What is the cleaning time of an used bedcover ?

আপুনি কিমান দিন মূৰত ধুৱে বিছনা চাদৰ ? বহুজনৰ নাই শুদ্ধ উত্তৰ-

    বহু লোকৰে ধাৰণা নাই যে কিমান দিন মূৰত বিছনা চাদৰ সলনি কৰিব লাগে। সপ্তাহত এবাৰ নে সপ্তাহত দুবাৰকৈ নে সপ্তাহত তিনিবাৰ নে প্ৰতিদিনে বিছনা চাদৰ সলনি কৰিব লাগে ?

Cleaning time of a bed cover

  সুস্থ থকাৰ বাবে যেনেকৈ স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰয়োজন ঠিক তেনেদৰে কিছুমান স্বাস্থ্যকৰ অভ্যাসৰো প্ৰয়োজন। সেইবাবে গুৰুত্ব দিয়া প্ৰয়োজন দৈনিক লাইফ ষ্টাইলৰো। অমিক্ৰনৰ পৰিস্থিতিত পৰিষ্কাৰ পৰিচন্নতাৰ খূবেই জৰুৰী বুলি বিশেষজ্ঞ সকলে মতামত পোষণ কৰিছে। বিশেষজ্ঞ সকলৰ মতে নিজৰ শৰীৰৰ লগতে আশে পাশে থকা পৰিবেশ চাফ চিকুনকৈ ৰখাৰ ফলত বাছি থাকিব পাৰি অনেক ৰোগৰ সংক্ৰমণৰ পৰা। কিয়নো পৰিচন্নতাই অনেক ৰোগক প্ৰতিৰোধ কৰিব পাৰে।

   বিশেষজ্ঞ সকলৰ মতে নিজৰ বিছনা চাদৰ খন সময়ত পৰিষ্কাৰ কৰি লোৱাটো অত্যন্ত জৰুৰী। বহু লোকৰ ধাৰণাই নাই কেতিয়া বিছনা চাদৰ খন সলনি কৰিব লাগে বা পৰিষ্কাৰ কৰিব লাগে ? এই পোষ্ট যুগুতাই দিয়াৰ আগতে কেইবাজনক এই একে প্ৰশ্নটি কৰি কাৰো পৰা শুদ্ধ উত্তৰ নাপায় লিখা হৈছে এই পোষ্ট। এজনে উত্তৰত কৈছে তেওঁ লেতেৰা হ’লে ধুৱে, আন এজন ভদ্ৰলোক কলে তেওঁ প্ৰতি ৰবিবাৰে বিছনা চাদৰ খন সলনি কৰে, এজনী ভদ্ৰমহিলাই কলে তেওঁ হেনো চাৰি পাছ দিনত এইখন সলনি কৰে। কিন্তু শুদ্ধ উত্তৰটি কি ?

Cleaning time of a bed cover

   বিশেষজ্ঞৰ মতামত অনুসৰি লেতেৰা বিছনাত অনেক ৰোগৰ বীজাণু বিচৰণ কৰে, যাৰ ফলতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ’ব আৰু বাৰে বাৰে হাওঁফাওঁত এই বেক্টেৰিয়া আৰু ভাইৰাছ সমূহৰ সংক্ৰমণ ঘটিব। লেতেৰা বিছনাত আৰাম কৰাৰ ফলতে শালমইনা, এলাৰ্জি, একযিমা , হাঁপানী আদি ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব পাৰে। বিছনা খনত পৰি ৰোৱা বীজাণু সমূহ এসপ্তাহত দুগুণ হবলৈ আৰম্ভ কৰে। সেয়ে তিনি দিনত এবাৰ বিছনা চাদৰ খন সলনি কৰা অতি দৰকাৰী। তাতোকৈ উত্তম হৈছে দৈনিক অৰ্থাৎ ২৪ ঘণ্টাত এই বিছনা চাদৰখন এবাৰ সলনি কৰি ধুই লোৱা ।

বুদ্ধিৰ শিশু জন্ম দিবলৈ গৰ্ভৱতী মাতৃয়ে কি কৰব লাগে জানিবলৈ ক্লিক কৰক

এটি বুদ্ধিমান শিশু জন্ম দিবলৈ অন্তঃসত্তা মাতৃৰ কৰণীয় কি ?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *