Right position to sleep

টোপনিৰ যোৱাৰ উত্তম position কি ? কেনেকৈ শুলে কি প্ৰভাৱ পৰে ?

   এজন মানুহে জীৱনৰ এক তৃতীয়াংশ কাল টোপনিত মাৰে , সেইবাবে হয়তো এইটো গুৰুত্বপূৰ্ণ যে আমি এই সময়চোৱা কেনেকৈ কটোৱা উচিত। এটা বেটাৰীৰ দৰে টোপনিয়ে আমাক Recharge কৰি শক্তিৰ যোগান ধৰে। মানুহৰ দেহত জমা হোৱা আৱৰ্জনা এই টোপনিয়ে নিষ্কাশন কৰে। এই আৱৰ্জনা সমূহ হৈছে কিছুমান টক্সিন ( কোষত জমা হোৱা বিষাক্ত দ্ৰৱ্য ) আৰু ফ্ৰী ৰেডিকেল। সঠিক সময় টোপনি যোৱাৰ ফলত মানসিক লাভ পোৱা যায় আৰু টোপনিৰ অভাৱে মগজুৰ মনোযোগৰ সামৰ্থ আৰু খবৰ যোগান প্ৰক্ৰিয়াত কুপ্ৰভাৱ পেলাই । সুন্দৰ টোপনিয়ে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে আৱেগ আৰু বুদ্ধিমত্তা পুনঃ সংৰূপোনত সহায় কৰে। সেয়ে টোপনিক মগজুৰ আহাৰ বুলি কোৱা হয়। সঠিক সময় টোপনি যোৱাৰ লগতে সঠিক position ত টোপনি যোৱা সিমানেই গুৰুত্বপূৰ্ণ।

Three best sleeping positions

  সকলো মানুহৰ টোপনি যোৱাৰ position বেলেগ বেলেগ যদিও ইয়াক তিনিটা ভাগত ভগাই লব পাৰি। ১) পেট পেলাই বা উবুৰি হৈ টোপনি যোৱা ২) ওপৰৰ ফালে মুখ কৰি টোপনি যোৱা আৰু ৩) কাটি হৈ টোপনি যোৱা। পিছে এই তিনি প্ৰকাৰৰে শাৰীৰিক লাভ আৰু কিছু অসুবিধা ও আছে ।

   ওপৰৰ ফালে মুখ কৰি টোপনি যোৱা দেহৰ ছাল আৰু মেৰুদণ্ডৰ বাবে লাভজনক । এই position ৰ এটাই অসুবিধা আছে যে টোপনি যোৱাৰ লগে লগে নাক বজোৱা ( snoring ) যাব পাৰে। টোপনিত বেছিকৈ নাক বজোৱা লোকে এই position ত নুশুই আন দুটি position ত শুবলৈ পছন্দ কৰা ভাল যাতে তেওঁৰ কোঠাত শুই থকা আনৰ টোপনি নাভাঙে।

Good sleeping positions

  কাটি হৈ টোপনি গলে দেহৰ ৰক্ত পৰিবহন তন্ত্ৰৰ লগতে পাক – বিপাকীয় তন্ত্ৰৰ বাবে লাভজনক। গৰ্ভৱতী মাতৃৰ বাবে এই position উপকাৰী। এনেকৈ শুলে এটা অসুবিধা দেখা দিব পাৰে সেইটো হৈছে ভৰি আৰু বাহুৰ বিষ হ’ব পাৰে যিহেতু এই position ত দেহৰ ওজনৰ সমানে ভাগৱতৰা নহয়।

Three best sleeping postures

  পেট তলৰ ফালে কৰি শুলে নাক বজোৱা সমস্যা দূৰ হয়। এই position ত টোপনি গলে হাওফাঁও দুটিয়ে উশাহৰ সমস্যা নাপায় বৰং বেছিকৈ অক্সিজেন লাভ কৰে। ৰোগীয়া লোকৰ বাবে উত্তম এই position । কিন্ত এই position ত বেছিকৈ শুলে ডিঙিৰ বিষ হ’ব পাৰে আৰু মেৰুদণ্ডই কিছু কষ্ট অনুভৱ কৰিব পাৰে।

চুলি সৰাৰ মুল কাৰণ জানিবলৈ তলত ক্লিক কৰক

এই সমূহ ভুলৰ বাবে মূৰৰ চুলি সৰি নোহোৱা হয় ! –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *