dress code of boys that impresses girl

  অপ্ৰিয় হলেও সত্য যে সকলো লৰাই ছোৱালীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। লৰাই যেতিয়া ৰাস্তাৰে অহা যোৱা কৰে , যেতিয়া বন্ধুবৰ্গৰ সতে বহি থাকে সেই সময়ত ছোৱালী এজনী কাষেৰে পাৰ গলে তেতিয়া প্ৰত্যেক লৰাই লক্ষ্য ৰাখে যে ছোৱালী জনীয়ে তেওঁৰ ফালে এবাৰ চাইছে নে নাই। ভুল নুবুজিব এয়াই লৰাৰ প্ৰকৃতি। মনত ৰখা ভাল যে ছোৱালী কাৰোবাৰ প্ৰতি খুব সহজতে আকৰ্ষিত নহয় , আকৰ্ষিত হ’বলৈ লৰাজনৰ গাত দেখিব লাগিব কিছু ব্যতিক্ৰম। অৰ্থাৎ এই ব্যতিক্ৰম সমূহ লৰাজনৰ পোছাক হ’ব পাৰে, পোছাক পৰিধানৰ ষ্টাইল হ’ব পাৰে , পাৰ্ফিউম নাইবা আন কিবা যিয়ে এজন লৰাক আন দহজন লৰাৰ পৰা পৃথক কৰি পেলাই। এনেধৰণৰ কেইটামান টিপছ্ জানি থওঁক যি সমূহ নিজৰ জীৱনত প্ৰয়োগ কৰিলে আপুনিও হৈ পৰিব পাৰে কাৰোবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

Advertisement

ছোৱালী চকুত আকৰ্ষণীয় হৈ পৰিবলৈ প্ৰথম দৰকাৰী বস্তু হৈছে হাতঘড়ী। ঘড়ী লৰাৰ বাবে এনে এটি প্ৰয়োজনীয় অলংকাৰ যিটো নিপিন্ধিলে লৰাৰ পোছাক পৰিধান অসম্পূৰ্ণ হৈ ৰয়। ছোৱালীয়ে লৰাৰ হাতৰ ঘড়ীটোৰ প্ৰতি অত্যন্ত দুৰ্বলতা প্ৰকাশ কৰে। আৰু কাৰণটো অতি সহজ অৰ্থাৎ ছোৱালীয়ে এনে লৰা পছন্দ কৰে যাৰ হাতত সময়ৰ মূল্য থাকে আৰু যিয়ে আনৰ সময়ৰো মূল্য দিয়ে। হাতত ঘড়ী থকা অৱস্থাত আপুনি ছোৱালীৰ বাবে এটি এনে বাৰ্তা কঢ়িয়াইছে যে আপুনি আপোনাৰ সময়ৰ ক্ষেত্ৰত সচেতন আৰু আনৰ সময়ৰো মূল্য ভালকৈ দিব জানে। সেয়ে ঘড়ী কিনাৰ সময়ত মনত ৰাখিব যাতে ঘড়ীটো আকৰ্ষণীয় আৰু ৰুচিসম্পন্ন হয়।

দ্বিতীয় কথাটো আপুনি বিশ্বাস কৰিবলৈ টান পাব যিটো ছোৱালীৰ বাবে এক দুৰ্বলতাৰ কাৰণ বহন কৰে। আৰু সেয়া হৈছে চকুৰ গ্লাছযোৰ। এজন মানুহে চকুত এযোৰ গ্লাছ পিন্ধাৰ পিছত তেওঁৰ আই কিউ বৃদ্ধি হোৱা যেন অনুমান হয় । আৰু সেই কথাটোৱে ছোৱালীক আকৰ্ষিত কৰে। প্ৰত্যেক ছোৱালীয়ে বুদ্ধিদীপ্ত লৰা পছন্দ কৰে ।আৰু এযোৰ সাধাৰণ শ্ৰেণীৰ গ্লাছ পিন্ধিলে লৰাজনে ছোৱালীৰ অকন বেছি মনোযোগ কাঢ়িবলৈ সক্ষম হয় আৰু এইটো বেছিভাগ ছোৱালীয়ে অগ্ৰাহ্য কৰিব নোৱাৰে।

causes of hair fall

ছোৱালীৰ আকৰ্ষণীয় হ’বলৈ হ’লে আকৰ্ষণীয় পোছাক পিন্ধাৰ প্ৰয়োজন। এনে পোছাক পিন্ধিব লাগিব যি সমূহ পোছাক লৰাৰ বাবে ট্রেণ্ডিংত থাকে নাইবা এনে পোছাক যিসমূহক সাধাৰণ পোছাক ৰূপে গ্ৰাহ্য কৰা হয়। সাধাৰণ বৰ্গৰ পোচকৰ ভিতৰত জিনছ্ আৰু টি – চাৰ্ট এবিধ। এই টি চাৰ্ট আৰু জিনছ্ বহু বছৰ ধৰি লৰাৰ বাবে হিট ড্ৰেছ হিচাপে সকলোয়ে স্বীকাৰ কৰি আহিছে। এয়া এনে এবিধ পোছাক হৈ পৰিছে যিটো লৰাই সহজতে পিন্ধিব পাৰে লগতে এয়া ছোৱালীৰ আকৰ্ষণীয় পোছাক হিচাপে গ্ৰাহ্য কৰা হয়। অৱশ্যে যিকোনো টি চাৰ্ট বা জিনছ্ পিন্ধিলে নহ’ব ; আকৰ্ষণীয় হ’বলৈ হলে সেই কাপোৰ আপোনাৰ দেহত ফিট হ’ব লাগিব। টি চাৰ্ট কিনাৰ সময়ত দুটিমান কথা মনত ৰখা ভাল যেনে টি চাৰ্টৰ ডিঙি অত্যন্ত বহল বা ঠেক হ’ব নালাগে। টি চাৰ্ট যাতে কঁকালৰ বেল্টৰ ওপৰত নাথাকে বা জীপাৰ লাইন ( পেন্টৰ চেইন) ৰ তললৈ নানামে। টি চাৰ্টৰ বডী কিছু ঠেক আৰু তলৰ ফালে বহল হ’ব লাগে যাতে পিন্ধিলে ভি শ্বেপৰ ( V shape ) আকৃতি লয়। টি চাৰ্টৰ হাত কিলাকুটিৰ পৰা ৬ – ৮ ইঞ্চি ওপৰত থাকিব লাগে আৰু তেতিয়া দেখিবলৈ সুন্দৰ হয়। লগতে জিনছ্ ৰ ভিতৰত নীলা জিনছ হৈছে যুগে যুগে পছন্দৰ বস্ত্ৰ। সেয়ে আপুনি পিন্ধক  ঘন ৰঙৰ যিকোনো জিনছ্ আৰু ইয়াক যিকোনো ৰঙৰ টি চাৰ্টৰ লগত পিন্ধিলে ভাল দেখি। নাইবা বৰ্তমান প্ৰচলিত চীনচ (Chinos) পেন্ট পিন্ধিলে লৰাক খুব ধুনীয়া দেখি।

Causes of premature hair fall and remedies

চতুৰ্থতে লোকৰ চকুত আকৰ্ষণীয় হবলৈ হ’লে আপুনি অৱশ্যেই জোতা পৰিধান কৰিব লাগিব। বিশেষকৈ ছোৱালীয়ে লৰাৰ জোতাৰ ফালে খুব মনোযোগ দিয়ে আৰু তাৰ পৰাও কিছু আকৰ্ষিত হয়। এযোৰ সুন্দৰ জোতাই লৰা এজনৰ সফলতা আৰু আৰ্থিক স্থিতিক নিৰ্দেশ কৰে ।

প্ৰত্যেক ছোৱালীয়ে বিচাৰে যে তেওঁৰ জীৱন সংগী এজন পৃথিৱীৰ ভিতৰতে ভাল মানুহ হওঁক। সেয়ে অৱশ্যেই ছোৱালীৰ পৰা সৰ্বশ্ৰেষ্ঠ পুৰুষৰ খিতাপ জয় কৰিবলৈ আপোনাক প্ৰয়োজন আত্মবিশ্বাসৰ। লৰাৰ এই আত্মবিশ্বাস নামৰ বস্ত্ৰ বা অলংকাৰ বিধে ছোৱালীক চুম্বকৰ দৰে আকৰ্ষিত কৰে। আৰু এই আত্মবিশ্বাস ধৰি ৰাখিবলৈ লৰাই অৱশ্যেই এটি কম গোন্ধৰ পাৰ্ফিউম ব্যৱহাৰ কৰা অত্যন্ত জৰুৰী। বহুত দামী পাৰ্ফিউমৰ একেবাৰে প্ৰয়োজন নাথাকে , কম দামী হলেও কাম চলি যায় , আৰু ইয়াক ব্যৱহাৰ কৰি নিজৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বঢ়াই তুলিব পাৰি।

আপোনাৰ প্ৰেম কিমান সচাঁ জানিবলৈ তলত ক্লিক কৰি পঢ়ক

এই ৫ টি লক্ষণ দেখিলে জানিব আপোনাৰ ভালপোৱা প্ৰকৃত !

কমেদি ভিডিঅ’ 😂😂 তিৰি সালসলনি👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *