Life before 30 years

বয়স ৩০ হোৱাৰ আগতে এই ৭ টা কাম বহুতেই কৰে !!

  বহু মানুহে সকলো কথা বিপদত পৰিলেহে শিকে, কিন্তু তাৰে ভিতৰৰ কেইজনমানে দেখি দেখি শিকে বহু কথা। বহু মানুহে অনুতপ্ত হৈ বুঢ়া বয়সত কৈ পেলাই যে ,” সময় থাকোঁতে যদি কামবোৰ কৰিলোঁহেঁতেন আজি এই দশা নহলহেঁতেন”। সেয়ে কোৱা হয় যে জীবনৰ বাবে অত্যন্ত কিছু জৰুৰী কাম বয়স থাকোঁতে, সময় থাকোঁতে কৰি যোৱা উচিত। কোৱা হয় ৩০ বছৰৰ আগত এই সাতোটা কাম নিশ্চিতভাৱে কৰিব লাগে নহ’লে গোটেই জীৱন আউল লাগে ।

Life after 40 years

১) এজন ব্যক্তিৰ জীৱনৰ প্ৰথম ৩০ টি বছৰ হৈছে বহু দৰকাৰী আৰু মূল্যবান সময়। এই সময় খিনি জীৱনৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব নোৱাৰিলে জীৱনৰ শেষ বয়সত মুৰে কপালে হাত দি বহাৰ  বাহিৰে আন একো কৰিব নোৱাৰিব।

২) এই সময়ছোৱাত অযথা অৰ্থ খৰছ নকৰি কিছু সঞ্চয়ৰ কথা ভাবিব লাগে। কিন্তু যদিহে গোটেই জীৱন পৰি থকা বুলি ভাবি হিচাপৰ বাহিৰত খৰছ কৰে তেন্তে ভুল কৰা হ’ব । নিজৰ ভৱিষ্যত জীবনৰ কথা ভাবি হলেও কিছু সঞ্চয় কৰা অত্যন্ত জৰুৰী।

৩) এবাৰ হলেও নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে এই বয়সত। যৌৱন কালত অনেক শক্তি আৰু বল থকা হেতুকে বহুতে অমানুহৰ দৰে বহুত অস্বাস্থ্যকৰ খাদ্য সেৱন কৰে যাৰ ফলত শেষ বয়সত নানান অসুস্থতা আৰু ৰোগ বহু সোনকালে আৰম্ভ হয়। অতিৰিক্ত মদপান, ধপাঁত জাতীয় খাদ্য, ড্ৰাগছ সেৱন ইত্যাদি বোৰৰ কবলত বাৰুকৈয়ে পৰা অনুচিত যিয়ে জীৱন কোঙা কৰি পেলাই।

৪) নিজৰ বাবে কি ভাল কি বেয়া , কোন ভাল কোন বেয়া বুজি উঠাৰ সময় ৩০ পাৰ হোৱাৰ লগতে প্ৰায় শেষ হোৱাৰ সময়। সেয়ে এই বয়সৰ আগতে ভাল বেয়া নিশ্চিত কৰি , ভাল কাম সমূহক আঁকোৱালি লৈ বেয়া কাম বোৰক বিদায় দিয়া প্ৰয়োজন, বেয়া সংগ ত্যাগ কৰা উচিত।

love marriage Vs arrange marriage which is better ?

৫) নিজৰ সৈতে হাতে হাত মিলাই চলিব পৰা জীৱনসংগী এগৰাকী এই বয়স পাৰ হোৱাৰ আগতে যোগাৰ কৰা উচিত। কিয়নো মানুহৰ আৱেগ আৰু অনুভূতিৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে।

Life before 30 years

৬) এই বয়সৰ আগতে নিজৰ চখ আৰু ইচ্ছা সমূহক দমন নকৰিব , লাগিলে বিদেশ ভ্ৰমণ কৰা ইচ্ছাই হওঁক। যিমান কঠিন ইচ্ছাই নহওঁক ৩০ ৰ আগতে পূৰণ কৰাৰ চেষ্টা ৰাখক আৰু ইয়ে আপোনাৰ আত্মবিশ্বাস দুগুণ কৰি তুলিব।

৭) এই বয়সৰ আগতে সমাজত নিজৰ এটি পৰিচয় তৈয়াৰ কৰা উচিত। অৰ্থাৎ নিজৰ ভৰিত থিয় হোৱা আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবে চেষ্টা কৰক, যাতে গোটেই পৃথিৱীয়ে নহলেও আপেক্ষিকভাৱে বহুতে আপোনাক চিনি পায়।

১০ টা আচৰিত facts জানিবলৈ ক্লিক কৰক

বেছিভাগ ছাত্ৰ – ছাত্ৰীৰ কলেজৰ প্ৰথম দুটি বছৰ কিয় নষ্ট হয় !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *