শীতকালত বাঢ়ে উচ্চ ৰক্তচাপৰ সমস্যা ! সমাধান কেনেকৈ কৰিব ? ( Hypertension shoots in winter season) 

শীতকালত কিছু দীৰ্ঘস্থায়ী ৰোগৰ প্ৰকোপ বৃদ্ধি হৈ পৰে । দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা, অস্থি আৰু সন্ধি সমূহৰ বিষ হোৱা, হাপানী আৰু এজমা ৰোগৰ প্ৰকোপ বৃদ্ধি হোৱা , মেলেনা আৰু গেষ্ট্ৰাইটিছৰ সমস্যা হোৱা আদিৰ লগতে, প্ৰকোপ বৃদ্ধি হয় উচ্চ ৰক্তচাপৰ। শীত কালত পৰিবেশৰ তাপমাত্ৰা কম হোৱাৰ লগতে উচ্চ ৰক্তচাপৰ প্ৰকোপ বৃদ্ধি হোৱাৰ কাৰণ কি ? কিয় হয় এনেকুৱা ?

Tips to control hypertension in winter

শীত কালত পৰিৱেশৰ উষ্ণতা হ্ৰাস হোৱাৰ লগতে মানৱ শৰীৰৰ শিৰা ধমনী আৰু ৰক্ত কেশিকা সমূহ কিছু পৰিমাণে সংকুচিত হৈ পৰে । তাৰ লগতে দেহৰ শীতলতা হ্ৰাস কৰি উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ শৰীৰত সংঘটিত হৈ থাকে কিছু বিশেষ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ, লগতে হৃদযন্ত্ৰই তেজৰ চলাচল সিমাবদ্ধ কৰি ৰাখে। যাৰ ফলত অনাকাংক্ষাটিত ভাৱে বৃদ্ধি হয় ৰক্তচাপৰ পৰিমাণ। লগতে ৰক্তসঞ্চালনৰ বাবে হৃদযন্ত্ৰক প্ৰয়োজন হয় অতিৰিক্ত শক্তিৰ , ফলতে হৃদৰোগ থকা সকলোৰো ৰোগৰ প্ৰকোপ হঠাতে বৃদ্ধি হৈ পৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে সত্তৰ বছৰৰ ওপৰৰ লোকৰ এই সমস্যা বেছি দেখা যায়।

ইয়াৰ উপৰিও শীতকালত অলসতা, এলাহ, শাৰীৰিক শ্ৰমৰ অভাৱ, শৰীৰ চৰ্চাৰ অভাৱত শৰীৰত মেদবহুলতা আহি উচ্চ ৰক্তচাপৰ প্ৰকোপ বৃদ্ধি হয়। সেয়ে শীতকালত উচ্চ ৰক্তচাপৰ কোনো লক্ষণ তীব্ৰতৰ হোৱা পৰিলক্ষিত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্চনীয়।

ইয়াৰ উপৰিও কিছু ভাল অভ্যাস আৰু নীতি নিয়মৰ দ্বাৰা শীত কালত উচ্চ ৰক্তচাপৰ প্ৰকোপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। সেই সমূহ হৈছে :-

১) সঠিক খাদ্যাভ্যাস :- শীতকালত উচ্চ ৰক্তচাপৰ প্ৰকোপ নিয়ন্ত্ৰণত ৰাখিবলৈ বেছিকৈ শাক পাচলি আৰু শীত কালত উপলব্ধ ফল মূল সেৱন উপকাৰী। লগতে অন্য খাদ্যসমূহ অল্পস্নেহ বা চৰ্বিহীন হোৱা লাভজনক।

২) উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকে শীতকালত বেছিকৈ কফি খোৱা অপকাৰী। কোৱা হয় দৈনিক দুই কাপৰ ভিতৰত কফি সেৱন সীমাবদ্ধ ৰখা উচিত।

৩) যিসকলে নিয়মীয়া শৰীৰ চৰ্চা কৰে , তেওঁলোকৰ ভিতৰত যদিহে উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোক কিছু সতৰ্ক হোৱা উচিত।

stay fit tips

 তেওঁলোকে সিমান খিনি শৰীৰ চৰ্চা কৰা উচিত যিমান খিনিলৈকে শৰীৰত অতিৰিক্ত চাপ নপৰে। লগতে ঘৰৰ বাহিৰলৈ গৈ শৰীৰ চৰ্চা কৰা অনুচিত। বহু ক্ষেত্ৰত দেখা যায় যে অতিৰিক্ত শৰীৰ চৰ্চা কৰাৰ ফলত পৰিৱেশৰ তাপমাত্ৰা আৰু দেহৰ আভ্যন্তৰীণ গড় তাপমাত্ৰাৰ মাজত হঠাৎ ভাৰসাম্য হেৰাই যায় আৰু এই তাৰতম্যৰ ফলত হৃদযন্ত্ৰ বিকল পৰ্য্যন্ত হৈ পৰিব পাৰে।

৪) শীত কালত শীতৰ প্ৰকোপ ৰোধ কৰিবলৈ বহুতে বহু মোটা পোছাক পৰিধান কৰে। কিন্ত উচ্চ ৰক্তচাপ থকা সকলে বেছি মোটা চোলা পৰিধান নকৰি কেইবাটাও পাতল পাতল চোলা পৰিধান কৰা শ্ৰেয়।

৫) বহুতৰ মনত ভাৱ আহে যে মদ্যপান কৰিলে ঠাণ্ডাৰ পৰা বাছি থাকিব পাৰি। কিন্তু যদিহে এই সময়ত অতিৰিক্ত মদ্যপান কৰিলে শৰীৰৰ তাপমাত্ৰা হঠাৎ হ্ৰাস হ’ব পাৰে , যাৰ ফলত দেহৰ আভ্যন্তৰীণ তাপমাত্ৰাও হঠাৎ কমি গৈ ৰক্ত শিৰা, ধমণী আৰু কেশিকা সমূহ হঠাৎ সংকুচিত হৈ বৃদ্ধি হৈ পৰিব পাৰে ৰক্তচাপ।

ঠাণ্ডা দিনৰ অতি উত্তম পাচলি ৫ বিধ ( Best vegetables for winter season )  :-

১) মেথি শাক :- ইয়াত বহু পৰিমাণে বিয়োজক ফাইবাৰ উপলব্ধ যিয়ে কলেষ্টৰল হ্ৰাস কৰিব পাৰে।

২) মূলা :- যথেষ্ট পৰিমাণে পতাচিয়াম সমৃদ্ধিশালী এই মূলা সেৱনে তেজৰ চলাচল সুদৃঢ় কৰে। ফলতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

winter and hypertension

৩) পালেং শাক :- পতাচিয়াম, মেগনাছিয়াম আৰু লুউটিন সমৃদ্ধ এই পালেং শাক সেৱনে ধমনীৰ বেৰত চৰ্বী জমা হোৱাত বাধা প্ৰদান কৰে যাৰ ফলত হৃদৰোগৰ আশংকা দূৰ হয়।

৪) গাজৰ :- পতাচিয়াম মমৃদ্ধ গাজৰ সেৱন কৰিলে ৰক্ত কেশিকাসমূহৰ চাপ প্ৰতিৰোধ হয়, লগতে চডিয়ামৰ কুপ্ৰভাব ৰোধ হয়।

BEETROOT JUICE IS EXCELLENT HEALTH SUPPLEMENT

৫) বিত :- ভিটামিন B ৰ প্ৰধান উৎস বিত সেৱন কৰিলে স্নায়ুকোষ সমূহে পৰিপুষ্টি লাভ কৰে। লগতে বিতৰ অন্তিঅক্সিডেন্ট সমূহে কলেষ্টৰল ৰোধ কৰাৰ উপৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। লগতে ইয়াত থকা নাইট্ৰিক অক্সাইড গেছ এ ৰক্ত নলিকাৰ টেনশ্যন দূৰ কৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *