identify your status of love

এই ৫ টি লক্ষণ দেখিলে জানিব আপোনাৰ ভালপোৱা প্ৰকৃত !

এই ৫ টি লক্ষণ দেখিলে জানিবা তোমাৰ ভালপোৱা প্ৰকৃত ! ( Identify your status of love by this five signs) :-

বন্ধুসকল আজিৰ যুগত প্ৰকৃত প্ৰেম ভালপোৱা ( True love / Real love ) পোৱা আৰু মৰিচিকা খেদি ফুৰা যেন সমতুল্য হৈ পৰিছে। এজনে দুজন – তিনিজন বা দুজনী – তিনিজনীৰ সৈতে সম্পৰ্কত জড়িত থাকে আজিকালি। বৰ্তমানৰ প্ৰেম বৰ অদ্ভুত ; আজিকালিৰ প্ৰেমত সঁচা প্ৰেমৰ বাহিৰে বাকী সকলো পোৱা যায়, যিটো বাৰুকৈয়ে হোৱা অনুচিত।

Advertisement

মানুহ এজন / এজনী বহুদিন – বহু বছৰ ধৰি এটি সম্পৰ্কত থকাৰ পিছত যেতিয়া ব্ৰেক – আপ ( Break up) হয় সেই লোকৰ দুখৰ ওজন বহু বেছি গধুৰ হয়। আৰু সেই মুহূৰ্ততহে তেওঁ বুজি উঠে যে তেওঁৰ আপোনজনক ইমান দিনে ইমান বছৰে চিনিয়ে নাপালে। আৰু ইমান বছৰৰ পিছত চিনি পায় কি লাভ হ’ব আৰু , মাথোঁ শূন্যতা।

আজিকালি ”তোমাক মই ভাল পাওঁ, তোমাক মই এৰি থাকিব নোৱাৰো, তোমাৰ অবিহনে মোৰ অস্তিত্ব নাই ” ইত্যাদি কথাবোৰ এজনে আন এজনক খুব সহজে কৈ দিয়ে , কাৰণ এই কথা বোৰৰ কোনো টেক্স বা ৰয়েলিটি দিব নালাগে আৰু কিছু বছৰ পিছত বা কিছু দিন বা কিছু মাহৰ পিছতহে আচল ৰূপ ওলাই পৰে। আৰু তেতিয়াহে টেক্স আৰু ৰয়েলিটি হিচাপে আহে দুখ, বেজাৰ আৰু অশান্তি।

Ways to overcome bad days

এনে কিছু ঘটনাও পৰিলক্ষিত হয় যত ছয় সাত বছৰ প্ৰেমৰ অন্তত বিবাহ আৰু বিবাহৰ এক দুই মাহ পিছতে নানান অজুহাত লৈ কাজিয়া পেছাল আৰু শেষত বিবাহ বিচ্ছেদ। সেয়ে নিজৰ জীৱনত এনেবোৰ অনাকাংক্ষিত দুৰ্যোগৰ পৰা দূৰৈত থাকিবলৈ হ’লে সময় থাকোতে , উচিত লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা আৰু যদিহে ইতিমধ্যে সম্পৰ্কত আছে তেন্তে সেয়া সম্পৰ্ক সঠিক নে আন কিবা তাক ভালদৰে বুজি লোৱা অত্যন্ত দৰকাৰী , নহলে পৰৱৰ্তী জীৱন সুখত নহয় দুখত কাটিব লাগিব।

Apply these six tips in love, he or she will miss you always !!

মানুহে যেতিয়া কোনো কোম্পানীত টকা বিনিয়োগ কৰে সেই সময়ত তেওঁ ভালদৰে নিৰীক্ষণ কৰে, অইন দহজনৰ লগত বাৰ্তালাপ কৰে উক্ত কোম্পানী সঁচাকৈ নিৰ্ভৰযোগ্য এটি প্ৰতিস্থান হয়নে নহয় । মানুহে নিজৰ ধন সুৰক্ষিত ৰখাৰ বাবে অত্যন্ত সচেতন থাকে, ঠিক একেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ, এটি সম্পর্ক সুৰক্ষিত ৰাখিবলৈ আপোনাৰ সম্পর্কত থকা জনৰ প্ৰেম প্ৰকৃত নে আপোনাৰ সৈতে সময়হে পাৰ কৰিছে তাক জানি লোৱা – বুজি লোৱা বৰ জৰুৰী। এই ৫ টি কথা আৰু আচৰণৰ দ্বাৰা এজনে তেওঁৰ প্ৰেম নকল নে আচল সেয়া প্ৰমাণ কৰিব পাৰে।

Apply these six tips in love, he or she will miss you always !!

১) আপুনি যাৰ সৈতে সম্পৰ্কত আছে তেওঁ দি ভাল পায় নে লৈ ভাল পায় ? যদি কোনোবাই কাৰোবাক সঁচাকৈ ভাল পায় তেওঁ সদায় দি যায় সকলো, কিন্তু লবলৈ অৱজ্ঞা কৰে সদায়ে। প্রকৃত প্ৰেম নকৰা সকলোৱে সদায় লব বিচাৰি থাকে কাৰণ তেওঁলোকৰ অভিসন্ধি বেলেগ।

২) যাৰ সম্পৰ্কত আপুনি আছে তেওঁ আপোনাৰ কিমান যত্ন লয় সেয়া পৰ্যবেক্ষণ কৰক সদায়, দেখিব যিয়ে প্ৰকৃততে ভাল পাই তেওঁ আটাইতকৈ বেছি আপোনাৰ যত্ন লব।

আৰু পঢ়ক :- 

স্মামীৰ বয়স ৪০ বছৰ পাৰ হলে দাম্পত্য জীৱনত কি প্ৰভাৱ পৰে ক্লিক কৰি পঢ়ক

স্বামীৰ বয়স ৪০ ৰ সীমা পাৰ হ’লে দাম্পত্যত কণা লাগে !

Continue reading main post …

৩) সম্পৰ্কটিত আপুনি সুখে আছে নে দুখ অনুভৱ কৰিছে সেয়া ভাৱক মাজে প্ৰায়ে। প্ৰিয়জনৰ সৈতে সময় কটালে আপুনি আমনি পাই নে আনন্দ অনুভৱ কৰে ? আৰু যদি এই প্ৰশ্নৰ উত্তৰ ঋণাত্মক তেন্তে জানি লব যি সম্পৰ্কই বৰ্তমানত সুখ আৰু আনন্দ দিব নোৱাৰে সেই সম্পৰ্কই ভৱিষ্যতে কেতিয়াও সুখ সমৃদ্ধি আনিব নোৱাৰে কাৰণ এনে সম্পৰ্কত প্ৰকৃত ভালপোৱা নাথাকে।

qualities of a boy that impress a girl to love

৪) মাজে মাজে এইটো নিৰ্ধাৰণ আৰু মূল্যাংকণ কৰা দৰকাৰী যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান সঁচা কথা , কিমান মিছা কথা কয়। যাৰ সৈতে প্ৰকৃত ভালপোৱা থাকে তেওঁৰ সৈতে সকলো কথা ভগাবতৰা ( Share ) কৰাৰ প্ৰৱণতা থাকে, মনে বিচাৰে অতি ক্ষুদ্ৰ কথাটো পাতিবলৈ বা ভগাবতৰা কৰিবলৈ। আৰু যদিহে দেখিছে তেওঁ আপোনাক মিছা কথা কৈছে বা সকলো খুলি কোৱা নাই তেন্তে জানিব তেওঁৰ প্ৰেম একেবাৰে মিছা।

৫) যিয়ে আপোনাক ভাল পায় তেওঁ  কিমান ভাল পায় আপোনাৰ সৈতে সময় কটাবলৈ।  তেওঁ আপোনাৰ সৈতে সময় পাৰ কৰি ভাল নাপায় , মাত্ৰ ইটো সিটো কথা কৈ আপোনাক এৰি চলে নেকি ? জানি লব যিমানে ব্যস্ত নাথাকক যিয়ে সঁচা ভাল পাই তেওঁ আপোনাৰ সৈতে সময় কটাবলৈ সদায় এটি নিৰ্দিষ্ট সময় ৰাখিব।

এই সৰু সৰু কথাবোৰ ভালদৰে নিৰীক্ষণ কৰিব জানিলে বুজি পাব যে আপোনাৰ ভালপোৱাৰ স্থিতি কি ; আপোনাৰ সম্পৰ্ক সঠিক নে ভুৱা ।

হিট অসমীয়া কমেডি ভিডীঅ’ 👇👇

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *