true love tips

এই ৬ টি টিপছ্ জানিলে আপোনাক তেওঁ/তাই মিছ্ কৰিব প্ৰতি মুহূৰ্ততে !!

   যিসকল লৰাৰ ভালপোৱা নাই তেওঁলোকৰ মনটো সদায় ব্যাকুল হৈ থাকে যে কেতিয়ানো কোনোবা আহি তেওঁৰ হৃদয়ৰ শূণ্য ঠাই টুকুৰা পূৰণ কৰিব ; কাৰণ ভালপোৱাৰ সুন্দৰ অনুভূতি প্ৰত্যেকই অনুভৱ কৰাৰ হাবিয়াস কৰে। আৰু যিসকলৰ ইতিমধ্যেই প্ৰেমিক বা প্ৰেমিকা আছে তেওঁলোকে প্ৰতি সময়ত ভাবি থাকে যে তেওঁ, এই সময়ত কি তেওঁ মোৰ কথা মনত পেলাইছেনে ? তেওঁ মোক মিছ্ ( missed ) কৰি আছেনে ? প্ৰত্যেক প্ৰেমিক প্ৰেমিকাই তেওঁ ৰিলেচনত থকা জনে তেওঁক মিছ্ কৰাটো পছন্দ কৰে, কিয়নো যিমানেই মিছ্ কৰিব বা মনত পৰিব সিমানেই সম্পৰ্কৰ গাঢ়তা বৃদ্ধি হয়। আৰু যদিহে তেওঁ আপোনাক সকলো সময়তে মিছ কৰি থাকে তেন্তে জানিব আপুনি এজন লাকী মানুহ অৰ্থাৎ সফল প্ৰেমীক ।

3 SIGNS OF TRUE LOVE

 কিছুমানৰ ক্ষেত্ৰত আকৌ এনেকুৱা হয় যে তেওঁ আগতে বহুত মিছ্ কৰিছিল কিন্তু আজিকালি একদম মিছ্ নকৰে ; অৰ্থাৎ এতিয়া আপোনাৰ কথা তেওঁ নাভাৱে বা মিছ্ ও নকৰে , তেতিয়া কিন্ত সম্পৰ্কটিৰ গাঢ়তা লাহে লাহে কমি যোৱাটো খাটাং, আৰু গাঢ়তা কমিলে সম্পৰ্কৰ ভৱিষ্যত কি হ’ব সেয়া  আৰু নকলেও হ’ব ! সেয়ে তলত উল্লেখ কৰা ৬ টা কথা সদাই মনোযোগ দিয়ক।

১) ফোনত কথা পতা সময় সীমাবদ্ধ কৰক। ( limit your phone calls ) :- যদিহে আপুনি বিচাৰে যে তেওঁ আপোনাক মিছ্ কৰক তেন্তে ঘন্টা ওপৰত ঘন্টা ধৰি তেওঁৰ সৈতে কথা বতৰা পাতি থকা অভ্যাসৰ পৰিৱৰ্তন কৰক। বহুতৰ সমস্যা যে কাম কাজ ক্ষতি কৰি, খোৱা লোৱা এৰি ঘন্টাৰ পিছত ঘন্টা প্ৰিয়জনৰ সৈতে কথা পাতি থাকিব ইচ্ছা কৰে। আৰু তাৰ ফলতে তেওঁ অনুভৱ কৰে যে আপোনাৰ সৈতে  তেওঁটো সকলো সময়তে কথা পাতিয়ে আছে গতিকে মিছ্ কৰাৰ সময় কত থাকিব ? কিন্ত যেতিয়া তেওঁ অকলে থাকিব বা অকলশৰীয়া বোধ কৰিব তেতিয়াহে তেওঁ আপোনাক মিছ্ কৰা আৰম্ভ কৰিব, আৰু আপোনাৰ কথা বেছিকৈ ভাবিবলৈ ধৰিব। সেয়ে সীমাবদ্ধতাৰ ভিতৰত কথা পাতি নিজৰ কামত মন দিয়ক আৰু তেওঁকো তেওঁৰ কাম কৰিবলৈ সময় দিয়ক দেখিব ৰিলেচনত চমৎকাৰ হ’ব । এইটোয়ে নুবুজায় যে আপুনি তেওঁক অৱজ্ঞা কৰিব আৰম্ভ কৰিছে। পিছে এটা কথা যেতিয়া তেওঁৰ বিপদ বিঘিনি বা বেমাৰ হয় তেতিয়া সময় দিবলৈ নাপাহৰিব।

get true love with this tips

২) সময় দিয়াত সীমাবদ্ধতা ৰাখক। ( limit the time spend together ) :- এবাৰ ভাবি চাওঁক যে যদিহে আপোনাৰ প্ৰিয় মানুহ জনৰ সৈতে অত্যাধিক সময় অতিবাহিত কৰে তেওঁ কেতিয়াও আপোনাৰ অভাৱ অনুভৱ নকৰিব আৰু নকৰিব কেতিয়াও আপোনাক মিছ্। অর্থাত যদিহে সময় দিয়া কমাই দিয়ে তেন্তে আপোনাৰ অনুপস্থিতত তেওঁৰ মনত বাৰে বাৰে আহিব যে এবাৰ যদি তেওঁক দেখা পালোঁহেঁতেন , এবাৰ যদি তেওঁ সৈতে ফুৰিবলৈ যাব পাৰিলোঁহেঁতেন ইত্যাদি। আৰু যদিহে মূল্যহীন ভাবে আপোনাৰ অমূল্য সময় তেওঁৰ সৈতে কটাই গৈ থাকে , তেতিয়া তেওঁৰ ওচৰত আপোনাৰ গুৰুত্ব কমি গৈ থাকিব ; নাবাঢ়ে। সেয়ে লিমিট্ ৰখা দৰকাৰী।

৩) প্ৰশ্নৰ উত্তৰ সমূহ চিধাই নিদি অলপ দীঘলীয়া কৈ দিয়া কৰক। ( keep it a bit mysterious ) :- যদি আপোনাৰ প্ৰিয় মানুহ জনে কিবা প্ৰশ্ন কৰিছে সেই উত্তৰ চিধাই নিদি অলপ ঘূৰাই পকাই কওঁক। এনে কৰি গৈ থাকোঁতে তেওঁৰ উত্তৰটি পাবলৈ মনতে কৌতুহল জন্ম হ’ব, লগতে আপোনাক লৈ বেছি বেছি চিন্তা কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। যেনে ধৰক, আপোনাৰ প্ৰেমিক বন্ধুয়ে প্ৰশ্ন কৰিছে যে যোৱাকালি ফোন কিয় ধৰা নাই ? উত্তৰত আপুনি sorry বেয়া নাপাবা চিধাচিধাই নকৈ , কওঁক যে সেই সময়ত মই বৰ গুৰুত্বপূৰ্ণ কাম এটি কৰি আছিলোঁ, বেয়া নাপাবা please এইদৰে।

11 SIGNS OF TRUE LOVE

৪) সহজলভ্য নহ’ব । ( Don’t be to easy to reach) :- সদায় মনত ৰাখিব যে আপোনাৰ এটি নিজস্ব জীৱন আছে। সেয়ে তেওঁ আপোনাক ফোন বা মেছেজ কৰিলে লগে লগে উত্তৰ দিয়া কমাই দিয়ক। অৱশ্যে গুৰুত্বপূৰ্ণ কথাত লগে লগে উত্তৰ কৰক। তেতিয়াই আপোনাক তেওঁ মিছ্ কৰিব । কিন্তু এইটোৰে তেওঁক অৱহেলা কৰা যেন অনুভৱ হবলৈ নিদিব।

৫) ৰাতি শুবৰ আগত good night মেছেজ কৰিবলৈ নাপাহৰিব। কাৰণ ৰাতি শুবৰ সময়ত যি কথা ভাবোঁ সেই কথা সদায় মনত থাকে আৰু পিছদিনা স্মৃতি হৈ ধৰা দিয়ে। সেয়ে যদিহে আপুনি কাৰোবাৰ টোপনিৰ আগত শেষৰটি অনুভৱ হ’ব পাৰে তেতিয়া কিন্তু তেওঁ আপোনাৰ সপোন দেখিব আৰু পৰৱৰ্তী সময়ত আপোনাক মিছ্ কৰিব। অৰ্থাৎ ইংৰাজীত কোৱা হয় Be the last thing of her think.

Always fullfil promises to be loved by someone

৬) তেওঁক এনে এটি গিফ্ট দিয়ক যিটো তেওঁৰ সৈতে সদায় থাকে আৰু লগতে থাকে, যিটো দেখা মাত্ৰকে যেন আপোনাৰ কথা মনত পৰে। এই উপহাৰ হয়তো এটি ঘড়ী হ’ব পাৰে, এটি আঙুঠি হ’ব পাৰে, এযোৰ খাৰু হ’ব পাৰে বা এখন ডায়েৰী হ’ব পাৰে। যিটো সদায় তেওঁৰ লগতে থাকিব । এনে উপহাৰে তেওঁক সদায় আপোনালৈ মিছ্ কৰাব। অৰ্থাত ইংৰাজীত কোৱা হয় Leave a piece with her / him .

আপোনাৰ প্ৰেম বিবাহ হব নেকি জানিবলৈ তলত ক্লিক কৰক

আপোনাৰ প্ৰেম বিবাহ নে ঘৰৰ পৰা ঠিক কৰা বিবাহ হ’ব !!

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *