পতি – পত্নীৰ এই ৬ টি অভ্যাসে জীৱন আৰু সংসাৰ শেষ কৰি দিয়ে !

এখন সুখৰ সংসাৰ উপভোগ কৰিবলৈ পতি আৰু পত্নীৰ মাজত বহুত বুজাবুজিৰ প্ৰয়োজন। আৰু তাৰ বাবে উভয়ৰে সমাজ আৰু সংস্কাৰ সম্বন্ধীয় কিছু জ্ঞান থকা অৱশ্যে দৰকাৰী।  এখন ঘৰক স্বৰ্গ সাজি উভয়ে সুখ আৰু শান্তিৰে জীৱন উপভোগ কৰিবলৈ নিজৰ নিজৰ কিছু অভ্যাস এৰি, কিছু এৰাধৰাৰ মাধ্যমৰ জৰিয়তে পতি পত্নী উভয়ে খোজত খোজ মিলাই যোৱা অত্যাৱশ্যকীয়। সেই অভ্যাস আৰু বিষয় সমূহ হৈছে –

Advertisement

১) খং :- পতি আৰু পত্নীৰ মাজত সৰু বিষয় এটিত খং ৰাগ কৰাৰ স্বভাৱে সংসাৰত জুই লগাই দিব পাৰে। আৰু সেই পৰিয়ালত কোনো শান্তি নাথাকে বৰং আশান্তিৰে ভৰি পৰে, উভয়ে সদায় মানসিক ভাৱে ব্যথিত হৈ থাকে আৰু এনে অৱস্থাৰ পৰিনীতিত ভাল কামো বেয়া হৈ পৰে।

love marriage Vs arrange marriage

২) গোপনীয়তা :- বৈবাহিক জীৱনৰ সুখ শান্তিৰ বাবে এইটো দৰকাৰী যে পতি আৰু পত্নীৰ মাজৰ কথা যাতে অইন তৃতীয় ব্যক্তি অৱগত নহয়। আনকি সামান্য মনোমালিন্যৰ কথা যাতে আনে গম নাপায় সেইটোৰ ওপৰত গুৰুত্ব ৰখা অতি দৰকাৰী। আৰু এনেবোৰ কথা যিমানেই গোপন থাকে সিমানে সম্পৰ্ক মজবুট হৈ থাকে। নিজৰ মাজৰ ভুল – দোষ বোৰ সীমিত ৰাখি ভাল কথাবোৰৰ চৰ্চা কৰা পতি – পত্নী সদায় সুখত থাকে, লগতে তেওঁলোকৰ ইজন সিজনৰ মাজত সন্মান বৃদ্ধি হয় ।

love marriage Vs arrange marriage which is better ?

৩) খৰছ :- নিজৰ আয়তকৈ ব্যয় সদায় বেয়া। সেইগৰাকী হৈছে আদৰ্শ নাৰী যিয়ে স্বামীৰ আয়ৰ ওপৰত পৰিয়ালৰ চাহিদা সীমাবদ্ধ ৰাখে। পতি পত্নী উভয়ে আমদানি আৰু চাহিদা উপাৰ্জনৰ লগত সমতুল্য কৰি আগবাঢ়ি যোৱা পৰিয়ালৰ বাবে মঙ্গলজনক। তাৰ মাজতে কিছু ধন সাঁচি ৰখাৰ বুদ্ধি উভয়ৰে থকা অত্যন্ত জৰুৰী আৰু তেতিয়া ভৱিষ্যত দুখত পৰিব নালাগে। কাৰণ অভাৱ আৰু দুখে সুখী পৰিয়ালৰ সুখ শান্তি বহু ক্ষেত্ৰতে কাঢ়ি নিয়ে।

৪) মৰ্যাদা :- মৰ্যদা ৰক্ষা কৰি জীৱন যাপন কৰা লোক সদায় সুখী থাকে আৰু মৰ্যাদা উলংঘন কৰা ব্যক্তিয়ে জীৱনত বহু দুখ ভুগিব লাগে। যিমান বিপদ আৰু নাটনি আহিলেও ব্যক্তি বিশেষে মৰ্যদা আৰু নিজৰ সংস্কাৰ পাহৰিব নালাগে।

love marriage Vs arrange marriage which is better ?

৫) ধৈৰ্য্য :- ই হৈছে মানুহৰ জীৱনৰ এক অভিন্ন গুণসমূহৰ মাজত এটি। সংকটৰ সময়ত যি পতি পত্নীয়ে ধৈৰ্য্য ৰাখিব জানে তেওঁলোকে জীৱন কষ্ট ভুগিব নালাগে । ধৈৰ্য্য এৰি দিয়া মানুহে জীৱনত হতাশা, নিৰাশা আদি নানান সমস্যাৰ সন্মুখীন হয়।

৬) মিছা :- পতি – পত্নীৰ সম্বন্ধত মিছাৰ কোনো ঠাই নাথাকে। যদিহে কোনোবাই মিছাৰ আশ্ৰয় লয় , এটা সময়ত সেই মিছা পোহৰলৈ আহি সম্বন্ধত জুই লগাই। মিছা কথাই এটা সম্বন্ধ পুৰি চাৰখাৰ কৰি পেলাই।

প্ৰিয়জনক সদায় নিজৰ মাজত ৰাখিবলৈ ৬ টা টিপছ্ তলত ক্লিক কৰি পঢ়ক

এই ৬ টি টিপছ্ জানিলে আপোনাক তেওঁ/তাই মিছ্ কৰিব প্ৰতি মুহূৰ্ততে !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *