Break up in relationship effects

সংগীৰ সৈতে প্ৰতাৰণা কৰিছে ! এই ৬ তা বেয়া পৰিণতিৰ বাবে সাজু থাকক !

  দেখা যায় যে বিবাহিত লোক, অথবা আন কাৰোবাৰ সৈতে প্ৰতিশ্ৰুতি বদ্ধ হোৱাৰ পিছতো বহুজন আনৰ প্ৰতি আকৃষ্ট হৈ পৰে। আৰু এনেদৰে আনৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলতে বহুলোক কিছু ভুল সম্পৰ্কৰ চক্ৰবেহুত সোমাই পৰা দেখা যায়। এনেদৰে চলি থকা সম্পৰ্ক আনে নজনাকৈ বা গোপন থাকিলেও , এইটো জানি থোৱা উচিত যে যিজনে এনে কাম কৰিছে তেওঁ নিজে প্ৰতিশ্ৰুতি দিয়া সংগী বা স্বামী , স্ত্ৰীক গভীৰ ভাবে অন্যায় কৰিছে আৰু প্ৰতাৰণা কৰিছে।

Love break up effects

যিয়ে সম্পর্কত প্ৰতাৰণা কৰে তেওঁৰ মাজত কিছু লক্ষণ অৱশ্যেই প্ৰকাশ পাই ; লাগিলে কিমান গোপনে নকৰক কিয় এই বেয়া কাম। আৰু ইয়াৰ পৰিনীতি ভৱিষ্যতে কেতিয়াও ভাল নহয় আৰু হ’ব নোৱাৰে।

এনে সম্পৰ্কই সন্তানৰ ওপৰত কুপ্ৰভাৱ বিস্তাৰ কৰে। যেতিয়াই এই সম্পৰ্ক পোহৰলৈ আহে তেতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হয় তেওঁলোকৰ সন্তান। নিজৰ মা পিতা আন কাৰোবাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো সন্তানৰ বাবে কোনো কাৰণতে বাঞ্ছনীয় হ’ব নোৱাৰে। এনে ক্ষেত্ৰত সন্তানে নিজকে প্ৰতাৰিত আৰু অৱহেলিত অনুভৱ কৰে। যাৰ ফলতে সন্তানে সামাজিক আৰু মানসিক পীড়াত ভুগিব পাৰে।

এনে সম্পৰ্কই আপোন সম্পৰ্কৰ আস্থা আৰু বিশ্বাস নাইকিয়া কৰে। যেতিয়া এনে গোপন সম্পৰ্ক নিজৰ আপোন জনৰ চকুত  পৰে সেইদিনাৰ পৰা তেওঁৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ পৰে। সেইদিনাৰ পৰাই আপোনজনে তেওঁক অনাস্থাভাজন লোক বুলি চিহ্নিত কৰে আৰু যি আস্থা কেতিয়াও উভটি নাহে।

প্ৰিয়জনৰ সৈতে , সংগীৰ সৈতে চৰম অপমান আৰু চৰম আঘাট কৰা হয় এনে প্ৰতাৰণাৰ দ্বাৰা। এনেদৰে প্ৰতাৰণা কৰাৰ ফলতে প্রিয়জনে ভাবিবলৈ বাধ্য হয় যে তেওঁৰ ভালপোৱা আৰু বিশ্বাসৰ কোনো মূল্য নাই, নাই কোনো সন্মান । যাৰ ফলত তেওঁ এই সম্পৰ্ক বিচ্ছেদ কৰিবলৈকে কুণ্ঠাবোধ নকৰিব।

Ask these few question to him to whom you are going to marry

নিজৰ সংগী আৰু প্ৰিয়জনক প্ৰতাৰণা কৰাৰ ফলত অকল এজনেই ক্ষতিগ্ৰস্ত নহয়, হয় উভয়ে। যেতিয়াই এই প্ৰতাৰণা পোহৰলৈ আহিব তেতিয়াই ওচৰ চুবুৰীয়াই , লগ সমনীয়াই তেওঁক অসন্মান কৰা আৰম্ভণি কৰিব, সমাজত তেওঁৰ কথা আৰু স্থান অক্ষুণ্ণ নাথাকিব। লগতে তেওঁ মাজে প্ৰায়ে আনৰ হাঁহিয়াতৰ পাত্ৰ হ’বলৈ সাজু থাকিব লাগিব।

এই প্ৰতাৰণাই দুটি মধুৰ সম্পৰ্কক ছিঙি মোহাৰি পেলাই, যাৰ ফলত সম্পৰ্কটো পুনঃ জোৰা দিবলৈ অসাধ্য হৈ পৰে। এককথাত কবলৈ হ’লে যিদিনাৰ পৰাই প্ৰতাৰণা আৰম্ভ হয় সিদিনাৰ পৰা নিজৰ আপোন জনৰ সৈতে দূৰত্ব বাঢ়ি যায়। দুজনৰ সম্পর্কত তৃতীয়পক্ষৰ আগমন হলে অৱধাৰিতভাৱে সম্পৰ্কৰ বন্ধন ছিঙি যায়।

Post effects of love break up

কাৰোবাক প্ৰতাৰণা কৰাজন কেতিয়াও সত্যৰ সন্মুখীন হ’ব নোৱাৰে। কাৰোবাক প্ৰতাৰণা কৰি আন কাৰোবাক আদৰি সাময়িক সুখ তৃপ্তি পাব পাৰে কিন্ত সেই সাময়িক আনন্দ তৃপ্তিয়ে ভৱিষ্যতে এক ডাঙৰ সমস্যা হৈ পৰে।

এবাৰ সম্পৰ্ক ভাগিলে জোৰা দিবলৈ কষ্টকৰ, যাৰ ফলতে জীৱনৰ পৰা মূল্যবান আৰু গুৰুত্বপূৰ্ণ সংগী হেৰুৱাব লগা হয়।

যৌৱন ঠিকে ৰাখিবলৈ তলত ক্লিক কৰি পঢ়ক 

জীৱন যৌৱন ঠিকে থাকিব যদিহে কৰে এই কাম সপ্তাহত এবাৰ !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *