Life after 40 years

   স্বামীৰ বয়স ৪০ সীমা অতিক্ৰম কৰিলে তেওঁৰ স্ত্ৰী গৰাকীয়ে কিছু কথা অৱশ্যেই জানি লোৱা দৰকাৰী। এই সীমা অতিক্ৰম কৰিলে – ৰাতিপুৱা ৰাতিপুৱা তুমুল অশান্তি অৰ্থাৎ দাম্পত্যকলহ ! দাম্পত্যৰ সমস্যাই নহয় , স্বামীৰ বাবে ডায়েবেটিচ, হৃদৰোগ, মেদবহুলতা, কলেষ্টৰল বৃদ্ধি হোৱা, ফেঁটী লিভাৰ ইত্যাদি ৰোগৰ আশংকা বৃদ্ধি হয়। লগতে আৰু কিছু কথাত খুৱেই মনোযোগ দিয়া প্ৰয়োজন স্ত্ৰী গৰাকীয়ে।

Life after 40 years

৬) অভিযোগ নহয় :- বহুতৰ ক্ষেত্ৰত অভিযোগ দেখা যায় যে স্বামীয়ে সময় নিদিয়ে। মনত ৰখা দৰকাৰী যে অভিযোগৰ ফলত স্বামী ডিফেন্সিফ হৈ পৰে আৰু ফলত পৰিয়াল কেন্দ্ৰিক হাই কাজিয়া আৰু অশান্তি আৰম্ভণি হয়। সেয়ে অভিযোগৰ সুৰত নহয়, আন্তৰিকতাৰে কোনো কথা অৱগত কৰক যদিহে স্বামীৰ ব্যৱহাৰ আৰু স্বভাৱৰ পৰিৱৰ্তন বিচাৰে। স্বামীৰ অপাৰগতা বুজিব পাৰিলে সেই বিষয়ত সহানুভূতিশীল হ’লে পৰিয়ালৰ বুজাবুজি আৰু সম্বন্ধ মজবুট হয় যাৰ ফলত চল্লিশৰ সীমা অতিক্ৰম কৰা স্বামীৰো মন স্ফূৰ্তি আৰু আনন্দৰে ভৰি থাকে।

২) জীৱন ধাৰণৰ পৰিৱৰ্তন :- এগৰাকী স্ত্ৰীয়ে স্বামীৰ জীৱন ধাৰণ পৰিৱৰ্তন কৰাৰ বাবে মুখ্য ভূমিকা পালন কৰিব পাৰে। পৰিয়ালৰ কাম কাজ আৰু দায়িত্বক বোজা হিচাপে নাভাবি, ভালপোৱাৰ দৃষ্টিৰে চোৱা উচিত। নিজৰ স্বামীক পতিয়ন নিয়াবলৈ চেষ্টা ৰাখিব যে ঘৰ , পৰিয়াল আৰু অফিচৰ দায়িত্ব যিমান ভালদৰে পালন কৰা যায় সিমানে তৃপ্তি পোৱা যায়। আপোন মানুহৰ সৈতে পৰস্পৰ বুজাবুজিত যে অনেক আনন্দ লুকাই থাকে সেই কথা নিজৰ স্বামীক প্ৰতিদিনে মনত পেলাই দিয়ক।

৩) জীৱনটি নতুনকৈ সজাই তোলক :- বিয়াৰ কিছু বছৰ পিছতে বহুজনৰ সম্পৰ্কবোৰ কিছু ঢিলা হোৱা পৰিলক্ষিত হয়। দুয়োজনে মিলি এই দূৰত্ব কমাবলৈ যত্নপৰ হোৱা উচিত। হঠাতে পৰিকল্পনা নকৰাকৈ কৰবাত ফুৰিবলৈ যোৱা, হোটেল ৰেষ্টুৰেণ্টত ৰাতিৰ সাজৰ খাদ্য গ্ৰহণ কৰা, একেলগে বহি চিনেমা চোৱা, চিৰিয়েল উপভোগ কৰা আদি অভ্যাসে দূৰত্ববোৰ কমাই আনে।

৪) অস্বাস্থ্যসন্মত অভ্যাস :- কলেষ্টৰল, মেদবহুলতা, উচ্চ ৰক্তচাপ আদিৰ লগতে কিছুমান অস্বাস্থ্যসন্মত অভ্যাসে বিপদ কঢ়িয়াই আনে চল্লিশ বছৰ উৰ্ধৰ লোকৰ বাবে। চিগাৰেট, অতিৰিক্ত মদ্যপান আদিয়ে বিৰূপ প্ৰভাৱ পেলাই এই বয়সৰ লোকক। এজনী স্ত্ৰী পৰিবাৰ হিচাপে তেওঁ স্বামীৰ এই অভ্যাস সমূহ হঠাতে সলনি কৰিব নোৱাৰে কিন্তু স্ত্ৰী গৰাকীয়ে তেওঁক সুন্দৰভাবে বুজাব পাৰে সেইবোৰৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি।

Life after 40 years

৫) ব্যায়াম :- চল্লিশ পাৰ হৈ গলে অতি আৱশ্যকীয় হৈ পৰে শাৰীৰিক ব্যায়ামৰ। ৰাতিপুৱা উঠিয়ে যে ব্যায়াম কৰিব লাগিব সেয়া নহয়, অফিচৰ পৰা আহি , কামবন শেষ কৰি ব্যায়াম কৰিলেও একে উপকাৰ পাব পাৰি। দৌৰা, সাঁতোৰা, চাইকেল চলোৱা, বেগাই খোজকাঢ়ি যোৱা আদি উত্তম শাৰীৰিক ব্যায়াম। ছুটীৰ দিনত স্বামীক উৎসাহ দিবলৈ স্ত্ৰী গৰাকী ওলাব পাৰে খোজকাঢ়িবলৈ।

৬) স্বাস্থ্যসন্মত খাদ্যগ্ৰহণ :- ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কেতিয়াও দেৰি হ’বলৈ নিদিব চল্লিশ উৰ্ধৰ স্বামীৰ। সদায় ৰাতিপুৱা ৯ বজাৰ আগত ব্ৰেকফাষ্ট শেষ কৰা উত্তম। ৰাতিৰ ভোজন কেতিয়াও দেৰি হবলৈ নিদিব স্বামীৰ বাবে। এগিলাচ পানী ৰাতিপুৱা শুই উঠিয়েই গ্ৰহণ কৰা উত্তম।

Share it with:

1 Comment

  1. Fine massage Thanks.

Leave a Reply

Your email address will not be published. Required fields are marked *