ভালপোৱা জনক সোধক এই ৩ প্ৰশ্ন বুজিবলৈ প্ৰেমৰ গভীৰতা !!

নিজৰ ভালপোৱা জনক সোধক এই ৩ প্ৰশ্ন ওলাই পৰিব জোলোঙাৰ মেকুৰী !!

3 signs of true love !!

   আজি কেইটামান এনে কথা কব বিচৰা হৈছে যাৰ পৰাই আপুনি বুজিব পাৰিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কিমান ভাল পায় বা কিমান বিচাৰে আপোনাক নিজৰ কৰি লবলৈ; নে কিবা নহয় কিবা স্বাৰ্থতহে তেওঁ আপোনাৰ সৈতে সম্বন্ধত আছে। আজিৰ বিষয়টি সম্পূৰ্ণৰূপে বহু অনুৰাগীৰ অনুৰোধ ৰক্ষা কৰাৰ যত্ন কৰিহে যুগুতাই তোলা হৈছে; আৰু কথাবোৰ সম্পূৰ্ণ মনোবিজ্ঞানৰ আধাৰতে কব বিচৰা হৈছে।

   যদিহে আপুনি কাৰোবাক ভাল পায় বা  সঁচা অন্তৰেৰে তেওক বিছাৰে  কিন্ত আপোনাৰ মাজে প্ৰায়ে সংগীজনলৈ সন্দেহ ঘনীভূত হৈ থাকে যে তেওঁ  এৰি যাব নেকি বা “ব্ৰেক আপ” দিব নেকি তেন্তে আপুনি হঠাতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এই তিনিটা প্ৰশ্ন কৰিলে আপোনাৰ সম্পৰ্কৰ গভীৰতাৰ কিছু হলেও অনুমান পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা যিমানেই বুদ্ধিমান বা বুধিয়ক নহওঁক ; যদিহে তেওঁ আপোনাৰ সৈতে প্ৰেমৰ অভিনয় কৰি আছে তেন্তে তেওঁ এই তিনি প্ৰশ্নৰ দ্বাৰা ধৰাসায়ী হৈ পৰিব। এই তিনিটা প্ৰশ্ন হৈছে:-

  প্ৰশ্ন নং ১ :- তুমি মোক কিয় ভাল পোৱা ?

3 SIGNS OF TRUE LOVE

এই প্ৰশ্নৰ উত্তৰেই আপোনাক জনাই দিব আপোনাৰ প্ৰেমৰ গভীৰতা , আপোনাক কিমান ভাল পায় আপোনাৰ প্ৰেমিক বান্ধৈ বা বন্ধুৱে।

  বহু প্ৰেমিক প্ৰেমিকাই উত্তৰত কব “তুমি বহুত ধুনীয়া, তুমি বহুত স্মাৰ্ট, তুমি বহুত ভাল , তোমাক বহুত ভাল লাগে, তুমি বহুত জ্ঞানী বা তুমি এজন বিদ্যান, তোমাৰ মনটো বহুত ভাল আদি ইত্যাদি আৰু সেইবাবেই মই তোমাক ভাল পাওঁ”। যদিহে উত্তৰ এইবোৰে হয় তেন্তে আপুনি গভীৰভাৱে চিন্তা কৰক; যিদিনা আপুনি ধুনীয়া হৈ নাথাকিব, যিদিনা আপোনাৰ জ্ঞান বুদ্ধি আৰু মন দুৰ্বল হৈ পৰিব সেইদিনা আপোনাৰ প্ৰেমিক আপোনাৰ লগত থাকিব নেকি ? যিদিনা তেওঁৰ আপোনাক ভাল নলগা হৈ যাব সিদিনা তেওঁ আপোনাৰ লগত থাকিব নেকি ?

   ভালকৈ চিন্তা কৰক সঁচা ভাল পোৱাৰ জানো কিবা কাৰণ থাকে ; কিন্তু থাকে বা থাকিব পাৰে ? যিজনে আপোনাক সঁচাকৈ অন্তৰৰ পৰা ভাল পায় তেওঁ কোনো কাৰণ নোহোৱাকৈয়ে আপোনাক ভাল পাব। আৰু যাৰ অন্তৰত আপোনাৰ প্ৰতি সঁচা ভালপোৱা আছে তেও আপোনাক উত্তৰত কব ” মই তোমাক কিয় ভাল পাওঁ মই নিজেই নাজানো”।

প্ৰশ্ন নং ২ :- তোমাৰ পৰিয়াল বা তোমাৰ অভিভাৱকে তোমাৰ বিয়া যদিহে আনৰ সৈতে পাতিব বিচাৰে তেন্তে তুমি কি কৰিবা ?

get true love with this tips

  সঁচাকৈ ভালপোৱা প্ৰেমিক প্ৰেমিকাই উত্তৰ দিব যে ” মোৰ বিয়া আনৰ সৈতে পাতি দিবলৈ কাৰো সাহস নাই” । প্ৰেমিক বা প্ৰেমিকাৰ বিয়া বিভিন্ন কাৰণত বেলেগৰ লগত পাতিবলৈ ঘৰৰ পৰিয়ালে বাধ্য  কৰে বা কৰাটো এক নৈমিত্তিক পৰিঘটনা আৰু বহু প্ৰেমৰ পৰিসমাপ্তি তেনেদৰেই ঘটে; কিন্তু যেতিয়া আপোনাৰ ২ য় প্ৰশ্নৰ উত্তৰ যদি ওপৰত দিয়া ধৰণে আপোনাক দিছে তেন্তে বুজিব যে আপোনাৰ প্ৰেমিক সদায়ে আপোনাৰ লগতে থাকিব আৰু তেওঁ আপোনাক কেতিয়াও এৰি থাকিব নোৱাৰে।

প্ৰশ্ন নং ৩ :- যদি তোমাৰ আৰু জীৱনৰ বাবে ২৪ ঘন্টাহে বাকী আছে তেন্তে তুমি মোৰ সৈতে কি কি কৰিবা ?

 Ask these three questios to your partner to know your love status

এই প্ৰশ্নৰ উত্তৰত বহুতে বহুত কথা কব কিন্তু আপুনি পাব লগা সঠিক উত্তৰটো হ’ব ” মই মোৰ জীৱনৰ শেষ সময় খিনি তোমাৰ কোলাতেই শুই পাৰ কৰিব বিচাৰো; যেতিয়ালৈ মই শেষ উশাহটি লব পাৰোঁ “। কিন্তু বহুজনে উত্তৰ দিব যে তেওঁ আপোনাক বহু মৰম দিব, বহু আদৰ কৰিব, বহু বস্তু বাহিনী আৰু টকা পইচা দি যাব, বহুত কান্দিব ইত্যাদি ইত্যাদি। কিন্তু সঁচা ভালপোৱা জনে ওপৰত উল্লেখ কৰা ধৰণেহে উত্তৰ দিব আৰু উত্তৰ দিয়া সময়ত লক্ষ্য কৰিব তেওঁৰ চকুলো দুধাৰ চকুলোৰে ভৰি পৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *