Causes of hair fall and solution

   চুলিৰ যতন সকলোৱে লয় , তথাপিও বহুতৰে চুলি সৰি সৰি নাইকিয়া হয়। বিশেষজ্ঞৰ মতে মানুহৰ চুলি সৰিব পাৰে , কিন্তু দৈনিক এশ ডালৰ তলত । যদিহে এশ ডালৰ ওপৰত চুলি পৰিছে, তেন্তে তাক প্ৰতিৰোধ কৰা অত্যন্ত জৰুৰী। যিমান যত্ন ললেওঁ , যিমান hair serum ঘঁহিলেওঁ বহুজনৰ চুলি সৰা সমস্যাৰ ওৰ নপৰে। তাৰ আঁৰত থাকে ব্যাক্তি বিশেষৰ বহু নিজা ভুল। সেই ভুল সমূহ হৈছে :-

১) বহুতে ৰাতি শুৱৰ সময়ত চুলি বান্ধি ৰাখে, যি অভ্যাস অতি অপকাৰী। চুলি বান্ধি শুলে টোপনিৰ ভাঁজত কিছু কিছু চুলিৰ গুৰিত বাৰে বাৰে চাপ পৰে । যাৰ ফলত চুলিৰ আগ চিঙা আৰম্ভ হয়। সেয়ে টোপনিৰ আগত চুলি নাবান্ধি , খোপা নাবান্ধি ; চুলিবোৰ  বেলেগে বেলেগে বেণী গুঠি থব পাৰে।

causes of hair fall

২) কৰবাত দৌৰা দৌৰিকৈ যাবলৈ  হ’লে , বহুতে খুব দৌৰা দৌৰিকৈ চুলি ফণীয়াই ; যাৰ ফলত চুলিৰ গুৰিৰ ছালত চাপ পৰে আৰু hair follicle সমূহ আঘাতপ্ৰাপ্ত হৈ চুলি সৰা আৰম্ভ হয়। আৰু এনেকৈ ফণীয়াই যদি চুলি বান্ধিছে তেতিয়া সমস্যা আৰু দুগুণ হোৱাৰ সম্ভাৱনা বাঢ়ে।

CAUSES AND REMEDIES OF HAIRFALL

৩) চুলিত শ্বেম্পু কৰাৰ পিছত ভিজা চুলি বান্ধিব নালাগে। বহুজনে দৌৰা দৌৰি আৰু ব্যস্ততাৰ বাবে ভিজাই ভিজাই চুলি বান্ধি লয়, আৰু যদি আপুনিও কৰিছে এনে , তেন্তে আপোনাৰ ধুনীয়া চুলিকোছাক কষ্ট দিয়াৰ বাহিৰে আন একো কৰা নাই। কিয়নো এনে কৰিলে চুলি সৰাটো নিশ্চিত। বহুত দৌৰা দৌৰি হলে drier ব্যৱহাৰ কৰি চুলি শুকাই ল’ব পাৰে; তথাপিও কেঁচাই নাবান্ধিব।

৪) আজিকালি বহু মহিলা আৰু ছোৱালীয়ে আনকি লৰাই চুলি চিধা কৰি লয় কৃত্ৰিম ভাবে। ৰাসায়নিক দ্ৰৱ্য আৰু থাৰমেল হিট প্ৰয়োগ কৰি চুলি চিধা কৰিলে চুলিৰ অতি যত্নৰ প্ৰয়োজন। যি যত্ন সকলোৰে বাবে সম্ভৱ নহয় , যেনে সময়ত স্পা কৰা, চেৰাম প্ৰয়োগ কৰা আদি। যাৰ ফলত চুলি সৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি অনভিজ্ঞ লোকৰ দ্বাৰা থাৰমেল হিট প্ৰয়োগ কৰাৰ ফলত চুলিৰ আভ্যন্তৰীণ কোষৰ বহু ক্ষতি হয় বা হ’ব পাৰে, যাৰ বাবে কোষ সমূহ পৰিপুষ্টিৰ অভাৱত পৰি চুলি ঠুনুকা হৈ পৰে, চুলিৰ অগ্রভাগ ফাটি ফাটি যায় আৰু সৰিবলৈ আৰম্ভ কৰে। সেয়ে স্ত্ৰেইট কৰাৰ পৰিবৰ্তে কেৰাটিন প্ৰয়োগ কৰাই উত্তম। এনে কৰিলে চুলিৰ গঠন ঠিক থকাৰ লগতে চুলি চিধাও হয় চাহিদা অনুযায়ী।

causes and remedies of premature hair fal

৫) বহুজনে আকৌ চুলিত ভিন্ন ভিন্ন ধৰণৰ ৰং প্ৰয়োগ কৰা দেখা যায়। বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰে উৎপাদিত ৰং সমূহে মূৰৰ ছালখনৰ এলাৰ্জি সৃষ্টি কৰে যাক ‘এলাৰ্জিক ডাৰ্মাটাইটিছ’ বুলি কোৱা হয় । এনে হ’লে ছালখনে চুলি ধৰি ৰাখিব নোৱাৰা হৈ পৰে আৰু অকালতে চুলি সৰা আৰম্ভ হয়। ৰং কৰিলে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰক, ৰাসায়নিক ৰং নহয়।

৬) আজিকালি বহুজনে চুলি ঘন কৰিবলৈ চুলি ৰোপণ ( Hair transplant ) কৰা দেখা যায়। এনে কৰিলেও কিছু ক্ষতি নোহোৱা নহয়। ইয়াৰ ফলত আচল চুলিৰ ক্ষতি হয়। ৰোপণ কৰা চুলিৰ ওচৰে পাজৰে থকা আচল চুলিৰ ওপৰত চাপ পৰে। ওচৰ পাজৰে থকা আচল চুলি ছিঙি ছিঙি পৰাৰ আশংকা থাকে।

চুলি স্ত্ৰেইট কৰাৰ অপকাৰ সমুহ জানিবলৈ তলত ক্লিক কৰক 

স্থায়ীকৈ চুলি স্ত্ৰেইত কেনেকৈ কৰে ? ৰাসয়নিক দ্ৰব্যই কি ক্ষতি কৰে?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *