Good qualities of girls

এনে গুণৰ ছোৱালী পালে সোনকালে বিয়া কৰা উচিত !

এনে গুণৰ ছোৱালী পালে সোনকালে বিয়া কৰা উচিত ! ( Girls of these qualities to be married without hesitation) :- 

যেতিয়া লৰাৰ বিয়াৰ সময় সমাগত হয়, কেনে ছোৱালী বিয়া কৰা উচিত সেয়া লৈ বহু লৰাৰ প্ৰশ্ন আহে আৰু দোমোজাত পৰে । বিয়া হৈছে লৰা আৰু ছোৱালীৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়, আৰু ভুলবশত কোনো চৰিত্ৰহীন লৰা বা ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ পৰিব লাগিলে সেয়া জীৱন সংগী নহৈ বিপদসংগী হোৱা নিশ্চিত। আৰু এনে কিছুমান ছোৱালী আছে যিসকলৰ সৈতে বিবাহপাশত আবদ্ধ হ’লে জীৱন সুন্দৰ আৰু ভাগ্যশালী হৈ পৰে, সুন্দৰ হৈ পৰে আৰু অৰ্থ সমৃদ্ধি বাঢ়ে। সেয়ে এনে ধৰণৰ গুণ সম্পন্ন ছোৱালী বিছাৰি পালে দেৰি আৰু পলম নকৰি বিয়া কৰা উচিত। পৌৰাণিক পণ্ডিত আচৰ্য চাণক্যই কৈছিল সুন্দৰী স্ত্ৰী পোৱা ভাগ্যৰ কথা আৰু অনেক তপস্যাৰ ফলতহে পুৰুষে সুন্দৰী স্ত্ৰীৰ পানী গ্ৰহণ কৰিবলৈ সক্ষম হয়। সুন্দৰী হোৱাৰ উপৰিও ছোৱালীৰ অন্যান্য গুণ সমূহো বিচাৰ কৰা দৰকাৰী। আচৰ্য চাণক্য নীতি অনুসৰি ছোৱালীৰ গুণ সমূহ হৈছে :-

Advertisement

১) নিজৰ স্থিতিৰ (Status) সমতুল্য ছোৱালীক বিয়াৰ বাবে পছন্দ কৰা উচিত । নিজৰ স্থিতিৰ তলৰ বা ওপৰৰ ছোৱালীক বিয়া কৰিলে লৰাৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে।

২) যি ছোৱালী ধাৰ্মিক আৰু উত্তম নম্ৰ- ভদ্ৰ হয় তেওঁ উত্তম গৃহিনী হ’বলৈ সক্ষম হয়। এনে ছোৱালী বিবাহৰ পিছত স্বামীৰ যিখিনি ধন সম্পত্তি থাকে তাতেই সন্তুষ্ট থাকে।

Causes of premature hair fall and remedies

৩) যি ছোৱালী নিজৰ পৰিয়াল আৰু সমাজৰ বিষয়ে নিতৌ খবৰ ৰাখে , সমাজৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত থাকে সেয়া ছোৱালীৰ খুব ভাল গুণ। বিবাহৰ পিছত এনে ছোৱালীয়ে পৰিয়ালৰ মান সন্মান ৰক্ষা কৰাত চেষ্টা ৰাখে আৰু সমাজৰ লগত তাল মিলাই চলিবলৈ সক্ষম হয়।

৪) যি ছোৱালীয়ে সৰু আৰু ডাঙৰ সকলোকে মৰম আৰু আদৰৰ লগতে সন্মান দিবলৈ জানে তেনে ছোৱালী বিবাহৰ বাবে উপযুক্ত মান্যতা দিয়া হয়।

৫) যি ছোৱালী সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিব জানে তেওঁলোকে বিবাহৰ পিছত পৰিয়ালৰ মান সন্মান ৰক্ষা কৰাৰ উপৰিও পৰিয়ালৰ সকলোকে সুখী কৰি ৰাখিবলৈ সক্ষম হয়।

Good practices in realtionship

৬) যি ছোৱালীৰ টকা পইচা সাঁচি ৰখাৰ প্ৰৱণতা থাকে তেওঁলোকে বিবাহৰ পিছত সংসাৰৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ ক্ষমতা ৰাখে। এওঁলোকক লক্ষ্মীৰ মান্যতা দিয়া হয়।

৭) যি ছোৱালীৰ বচন মধুৰ হয়, কথা শুনিলে সুখৰ অনুভূতি প্ৰাপ্ত হয় , এনে ছোৱালী বিবাহৰ বাবে শ্ৰেষ্ঠ হয়।

৮) সহিঞ্চু আৰু বেয়া দিনটো ধৈৰ্য ধৰি সঠিক সিদ্ধান্ত ৰাখিবলৈ সক্ষম ছোৱালী পাবলৈ কঠিন, যদিহে কথমপি পোৱা যায় তেন্তে দেৰি নকৰি বিবাহ কৰা উচিত।

৯) যাৰ অহংকাৰ নাই আৰু যিয়ে আপোন পৰ বিচাৰ নকৰি সকলোকে সমান গুৰুত্ব দিয়ে সেয়া হৈছে ছোৱালীৰ মহৎ গুণ। আৰু এনে ছোৱালী বিবাহৰ পিছত সুখৰ সঞ্চাৰ কৰে।

প্ৰিয়জনক সদায় নিজৰ মাজত ৰাখিবলৈ কি কৰিব লাগে জানিবলৈ তলত ক্লিক কৰক

এই ৬ টি টিপছ্ জানিলে আপোনাক তেওঁ/তাই মিছ্ কৰিব প্ৰতি মুহূৰ্ততে !!

হিট অসমীয়া কমেদি👇👇

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *