Indian beliefs to be intelligent

সন্তান পঢ়াত কেঁচা হলে মা সৰস্বতী পূজাৰ দিনা কৰক এই কাম –

  যদিহে আপোনাৰ সন্তান পঢ়াত দুৰ্বল, পঢ়িবলৈ মন নকৰে, আৰু অবাধ্য হৈ পৰিছে তেন্তে বসন্ত পঞ্চমী অৰ্থাৎ মা – সৰস্বতী পূজাৰ দিনা কৰক এই কাম। প্ৰত্যেক বছৰে বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীৰ আৰাধনা আৰু পূজা অৰ্চনা কৰা হয় । বিদ্যা , বুদ্ধি আৰু জ্ঞানৰ অধিপতি মা – সৰস্বতীক প্ৰসন্ন কৰাৰ বাবে বিদ্যাৰ্থী সকলে এই দিনটোত ব্ৰত আদিও পালন কৰে। লগতে এই দিনটোত যদি আপুনি এনে কিছুমান কাম কৰিব পাৰে তেন্তে মা সৰস্বতীৰ অশেষ কৃপা প্ৰাপ্তি হয়।

১) এই বসন্ত পঞ্চমী , অৰ্থাৎ মা সৰস্বতী পূজাৰ দিনা কিতাপ – বহিৰ মাজত ময়ূৰ পাখি অৱশ্যেই ৰাখক। বিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা মা – সৰস্বতী অধিক প্ৰসন্ন হয় আৰু বিদ্যাৰ্থী গৰাকীৰ পঢ়াত মন বহাৰ লগতে, মনোযোগ আৰু স্মৃতি শক্তি বৃদ্ধি পাই।

২) এই দিনটোৰ পৰাই পঢ়া শুনাত দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে ব্ৰাহ্মী আৰু সংখপূষ্পী খাবলৈ আৰম্ভণি কৰিলে অধিক লাভ হয়। কিয়নো এই দুবিধ হৈছে মেধ্য অৰ্থাৎ স্মৃতি শক্তি বৰ্ধক। দৈনিক এনে কৰিলে বিদ্যাৰ্থীৰ বুদ্ধি প্ৰখৰ হয় আৰু স্মৃতি শক্তি বৃদ্ধি হয়।

৩) এই বসন্ত পঞ্চমী তিথিত সন্তানক ৰাতিপুৱা সোনকালে উঠিবলৈ দিয়ক আৰু উঠিয়েই নিজৰ হাতৰ তলুৱা দুখন চাবলৈ কওঁক কাৰণ এই দুই হাতৰ তলুৱাত মা লক্ষ্মী, মা সৰস্বতী আৰু গোবিন্দ অৰ্থাৎ শ্ৰীকৃষ্ণৰ বাস হয় ।

সেয়ে এই বসন্ত পঞ্চমীত এই কাম কৰা অতি মঙ্গলজনক।

বুদ্ধিমান শিশু জন্ম দিবলৈ মাতৃয়ে কি কি কৰিব লাগে জানিবলৈ ক্লিক কৰক

এটি বুদ্ধিমান শিশু জন্ম দিবলৈ অন্তঃসত্তা মাতৃৰ কৰণীয় কি ?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *