how to be beautiful ever

জীৱন যৌৱন ঠিকে থাকিব যদিহে কৰে এই কাম সপ্তাহত এবাৰ !!

  সৌন্দৰ্য্যৰ ক্ষেত্ৰত জাপানীছ মহিলা সকল সদায় আগত , বিশেষকৈ তেওঁলোকৰ ঘন কলা চুলি আৰু নিখুঁত ছালখনৰ ক্ষেত্ৰত। এনে কিছুমান জাপানিছ মডেল আৰু অভিনেত্ৰী আছে যিসকলৰ বয়স বহু বেছি কিন্তু দেখাত তেওঁলোক তৰুণী ! বিশ্বব্যাপী এই জাপানিছ তৰুণী সকলৰ ৰহস্যৰ, চিৰতাৰুণ্যৰ চর্চা হয়।

Few tips to maintain healthy skin

আচৰিত লাগিব শুনি যে তেওঁলোকৰ চিৰতাৰুণ্য ধৰি ৰখা এবিধ বস্তু হৈছে “ভাত” ! অৰ্থাৎ ভাতেৰে প্ৰস্তুত কৰা এক ফেচপেক। এই যাদুকৰী ফেচপেক সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে থাকে যৌৱনৰ নিশ্চয়তা।

উপকৰণ :– তিনি চামুচ চাউল , এক চামুচ মৌ আৰু এক চামুচ গৰম গাখীৰ।

চাউলখিনি ভালদৰে সিজাই মাৰ পেলাই দি মৌ আৰু গৰম গাখীৰ খিনি প্ৰয়োগ কৰি ভালকৈ পিটিকি এটি পেষ্ট তৈয়াৰ কৰি ছালত লগাই এই মহিলা সকলে।

যৌৱন কি ! ? বহুজনেই ভাবে যে যৌৱন হৈছে মৌবন, কাঁটাবন, সুন্দৰবন আৰু বহু জনৰ মতে যৌৱন হৈছে ঘন জংঘল। এই বিষয়ত কিন্তু নানা ঋষি মুনিৰ নানা মত ! আৰু শুনিব বহুজনৰ অভিমত। বলিউডৰ কোনো তাৰকাই কৈছিল ” যৌৱন হৈছে এটি গোলডিফ চিগাৰেট ” ! নাচিকতাই কৈছিল ” আজি  যৌৱন যাৰ নাম ,  কাইলৈ এডাল বুঢ়া ধাম ” ! কোনো বিশেষ কবিয়ে কৈছিল ” যৌৱন মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়, যি সময়ত যুদ্ধ জিকা যায় “। কোনো বিখ্যাত দাৰ্শনিকে কৈছিল ” যৌৱন হৈছে মানৱ জীৱনৰ এক বিশেষ সময়কাল , যি কাল সময় অপচয়ৰ বাহিৰে আৰু একো নহয়”।

দীৰ্ঘদিন যৌৱন ধৰি ৰাখিব কেনেকৈ ? চিৰ যৌৱনা হৈ ৰব কেনেকৈ ? কি কৰিলে চেহেৰাৰ তাৰুণ্য সদায় থাকিব ?

Tomato is healthy for skin

চেষ্টাৰ অসাধ্য একো নাই । খাদ্যৰ তালিকাত বিলাহী প্ৰায়ে অন্তৰ্ভুক্ত কৰক, যি অভ্যাসে বয়স লুকাই ৰাখিব। প্ৰিয়জনৰ সতে মানসিক আৰু শাৰীৰিক সু সম্পৰ্ক থাকিলে বয়সৰ চাপ কমকৈ পৰে। প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰক। এই তিনি হৈছে যৌৱনৰ অস্ত্ৰ।

Cold drinks and chocolate enhances kidney stones
চকলেট পছন্দ কৰেনে ? দৈনিক এটা চকলেট খালে বয়স কম দেখাই। মন প্ৰাণ খুলি হাঁহিলে আয়ুস বাঢ়ে। প্ৰতিদিনে ফলমুল সেৱন কৰা অভ্যাস গঠন কৰক, নিয়মীয়াকৈ ১০ – ১২ গিলাচ পানী সেৱন কৰক, সঠিক সময়ত সঠিক খাদ্য অভ্যাস , সেউজীয়া শাক পাচলি বেছিকৈ সেৱন আদিয়ে বয়সৰ চাপক বাধা দিয়ে।

সুন্দৰ হাঁহি মাৰিবলৈ সুন্দৰ দাঁতৰ প্ৰয়োজন, দাঁতৰ যত্ন অৱশ্যেই জৰুৰী। দুবাৰ দাঁত পৰিষ্কাৰ কৰা, ধঁপাত জাতীয় দ্ৰব্য পৰিহাৰ কৰা দাঁতৰ বাবে উত্তম। ৰাতিপুৱা সোনকালে ব্ৰেকফাষ্ট কৰা আৰু ৰাতিৰ ভাল টোপনিয়ে বয়সৰ চাপ হ্ৰাস কৰে। দৈনিক যিকোনো ধৰণৰ বাদাম ৬ – ৭ টা সেৱন কৰিলে ছালে সজীৱতা পায়। দুঃচিন্তা, অতিমাত্ৰা মানসিক চিন্তা আৰু হতাশাই মানুহক সোনকালে বৃদ্ধ কৰে।

কি মাছ খালে কেন্সাৰ আৰু হাপানী ৰোগ হয় জানিবলৈ তলত ক্লিক কৰক 

এই তিনিবিধ মাছ খালে কেঞ্চাৰো হ’ব পাৰে !! হ’ব হাপানী !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *