। মানুহৰ হৃদযন্ত্ৰ ভালে ৰাখিবলৈ নিয়মীয়া শাৰীৰিক ব্যায়ামৰ দৰকাৰী। নিয়মীয়া কৈ এঘণ্টা শাৰীৰিক ব্যায়াম কৰিলে হৃদৰোগ নহয় আৰু হৃদযন্ত্ৰ শক্তিশালী হৈ থাকে । শাৰীৰিক ব্যায়ামত হৃদযন্ত্ৰৰ কম্পনৰ মাত্ৰা বৃদ্ধি পাই আৰু তাৰ ফলতে মগজুত থকা হিপোকেম্পাছ নামৰ অংশ ডাঙৰ হৈ গৈ থাকে যি হিপোকেম্পাছে নতুন কথা জমা ৰখাত সহায় কৰে।

মগজু আৰু মনৰ জিৰণি :-

how to handle stupid child by parents

টোপনি মাৰিলেই মাত্ৰ মন আৰু মগজুৱে জিৰণি নাপায়। টোপনিৰ সময়ত মগজু বেছিকৈ সক্ৰিয়হে হয়। প্ৰথমে এটা কথা বুজি লওঁক মনোযোগ ( concentration ) কি ? ধৰি লওঁক আপুনি এক নিৰ্জন ঠাইত বহি অকলশৰে কিবা এটা বিষয় বা বস্তুৰ বিষয়ে চিন্তা কৰা আৰম্ভণি কৰিছে, যদি এক মিনিট, দুই মিনিট বা পাছ মিনিটৰ পিছত আপোনাৰ মনত অন্য এটি বিষয় আহি গৈছে তেন্তে জানিব সেই পাছ মিনিট আছিল আপোনাৰ মনোযোগ সময়। মনোযোগ সময় যিমানে বেছি হয় সিমানে মগজুৱে প্ৰখৰতা লাভ কৰে। আৰু মনোযোগ কম হোৱাৰ কাৰণ এটাই সেইটো হৈছে মনৰ অৱস্থিতি। কিয়নো মানুহৰ মনৰ অৱস্থিতি তিনি ধৰণৰ হৈথাকে ১) Monkey mind ২) Concentration mind ৩) Blessed mind . পৃথিৱীৰ ৯0% মানুহৰ মন Monkey mind ৰ হয়, যেনেকৈ এটি বান্দৰে কেতিয়াও শান্তভাৱে স্থিৰ থাকিব নোৱাৰে ঠিক একেদৰে Monkey mind ৰ মনৰ মানুহৰ ক্ষেত্ৰতো একে কথা , এওঁলোকৰ মনত মুহূৰ্ততে ভিন্ন ভিন্ন চিন্তাধাৰা সলনি হয়।

writing is more important to recollect subjects

 এনে লোক কেতিয়াও বুদ্ধিমান হ’ব নোৱাৰে। Concentration mind ৰ মনৰ মানুহে একাগ্ৰতাৰে নিৰ্দিষ্ট বিষয়ত মনোযোগ ৰাখে। এনে মনৰ মানুহে কোনো কামত মনোনিবেশ কৰিলে তেওঁ সেই কাম শেষ কৰিহে এৰে। Monkey mind ক Concentration mind লৈ ৰূপান্তৰ কৰিবলৈ প্ৰয়োজন একাগ্ৰতা বঢ়াই তোলাৰ। Blessed mind ৰ লোকৰ সদায় নিজৰ মন আৰু মগজুৰ ওপৰত নিয়ন্ত্ৰণ থাকে। তেওঁলোকে নিজৰ focus অনুসৰি নিজৰ মন আৰু মাগজুক নিয়ন্ত্ৰণ কৰে। এনে লোক সমূহ এই পৃথিৱীত Genius .

সেয়ে Monkey mind আৰু Concentration mind ক Blessed mind লৈ পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজন ধৈৰ্য্য আৰু মনযোগৰ । এই ধৈৰ্য্য আৰু মনোযোগ বঢ়োৱাৰ বাবে প্ৰয়োজনীয় হৈছে ধ্যানৰ ( Meditation) । যাৰ উত্তম সময় ৰাতিপুৱা ৪.০০ বজাৰ পৰা ৪.৩০ ঘণ্টালৈ। এই ধ্যান কিৰিলে মন আৰু মগজুৰ বিশ্ৰাম হয়, মন আৰু মগজুৱে জিৰণি পায়। অতি কমেও ১০ মিনিটৰ বাবে যদি এই ধ্যান কৰা হয় নিশ্চিত ভাৱে মগজু প্ৰখৰ হৈ পৰিব ।

শিশুক কেনে আচৰন কৰাৰ পৰা পিতৃ মাতৃ দুৰৈত থাকিব লাগে জানিবলৈ তলত ক্লিক কৰক

আপোন সন্তানৰ সৈতে এই আচৰণ সমূহ কৰে নেকি আপুনি ?সাৱধান !-

হিট কমেদি ভিডিঅ’ 👇👇 আইতাৰ পাগলা নৃত্য 😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *