How to prepare for examination in short duration

এই কথা জানিলে কমকৈ পঢ়িলেও পৰীক্ষাত বেছি নম্বৰ আহিবই !

Way to get good mark in examination in short time preparation :-

সময় বহুত কম  ইফালে পৰীক্ষা মূৰৰ ওপৰত, ইমান কম সময়ত পৰীক্ষাৰ নম্বৰ কেনেকৈ বেছিকৈ আনিব। যিমানে সময় পাৰ হৈ গৈছে টেনশ্যন (Tension ) বেছি হৈ গৈছে যে ভাল নম্বৰ কেনেকৈ আহিব !

Advertisement

 আপোনাৰ লগতো এনে হৈছে নেকি ? আপুনিও এনেদৰে ভাবিছে নেকি যে বহুত দেৰি হৈ গল ? যদি উত্তৰ “হয়” তেন্তে বুজিব লাগিব যে আপুনি প্ৰথমৰ পৰা সময়ৰ সঠিক ব্যৱহাৰ কৰা নাই । তথাপি, যদিও পলম হৈছে এই ভুলৰ শুধৰণি কৰিব পৰা যায় কাৰণ দুনীয়াত সকলো ক্ৰিয়া দুবাৰ সংঘটিত হয় প্ৰথম বাৰ আমাৰ মগজুত আৰু দ্বিতীয় বাৰ আমাৰ বাস্তৱত। সেয়ে প্ৰথমে এই বাক্যটো নিজৰ মগজুৰ পৰা বাহিৰ কৰি উলিয়ায় দিব লাগিব যে , ” এই কাম মোৰ দ্বাৰা নহয় এতিয়া বহুত দেৰি হৈ গৈছে ” । যিখিনি সময় আছে সেইখিনিকো এইটো ভাবি নষ্ট নকৰিব যে , ” মই যদি আগৰ পৰা ভালদৰে পঢ়িলোঁ হেতেন ” । যি হৈ গল হ’ল আৰু সেই ভুল পাহৰি যাওঁক আৰু নিজকে প্ৰতিজ্ঞা কৰক  যে ভৱিষ্যতে আৰু একে ভুল নকৰো। যিখিনি সময় আছে এইখিনিক মনেৰে নহয় মগজুৰে ব্যৱহাৰ কৰক। গোটেই পাঠ্যক্ৰম পঢ়াৰ বিপৰীতে মাত্ৰ দৰকাৰী পাঠ সমূহ প্ৰথমে পঢ়ক, আগৰ বছৰৰ পুৰণি পৰীক্ষা প্ৰশ্ন কাকত সমূহ উত্তৰ কৰি পঢ়ক আৰু ঠিৰাং কৰি লওঁক যে কি পঢ়া দৰকাৰী আৰু কি পঢ়া জৰুৰী নহয়।

আনক দেখি অৰ্থাৎ লগৰ কেইজনক লক্ষ্য কৰি নিজৰ টাৰ্গেট ( Target) ঠিৰাং নকৰিব, তেওঁলোকে কিমান পঢ়িলে সেয়া মূৰত নলব, মাত্ৰ ধ্যান দিয়ক যে আপুনি ইতিমধ্যে কিমান পঢ়িলে আৰু কিমান পঢ়িবলৈ বাকী আছে। ঘৰৰ ভিতৰত পঢ়ি থাকোতে যদি টোপনি লাগিছে তেন্তে পাছ মিনিটৰ বাবে ঘৰৰ বাহিৰলৈ, বাৰীৰ পিছফালে ওলাই যাওঁক আৰু লগত কিতাপ খনো লৈ যাওঁক ; টোপনি পলাব। এনেদৰে পঢ়ি গৈ থাকোঁতে কিবা পাঠ যদি টান লাগিছে সেই পাঠ চিন দি থৈ দিয়ক আৰু সহজ সমূহ পঢ়াৰ পিছত সেই টান বিষয় সমূহ ইণ্টাৰনেটত বিচাৰক নাইবা ঘৰত অথবা ওচৰত থকা যিজনে জানে তেওঁৰ সহায় লওঁক। কিন্ত সেই টান লগা পাঠ খিনিৰ কথা ভাবি ভাবি কোনো কাৰণতে সময় নষ্ট নকৰিব। লগতে মনত ৰাখিব পৰীক্ষা হলত (Hall ) যোৱাৰ আগে আগে কোনো বন্ধুৰ সৈতে কোনো পাঠৰ বিষয়ে আলোচনা নকৰিব। নহ’লে আনে পঢ়া তালিকা খনৰ কথা শুনি আপুনি হতাশ হৈ আত্মবিশ্বাস হেৰুৱাই পেলাব  ।

যেনেকৈ মোবাইলত গেম খেলি থাকোতে যেতিয়া লৈকে গেম শেষ নহয় সকলো ধ্যান, গুৰুত্ব আৰু ইচ্ছাশক্তি মোবাইলতে থাকে ঠিক তেনেদৰে আপোনাৰ সকলো খিনি পঢ়াত লগাই দিয়ক লাগিলে টোপনিয়ে আহক বা ধুমুহা ; ধ্যান কিতাপৰ পৰা আঁতৰাই নিদিব। লাখৰ ভিতৰত এজন লোক IAS হব পাৰে , হাজাৰৰ ভিতৰত এজনে ধুনীয়া বডী ( Body ) বনাব পাৰে কাৰণ এওঁলোকে দুখ, কষ্ট সহিব পাৰে আৰু সহিব জানে। এওঁলোকৰ ফকাছ (Focus ) কেতিয়াও লক্ষ্যৰ পৰা আঁতৰি নাযায় ; সেয়ে আপোনাৰো লক্ষ্য হব লাগে আগন্তুক পৰীক্ষাৰ ফলাফল।

Student study motivational talk

কয়লা হীৰাত পৰিণত হবলৈ বহু যুগ গধুৰ ওজন সহিব লাগে , উজ্জ্বল কৰিবলৈ সোন প্রচণ্ড উত্তাপত জ্বলাব লাগে । সেয়ে কিমানৰ ভাগ্য সলনি নহল, কিমান জনে জীৱনৰ সঠিক পথ নাপালে সেয়া ভাবি সময় নষ্ট নকৰিব কাৰণ আপুনি তেওঁলোকতকৈ বহু ওপৰলৈ যাব লাগিব । কোনো কথা , কোনো বিষয়ে ইমান কঠিন নহয় ; মানুহে ভাবি ভাৱি যিমান কঠিন কৰি পেলাই । সেয়ে ভাবিবলৈ বন্ধ কৰক আৰু অনুতপ্ত হ’বলৈ এৰি চলক। চমৎকাৰৰ দ্বাৰা কোনো বিজয়ী হ’ব নোৱাৰে, যুঁজিব লাগিবই। যদিও সময় কম আছে এই কম সময় খিনিৰ এটা এটা চেকেণ্ড এনেকৈ কামত লগাই দিয়ক যাতে পৰীক্ষাত ভাল ফলাফল আহে মা পিতাৰ আশা আকাংক্ষাবোৰ মৰহি নাযায়।

সন্তানে নপঢ়ে যদি এইষাৰ কথা কওক , জানিবলৈ তলত ক্লিক কৰক

১ ঘণ্টা নপঢ়া ছাত্ৰই ১০ ঘণ্টা পঢ়িব এই কথা শুনিলে !!

অসমীয়া হিট নাটক 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *