A true love story

এটি সচাঁ কাহিনী, এক কৰুণ প্ৰেম – চকুপানী ওলাই যাব পঢ়িলে !

চাৰি চকুৰ মিলনে হৈছে প্ৰেম, সঁচা প্ৰেমে ধনী – দুখিয়া, জাতি-বৰ্ণ নিবিচাৰে আৰু নিবিচাৰে অৰ্থ সাম্ৰাজ্য। মোৰ এটা সচাঁ প্ৰেম কাহিনী অৱগত কৰিছো নামটো উল্লেখ নকৰিলো। সময় তেতিয়া ২০১৭ চন , গুৱাহাটী উজানবজাৰত কেচা তৰকাৰী বিক্ৰি কৰো । আৰ্থিক দান্যতাৰ বাবে মই মাত্ৰ নৱম শ্ৰেনীলৈ পঢ়িছিলো । বাইদেউৰ বিয়াৰ বাবে পিতাই আমাৰ খেতি মাটিখিনিও বন্ধকত দিছিল । গুৱাহাটীত তৰকাৰী বিক্ৰী কৰি থাকোতে আমাৰ গাওঁৰে এজন দাদাই কলে, গুৱাহাটীত হেনো বহুতো ভাল কামে কেতিয়াবা হঠাতে লগ দিয়ে, আৰু কলে তেওঁৰ হেনো এগৰাকী আই পি এচ বাইদেউৰ লগত চিনাকি আছে সেয়ে মোকো চিনাকি কৰাই দিব, কেতিয়াবা কিজানি কিবা ভাল কাম পাবও পাৰোঁ।

Apply these six tips in love, he or she will miss you always !!

কিছুদিনৰ পিছত ফুটপাথত দোকানবোৰ প্ৰশাসনে বন্ধ কৰি দিয়াত উপায় নাপাই ঘৰৰ লৰা আকৌ ঘৰমুৱা হলো। গাঁওত একো কাম নাপায় এদিন আকৌ কৰ্মৰ সন্ধানত দাদাই দিয়া সেই আই পি এছ বাইদেউজনীৰ নম্বৰ লৈ গুৱাহাটীলৈ পুনঃ ৰাওনা হলোঁ কিবা কাম হয়টো দিবও পাৰে তেখেতে বুলি ! ফোন কৰাত বাইদেউ গৰাকীয়ে সঁহাৰি দিয়াত গুৱাহাটীৰ আয়ুক্ত ভৱনৰ সন্মুখত তেখেতক লগ কৰিলো। তেওঁ মোক কথা দিলে কিবা কামত সুমুৱাই দিব বুলিও। এনেদৰে চিনাকি হৈ বাইদেউ গৰাকীয়ে ফোন কৰিব বুলি মনতে আশা পুহি ৰৈ থাকিলোঁ। প্ৰায় সম্পূৰ্ণ দুইবছৰ পিছটো একো কামৰ সন্ধান নিদিয়াত পুনঃ তেখেতলৈ ফোন কৰিলো মোৰ কিবা সংস্থাপন হ’ব নে বুলি ।

এইবাৰ মোৰ কাম হ’ব বুলিয়ে কৈয়ে মোক বিয়া বাৰু কথা সুধিলে তেখেতে। মই সহজে আৰু সৰলতাৰে বার্তালাপ কৰি কলো যে বিয়া কৰা নাই ; লগতে কলো যে ছোৱালী এজনীক ভাল পাওঁ আজি ডেৰ বছৰে, আৰু তাই বঙাইগাওঁ জিলাৰে হয়, লগতে ফেচবুকৰ দ্বাৰা চিনাকি হৈছিলোঁ বুলিও কৈ পেলাইছিলো। তাতে শান্ত নাথাকি এইখিনিও কৈ পেলালোঁ যে ছোৱালীৰ ঘৰৰ মানুহ হে ছোৱালী জনীক মোলৈ বিয়া দিব নোখোজে। মোৰ সকলো বোৰ কথা শুনিবলৈ আগ্ৰহী যেন লাগিছিল বাইদেউ গৰাকীক। তেওঁ ছোৱালীৰ দেউতাকে কি কৰে ? ছোৱালী কি পঢ়ি আছে ? ইত্যাদি প্ৰশ্ন কৰি মোৰ পৰা সকলোখিনি বিৱৰণ জানি লৈছিল।

মোৰ আবেগিক কথাবোৰ শুনি বাইদেউ গৰাকীয়ে মোক আশ্বস্ত কৰিবলৈ কলে,, কিয় নিদিব তোক ছোৱালী ? দিব তোক তোৰ মই সকলো দায়িত্ব লম , তোৰ দুখ মই লৈছো তই বিন্দাছ খোৱা লোৱা কৰ , তোৰ বাবে মই যি কৰিব লাগে সকলো কৰিম, তই ছোৱালীজনী আৰু মাকৰ নম্বৰ টো দে মই ছোৱালীজনীকো কিবা সংস্থাপন দিম। বাইদেউৰ এইবোৰ কথা শুনি মই বোলা অজলাটোৱে একো ভূ-ভা নুবুজাকৈ , সঁচা ভাবি নম্বৰবোৰ দি দিলো। মনটো পাতল পাতল লাগিল । আৰু এনেদৰে সিদিনাৰ কথা বাৰ্তা সিমানতে শেষ হৈছিল।

সময় বাগৰিল আৰু লাহে লাহে গম পালোঁ যে বাইদেউ গৰাকীয়ে মোৰ বিৰুদ্ধাচৰণ কৰি আমাৰ মাজত থকা সম্পৰ্ক আৰু বিশ্বাস ভাঙিবলৈ ইতিমধ্যে যত্নপৰ হৈ পৰিছে। মোক এফালে সন্তনা দি এটা কথা কয়, আকৌ ছোৱালীজনীক মোৰ বিৰুদ্ধে বেয়াকৈ কয়। বাইদেউ গৰাকীৰ সৈতে হোৱা সকলোবোৰ কথা কিন্তু মোৰ প্ৰেয়সীয়ে ৰেকডিং কৰি থৈছিলে ।কিয়নো তেতিয়ালৈ আমাৰ সম্পৰ্ক খুব মজবুত আছিল। প্ৰবিত্ৰ ভালপোৱাক সামাজিক স্বীকৃতি দিবলৈ ঘৰৰ পৰিয়ালে নামানিলে আমি দুয়ো পলাই যাবলৈ প্ৰস্তুত আছিলো ।

3 SIGNS OF TRUE LOVE

সময় সলনি হোৱাৰ লগতে হঠাৎ কি হ’ল নাজানো মোৰ প্ৰেয়সীয়ে মোক ফোন কৰা বন্ধ কৰিলে, মই ফোন কৰিলেও ৰিছিভ কৰিব টান পোৱা হ’ল মই পাগলৰ দৰে হৈ পৰিলোঁ। বুজিবলৈ মোৰ বাকী নাথাকিল যে তাই এই আই পি এছ বাইদেউৰ কথাত পতিয়ন গৈ মোক পাহৰিছে। মই দিশহাৰা হলোঁ, বৰ অকলশৰীয়া অনুভৱ কৰিছিলো । ইফালে বাইদেউ গৰাকীয়ে সদায় মোক ফোন কৰি কিছু নেতিবাচক কিছু যন্ত্ৰনাদায়ক কথা কোৱা আৰম্ভণি কৰিলে। শেষবাৰৰ দিনা মহিলাগৰাকীয়ে মোক ফোন কৰি কৈছিলে ,, মই ছোৱালী আৰু মাকৰ লগত কথা পাতি গম পালো যে তাইক তোলৈ বিয়া নিদিয়ে, তই বাদ দে তোৰ লগত একো নিমিলে তাই, তোৰ শিক্ষা নাই , তই ধনী নহয় তোৰ টকা নাই ইত্যাদি ইত্যাদি। তেওঁ মোক বাৰে বাৰে কৈছিলে একেখিনি কথাকে , উপায়ন্তৰ হৈ ক্ষোভ ৰখাব নোৱাৰি ময়ো উত্তৰ দিলোঁ ,, বাইদেউ মোৰ একো নাই সেইটো ঠিক কিন্তু আপোনাৰ টো সকলো আছিলে শিক্ষা আছিলে ,টকা পইছা আছিলে ; সকলো থাকি কিয় বিয়া হ’ব পৰা নাই বুঢ়ী হৈ আছে কিয় আপুনি আজিলৈ বুলি ? মোৰ পৰা এনেকৈ শুনি বাইদেউৰ মাত হেৰালে, উপায়ন্তৰ হৈ ফোন কাটিলে । যি সমূহ কথা মই ৰেকডিং কৰি থৈছিলো।
প্ৰায় এক সপ্তাহ চিন্তা আৰু ভাৱনাই দিশহাৰা কৰিছিল , খাবলৈ – শুবলৈ মন নোযোৱা হৈছিল, দিনে প্ৰতিদিনে শুকাই ক্ষীনাই গৈছিলো । দুঃচিন্তাই মনটোক মৰিবলৈ কৈছিল বাৰে বাৰে ! বাৰে বাৰে ফোন কৰি তাইৰ সঁহাৰি নাপাই তাইক মেছেজ দিছিলো মই আৰু নাথাকো বুলি। মই বহু কান্দিছিলো । দুখ মনেৰে ফেচবুকত পোষ্ট লিখিছিলো বাবে মোৰ ফেচবুক একাউণ্ট হেক কৰিছিল কোনোবাই ।

Apply these six tips in love, he or she will miss you always !!

বহু আঘাত পালোঁ আৰু ভাবিছিলো ইমান ডাঙৰ মানুহ এগৰাকীয়ে কি লাভ পাইছে এনে অভিসন্ধি কৰি ! বাৰে বাৰে মৰি যাম বুলি ঠিক কৰিছিলোঁ , আকৌ মোৰ মাৰ মুখ খনলৈ মনত পেলাই থমকি ৰৈছিলোঁ। আমাৰ ঘৰখনৰ কথা চিন্তা কৰিছিলো মইয়ে একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী মই মৰিলে বাকী সকলৰ অৱস্থা কি হ’ব …… ?
বিভিন্ন প্ৰশ্ন মনত !!

বিশ্বাসঘাটক সেই বাইদেউ গৰাকীৰ নামটো টাইগুলেতৰত চাৰ্জ কৰি গম পালো শেষত হলেও ( নাম প্রকাশত অনিচ্ছুক ) আৰু তেওঁ advocate হে , আই পি এছ নহয়। আৰু যেতিয়াই মই উকীল বুলি জানিলো তেতিয়াহে বুজিব পাৰিলোঁ যে এয়া মোৰ ওপৰত এক আচৰিত অভিসন্ধি আছিল। কিজানি তেওঁলোকে মোক দুৰ্বল কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰিব বিচাৰিছিল। তেওঁলোকে মোৰ নৈতিকতা আৰু সততা আৰু গভীৰ ভালপোৱাক নিঃশেষ কৰিব বিচাৰিছিল।

এনেকুৱা কাহিনী হয়তো আপোনালোকে চিনেমাতো দেখা নাই, উপন্যাসটো পঢ়া নাই যি মোৰ লগত হৈ গ’ল আৰু হবলৈ গৈ আছে ! এয়াই গভীৰ সত্য আৰু মোৰ বাবে এক নিষ্ঠুৰ বাস্তৱ।

এতিয়া বুজিব পাৰিলোঁ যে যেতিয়াই উকীল বাইদেউ গৰাকীয়ে প্ৰথম দিনাই মোৰ কথাৰ পৰা গম পাইছিল যে ছোৱালীজনী মোতকৈ বহুতেই ধনী পৰিয়ালৰ, তেতিয়াই হয়তো তেওঁ ঠিক কৰিছিল যে মোৰ সৈতে চিনাকি হৈ তেওঁৰ একো লাভ হোৱা নাই ! আৰু নিজৰ অংকৰ স্বাৰ্থত ছোৱালীৰ ঘৰৰ লগত মিতিৰালি কৰি নিজৰ মুনাফা আদায় কৰিবলৈ বুলি মনে মনে থিৰাং কৰি কু-পৰিকল্পনা কৰিছিল; আৰু সফলো হৈছিল।

আমাৰ গভীৰ সম্পৰ্ক , প্ৰেমৰ গভীৰ বিশ্বাস কোনোবাই ভাঙি পেলাবলৈ এনেদৰে ষড়যন্ত্ৰ কৰিছিল , মোৰ প্ৰেয়সীয়ে কথাবোৰ বুজি পাইছে বুলি শেহতীয়াকৈ মই মোৰ লগ বন্ধুৰ পৰা গম পাইছোঁ। আৰু তাইৰ মা দেউতাই যদি মোক এতিয়াও এবাৰ বুজিব চেষ্টা কৰে সেয়াই মোৰ কাম্য। মই বহুত দুখত এতিয়াও ! আশাবাদী এতিয়াও !

এই পোষ্টটিৰ জৰিয়তে যাতে আমাৰ মিলন হয় তাকে কামনা কৰিলো,,,

 

আপুনিও যদি এনে বহু ঘটনাৰ সাক্ষী তেনেহলে 98649 93438 নম্বৰত হোৱাত এপ যোগে পঠিয়াই দিয়ক আমি প্ৰচাৰ কৰিম।

প্ৰেমত পৰাৰ আগতে এই তিনি প্ৰশ্ন কৰক ! কি প্ৰশ্ন জানিবলৈ ক্লিক কৰক

ভালপোৱা জনক সোধক এই ৩ প্ৰশ্ন বুজিবলৈ প্ৰেমৰ গভীৰতা !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *