how to treat abuse child

সন্তান অবাধ্য হৈছে যদিহে কৰক এই উপায় –

সন্তান অবাধ্য – এই অভিযোগ নোহোৱা অভিভাৱক বিচাৰি পোৱাটো খুবেই কঁঠিনে হ’ব ! অবাধ্য লৰা ছোৱালীৰ কথা বন্ধু মহলটো কম আলোচনা নহয় ! কিন্তু এবাৰ ভাবি চাইছেনে গভীৰভাৱে কিয় কথা নুশুনে আপোনাৰ সন্তানে ? সেয়া অকল সন্তানৰ দোষ নে আপোনাৰো কিবা ফাঁক ৰৈ গৈছে ? এই বিষয়ে কোনো বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবলৈ দি সন্তানৰ মনৰ কথা জানিবলৈ চেষ্টা কৰা হৈছেনে ?

 how to manage stupid child

 সন্তানক মাত্র নিৰ্দেশনাৰ ভংগীত কথা ক’লে ভয় খাই আৰু কথাবোৰ তেওঁলোকৰ বাবে বুজা কঠিন হৈ পৰে। শিশুক খেল ধেমালিৰ চলেৰে নিৰ্দেশ দিয়া ভাল আৰু কথাখিনি সংক্ষেপত কোৱা ভাল, লগতে বয়স অনুপাতে শব্দ প্ৰয়োগ কৰিব লাগে। মনোবিজ্ঞানীৰ মতে বেছিভাগ শিশুৱে বুজি নাপাই যে কি কৰিলে তেওঁলোকে গালি খোৱাৰ পৰা বাছি থাকিব পাৰে, আৰু এই টেনশ্যনৰ বাবে শিশু কথা মনযোগ  হেৰাই পেলাই।

  সন্তানে যেতিয়া কিবা কব বিচাৰিছে, কিবা জানিব বিচাৰিছে সেই কথা খুব মন দি শুনাৰ দৰকাৰী। বহু সময়ত দেখা যায় যে সন্তানে কিবা কব সুধিলে অভিভাৱকে গুৰুত্ব নিদিয়ে , যাৰ ফলত তেওঁলোকৰ ভীষণ অসন্তুষ্টি আৰম্ভণি হয় ; আৰু জানি লোৱা ভাল যে অৱচেতন শিশুৱে ক্ষোভ সহিব নোৱাৰে আৰু লাহে লাহে অবাধ্য হ’বলৈ আগবাঢ়ে।

  সন্তানে ভুল ক্ৰুটি কৰিলে দাবী ধমকি দিয়াতকৈ ভুলটোৰ বিষয়ে ভালদৰে বুজাই দিয়া উচিত। সকলো সময়তে সন্তানক অৱহেলা কৰি মাত্ৰ নিজৰ চাহিদা পূৰণত ব্যস্ত থকা অভ্যাস ত্যাগ কৰা উচিত। যদি সন্তানে কিবা অন্যায় কাম কৰা দেখিছে , তেওঁৰ সৈতে বন্ধুসুলভ ভাৱে কথা পাতি তেওঁক তেওঁ কৰা সেই অন্যায় কামৰ যুক্তি দৰ্শাবলৈ বাধ্য কৰক ; লগতে তেওঁৰ যুক্তি সমূহ আপুনি খণ্ডন কৰি তেঁওলোকক সঠিক পথত আগুৱাই নিয়াৰ চেষ্টা কৰক ।

how to handle stupid child by parents

  যেতিয়া সন্তানে লগ সমনীয়াৰ সৈতে কথা বতৰা পাতিব বিচাৰে বা খেল ধেমালি কৰিব বিচাৰে নাইবা আপোনাৰ সৈতে খেলিব বিচাৰে, তাক একেবাৰে অৱহেলা নকৰিব। এইবোৰ কথাত গুৰুত্ব নিদিলে সন্তান অবাধ্য হবলৈ আৰম্ভ কৰে।

  এনে বহু সন্তান আছে যি খুব কম বয়সতে ইচ্ছাকৃতভাৱে মা দেউতাৰ অবাধ্য হবলৈ ধৰে ; তেনে সন্তানক সেই বয়সতে শাসন কৰি সঠিক পথত আনিব লাগে , নহ’লে যেতিয়া এই অবাধ্যতা অভ্যাসত পৰিণত হয় তেতিয়া আৰু সেই সন্তানক আপুনি দোষ দি লাভ নাই, জগৰীয়া আপুনিহে হ’ব । লাগিলে এনে সন্তান ঠিক কৰিবলৈ কিছু নিয়ম শৃংখলা তৈয়াৰ কৰি দিয়ক তেওঁলোকৰ বাবে ; তাতো সফল নহ’লে এনে সন্তান ঠিক কৰিবলৈ মনোস্তত্ববিদৰ সহায় লওঁক।

how to control stupid child by parents

  সকলো সময়ত সন্তানক সমালোচনা কৰা উচিত নহয় ; উচিত নহয় তেওঁলোকক আনৰ সন্তানৰ সৈতে তুলনা কৰাটো, এনে কৰিলে সন্তানৰ মা দেউতাৰ প্ৰতি শ্ৰদ্ধা কমে। এনে স্বভাৱ যদি আছে আজিয়ে সলনি কৰক । সন্তানক কেতিয়াও আপোনাৰ ওচৰত তেওঁৰ মূল্যৰ সংশয় আহিব দিব নালাগে ; সদায় দেখুৱাব লাগে যে তেওঁ আপোনাৰ অমূল্য সম্পদ। অন্যথা সম্পৰ্কৰ ক্ষতি হয়, লগতে সন্তান দিনে প্ৰতিদিনে বেছি অবাধ্য হৈ গৈ থাকে।

পঢ়াত মন নবহা ছাত্ৰই কি কৰিব জানিবলৈ ক্লিক কৰক

ভালকৈ পঢ়াত মন নবহে যদি কৰক এই কাম !! পঢ়িবই এই কথা বুজিলে –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *