Life of a woman

নাৰী হৈ জন্ম লোৱাৰ দুখ ! – হৃদয়স্পৰ্শী কথা ।

  কোনো নাৰী মৰমৰ ভোকাতুৰ নাথাকে , যদিহে  মৰম নাপায় বুজাবুজি কৰিয়ে চলে। কিন্ত যদি সন্মান নাপাই, ইজ্জত নাপায় তেন্তে তেওঁ ভিতৰি মৰি যায় ; পিছত যিমান চেষ্টা নকৰিলেও তেওঁ আৰু কেতিয়াও আপোনাক তেওঁৰ অন্তৰত সোমাব নিদিয়ে। সেয়ে নাৰীক দিবলৈ আটাইতকৈ উত্তম উপহাৰ হৈছে সন্মান , কিয়নো এজনী নাৰীয়ে ভালপোৱা জনক পাহৰি গলেও সন্মান দিয়া জনক কেতিয়াও নাপাহৰে।

Advertisement

 এই পৃথিৱীৰ এক ডাঙৰ সত্য এইটোৱেই যে নাৰীৰ সন্মান কিমান  পুৰুষে তেতিয়াহে বুজি উঠে যেতিয়া সেই পুৰুষ এগৰাকী নাৰীৰ পিতা হৈ পৰে। এজনী নাৰীয়ে এজন বেটা জন্ম দিবলৈ নিজৰ সৌন্দৰ্য্যক ত্যাগ কৰে আৰু সেই বেটাই এজনী সুন্দৰী পত্নীৰ বাবে নিজৰ মাক ত্যাগ কৰে। পৃথিৱীৰ আচৰিত কথা যে এজন পুৰুষৰ জন্ম হয় এগৰাকী নাৰীৰ পৰা , তেওঁক লালন পালন কৰোঁতা এগৰাকী নাৰীয়ে হয়, তেওঁৰ প্ৰেমো এগৰাকী নাৰীৰ সৈতে হয় আৰু বিবাহ এগৰাকী নাৰীৰ সৈতেই হয় ; পৰিতাপৰ কথা যে তথাপিও সেইজন পুৰুষে নাৰীক সন্মান দিবলৈ নাজানে।

Smart story of school boy

সকলোৱে কয় নাৰীৰ নিজা ঘৰ নাথাকে, কিন্তু নাৰী নোহোৱাকৈ এখন ঘৰ নির্মানো নহয়। হাজাৰ ফুলৰ প্ৰয়োজন হয় এডাল মালা গাঠিবলৈ , হাজাৰ দীপকৰ প্ৰয়োজন এখন আৰতি সজাবলৈ, হাজাৰ টোপালৰ প্ৰয়োজন এখনি সমুদ্ৰ হ’বলৈ আৰু এগৰাকী নাৰীয়ে যথেষ্ট এখন ঘৰক স্বৰ্গ সজাবলৈ। এগৰাকী নাৰীৰ জীৱন নানান সংঘৰ্ষৰে ভৰপূৰ হৈ থাকে , কেতিয়াবা এনে লাগে নাৰী হৈ জন্ম লোৱা এক শাস্তিহে মাথোঁন। যদিহে নপঢ়ে তেন্তে গাধ, পঢ়ে তেতিয়া পঢ়াত জেদি ; সকলোৰে সৈতে মিলি থাকে তেতিয়া চালাখ, নিমিলে তেতিয়া অহংকাৰী , নাৰীৰ ক্ষেত্ৰত এয়াই বাস্তৱ।

এগৰাকী নাৰীয়ে যদি ঘৰ সংসাৰ কৰিব বিচাৰে তেতিয়া তেওঁ জুপুৰি ঘৰটো সন্তুষ্ট থাকে আৰু যদি ইচ্ছা নকৰে তেতিয়া অট্টালিকা আৰু সম্পত্তিয়ে পতিয়ন নিয়াব নোৱাৰে।

Amazing psychological facts of college students

মাতৃয়ে বাধা দিছে তাৰ নাম হৈছে মৰম, পিতাই গালি দিছে তাৰ নাম হৈ শাসন, শাহুয়ে কঠোৰ কথা শুনাইছে তাৰ নাম পৰম্পৰা, শহুৰে ঘৰত আবদ্ধ হৈ থকাৰ নিৰ্দেশ দিছে তাৰ নাম অনুশাসন ; স্বামীয়ে মাৰপিত কৰিলে , অসন্মান কৰিলে , নাৰীৰ ইচ্ছাৰ বিপৰীতে গলে তাৰ নাম হৈ পৰে কপালৰ দোষ।

 ছোৱালীক কোৱা হয় যে কেতিয়াও ঘৰৰ সন্মান নষ্ট নকৰিবা, কিন্ত লৰাক কিয় কোৱা নহয় যে কেতিয়াও কাৰো ঘৰৰ সন্মান নষ্ট নকৰিবা ?

Causes of premature hair fall and remedies

সেয়ে যত গুৰুত্ব নাথাকে সেই ঠাইলৈ যাব নালাগে, যিয়ে নুশুনে তেওঁক বুজাব নালাগে , জীৱনত যিমান সমস্যা নহওঁক হতাশ হ’ব নালাগে আৰু কেতিয়াও কোনো নাৰীক আঘাট দিব নালাগে।

বয়স ৩০ হোৱাৰ আগতে কি কি কাম কৰা উচিত জানিবলৈ তলত ক্লিক কৰি পঢ়ক

বয়স ৩০ হোৱাৰ আগতে এই ৭ টা কাম বহুতেই কৰে !!

হিট কমেদি ভিডিঅ’ 😂😂 Funny doctor 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *