Tips to defend enemy

এই ৫ টি গুণ যদি আপোনাৰ আছে তেন্তে শত্ৰুৱে একো কৰিব নোৱাৰে !

এই ৫ টি গুণ যদি আপোনাৰ আছে তেন্তে শত্ৰুৱে একো কৰিব নোৱাৰে ! ( Five tips to defend enemies ) :- 

মানুহে সদায় এই ৫ টি কথা মনত ৰখা দৰকাৰী। এই ৫ টি কথা এটি কাউৰীৰ ৫ টি গুণৰ লগত ৰিজাব পাৰি। প্ৰাচীন বুদ্ধিজীৱী আচৰ্য চাণক্যই কৈছিল যে কাউৰীৰ পৰা মানুহে ৫ টি কথা শিকি লোৱা উচিত। কাউৰী সর্বদা সচেতন আৰু সতৰ্ক (Alert) হৈ থাকে। চাণক্যই কৈছিল প্ৰত্যেকজন মানুহ সদায় এই কাউৰীৰ দৰে সচেতন আৰু সতৰ্ক হৈ থকা অত্যন্ত জৰুৰী। মানুহৰ চাৰিওফালে যেনেকৈ বন্ধু আৰু মিত্ৰ থাকে ঠিক তেনেকৈ মানুহে গম নোপোৱাকৈয়ে শত্ৰু বিৰাজমান। আৰু সেই শত্ৰুৱে যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে। শত্ৰু যিকোনো ৰূপত থাকিব পাৰে , শত্ৰু বন্ধুৰ ৰূপত, প্ৰতিবেশীৰ ৰূপত , প্ৰতিযোগীৰ ৰূপত নাইবা দেখাদেখিকৈ শত্ৰুতা কৰিব পাৰে। সেয়ে সর্বদা সতৰ্ক থকা বুদ্ধিমানৰ কাম । কাৰোবাৰ সৈতে মিলামিছা কৰা, বন্ধুত্ব কৰা আনকি কথা কওঁতে সতৰ্কতা ভাল। এইটো হৈছে কাউৰীৰ পৰা শিকিব লগা প্ৰথমটো কথা।

Advertisement

কাউৰীয়ে সময়ে সময়ে বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাখে। প্ৰয়োজন নোহোৱা কিছুমান বস্তুও কাউৰীয়ে সংগ্ৰহ কৰি ৰাখে, ঠিক তেনেদৰে মানুহে সময় সময় কিছুমান বস্তু সংগ্ৰহ কৰি ৰখা দৰকাৰী কাৰণ প্ৰয়োজনৰ দিনা মানুহে একেলগে সকলো বস্তু সংগ্ৰহ কৰিব নোৱাৰে। অৰ্থাৎ এই কথাৰ দ্বাৰা চাণক্যই ভৱিষ্যত পৰিকল্পনাৰ কথা কৈছে যেনে প্রথম পাছ বছৰত এটুকুৰা মাটি পিছৰ পাছ বছৰত এটি ঘৰ এনেদৰে পৰিকল্পনা কৰা উচিত, একে বছৰতে সকলো নহয়।

Control your anger and transform it into positive energy )

নিজৰ গোপনিয়তা নিজেই ৰক্ষা কৰা । উদাহৰণ স্বৰূপে চাণক্যই কৈছিল যে কাউৰীয়ে যৌন আচৰণ আন চৰাইৰ দৰে আনে দেখাকৈ নকৰে। ঠিক তেনেকৈ মানুহৰো সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কথা, আচৰণ , প্ৰিয়জনৰ সৈতে কটোৱা বিশেষ মুহূৰ্ত গোপন হোৱা উচিত। কাৰণ আজিৰ ইণ্টাৰনেটৰ যুগত আপোনাৰ এটা সৰু ভুল বা দোষ কেমেৰাৰ আগত পৰিলে ভাইৰেল হৈ পৰিবলৈ এটা চেকেণ্ড নালাগিব।

know six quicked person and avoid them

কোনো লোককে সম্পূৰ্ণৰূপে বিশ্বাসত লব নালাগে। বিশ্বাস কৰা ভাল, কিন্তু অন্ধৰ দৰে বিশ্বাস কৰা অনুচিত। কাউৰীয়ে কোনো পক্ষীকে বিশ্বাস নকৰে। আজিৰ সমাজত ভুল মানুহক বিশ্বাস কৰাৰ ফলতে প্ৰাণহানিৰ দৰে অলেখ ঘটনাৰ বিৱৰণ শুনা যায়। সেয়ে কোৱা হয় কোনো অচিন লোকক বিশ্বাস কৰাৰ আগতে বহুবাৰ চালি জাৰি চোৱা উচিত। এইটো সঁচা যে নিজৰ প্রিয় বন্ধু কেতিয়াবা শত্ৰু হৈ পৰে , সেয়ে প্রিয় বন্ধুকো সম্পূৰ্ণ ৰূপে বিশ্বাস কৰা অনুচিত।

avoid these ugly and quicked people

কাউৰী যেতিয়া বিপদত পৰে তেতিয়া কা কা কৰি চিঞৰি উঠে আৰু একে সময়ত আন সমূহ কাউৰী উপস্থিত হয় সহায় কৰিবলৈ অৰ্থাৎ কাউৰীৰ মেলা বহি যায় আৰু তেনে মুহূৰ্তত কোনোৱে যদি কাউৰীৰ ক্ষতি কৰিব আহে তেতিয়া নিজৰ ঠোঁটেৰে কাৰোবাৰ মুণ্ড ফুটাই দিয়াৰ ক্ষমতা ৰাখে। সেয়ে চাণক্যই কৈছিল যে এই কাউৰীৰ দৰে মানুহে বিপদত পৰিলে চিঞৰ মাৰি ওচৰৰ জনৰ বা নিকটাত্মীয়ৰ সহায় বিচৰা উচিত। সেয়ে চাণক্যই কৈছিল বিপদত চিঞৰ মাৰিলে সহায় পাবলৈ হ’লে মানুহে সদায় ওচৰ চুবুৰীয়া আৰু নিকটাত্মীয়ৰ সৈতে মিলিজুলি থাকিব লাগে আৰু ভাল ব্যৱহাৰ ৰক্ষা কৰি চলিব লাগে।

নিজৰ প্ৰিয়জনক প্ৰতাৰণা কৰিলে কি ক্ষতি হয় জানিবলৈ তলত ক্লিক কৰক

সংগীৰ সৈতে প্ৰতাৰণা কৰিছে ! এই ৬ তা বেয়া পৰিণতিৰ বাবে সাজু থাকক !

হিট কমেদি ভিডিঅ’ 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *