HAIR STRAIGHTENING TECHNIQUE AND HARMFUL EFFECTS

চুলি যেনে তেনে স্ট্রেইট কৰাৰ আগতে জানি লওক কিছু কথা :-

HAIR STRAIGHTENING TECHNIQUES AND BAD EFFECTSDIFFERENT HAIR STRAIGHTENING METHOD AND BAD HEALTH IMPACTS

 

  মানুহৰ চুলি কেঁকুৰা ঢৌ খেলি থকা আৰু বহুতৰ জন্মৰ পৰাই চিধা বা স্ত্ৰেইট হ’ব পাৰে। ভিন্ন জনৰ ভিন্ন পছন্দৰ কথা যে কাৰোবাৰ চিধা চুলি ভাল লাগে কাৰোবাৰ আকৌ কেঁকুৰা চুলি। ৭০-৮০ দশকৰ সময়ছোৱাত কেঁকুৰা চুলিৰ বৰ চাহিদা আছিল কিন্তু এতিয়া আকৌ চিধা চুলিৰ বাবে বহুতে হাবিয়াস কৰে। তাৰ ফলত বহু লোক পুৰুষ মহিলা ধাৱমান হয় পাৰ্লাৰলৈ। যদি চুলি ষ্ট্ৰেইট কৰিম বুলি ভাবি আছে তেন্তে জানি লওঁক সকলো কথা। চুলি স্ত্ৰেইত কৰাৰ আগতে ইয়াৰ সুবিধা আৰু অসুবিধা সমূহ ভালকৈ জানি লোৱাটো খুবেই দৰকাৰী নহলে বিপদত পৰিব পাৰে।

TEMPORARY HAIR STRAIGHTENING MACHINE FOR HOME USE

 

 চুলি ষ্ট্ৰেইট কৰাটো হৈছে চুলিৰ গঠন আৰু ভাঁজ সলনি কৰি নতুন এটি আকৃতি দিয়া কৃত্ৰিম প্ৰক্ৰিয়া ৷ ইয়াৰ দুটা পদ্ধতি আছে-স্থায়ী আৰু অস্থায়ী।

অস্থায়ীকৈ চুলি ষ্ট্ৰেইট কেনেকৈ কৰে ?

এই পদ্ধতিত চুলি ষ্ট্ৰেইট কৰোঁতে কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয় কেৱল গৰম ভাপ ৰ জৰিয়তে চুলিৰ ফাইবাৰ ( কেৰোটিন প্ৰটিন) সমূহ চিধা কৰা হয় যাৰ ফলত চুলি স্ত্ৰেইত হৈ পৰে।

এই পদ্ধতিত খুব কম সময়হে চুলি চিধা হৈ থাকে চুলিকোছা ধুই দিয়াৰ লগে লগে আকৌ চুলিৰ আগৰ গঠন আৰু আকৃতিলৈ ঘূৰি আহে।এই পদ্ধতিৰে আপুনি ঘৰতে চুলি চিধা কৰিব পাৰে যিকোনো ভাল চুলি ষ্ট্ৰেইট কৰা সঁজুলিৰ দ্বাৰা। চুলি ষ্ট্ৰেইট কৰা সঁজুলি( Hair Straightener) বজাৰত সহজে উপলদ্ধ। এই পদ্ধতিত চুলিৰ বিশেষ ক্ষতিও নহয়। কিন্তু যদি অত্যাধিক গৰম ভাপত যদি চুলি শুকান কৰি চুলি চিধা কৰে নিশ্চিত ভাবে কিছু ক্ষতি কৰিব। আৰু এনেদৰে স্ত্ৰেইত কৰিলেও চুলিত উন্নত মানৰ কণ্ডিচনাৰ ব্যৱহাৰ কৰা উচিত লগতে চেৰাম দিয়া প্ৰয়োজনীয় ।

স্থায়ীকৈ চুলি স্ত্ৰেইত কেনেকৈ কৰে ?

কৃত্ৰিমভাৱে স্থায়ীকৈ চুলি স্ত্ৰেইত কৰিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ অতিকৈ প্ৰয়োজন। এই ৰাসায়নিক দ্ৰৱ্যৰ দ্বাৰা চুলিৰ গঠন সম্পূৰ্ন সলনি কৰি পেলোৱা হয়।

TEMPORARY HAIR STRAIGHTENING METHOD IS BEST METHOD WITH LESS DAMAGE TO HAIR

 

এই পদ্ধতিত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি চুলিত থকা এবিধ প্ৰটিন কেৰ’টিন (keratin) ৰ বান্ধনী মসৃণ কৰা হয় আৰু তাৰ পাছত গৰম ভাপৰ সহায়ত চুলিখিনিক এক নতুন গতি দিয়া হয় যাৰ বাবে অতি কেঁকুৰা আৰু ঢৌ খেলি থকা চুলি চিধা আৰু মিহি হবলৈ বাধ্য হৈ পৰে। এই পদ্ধতিত চুলি বহুদিন চিধা হৈ থাকে যেতিয়ালৈকে চুলি বাঢ়ি নাহে তেতিয়ালৈকে। চুলি বাঢ়ি অহাৰ লগে লগে আকৌ গুৰিৰ ফালৰ আগৰ চুলিখিনি পূৰ্বৰ আকৃতি লয়। এই পদ্ধতিত প্ৰায় ৩-৪ মাহলৈকে চুলি স্ত্ৰেইট আৰু মিহি হৈ থাকে। কিন্ত ৩-৪ মাহৰ পিছত আকৌ পুনৰ স্ত্ৰেইটৰ একে প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিবই।

চুলি স্ত্ৰেইত কৰিলে কি ক্ষতি হব পাৰে ?

১)চুলি সৰা আৰু ছিঙি যোৱা প্ৰায় লোকৰে দেখা যায় :-

   বহুতৰে চুলি স্ত্ৰেইট কৰাৰ পিছত চুলি সৰিবলৈ লয় আৰু বহুজনেই চুলি ছিঙি ছিঙি যোৱা বুলিও  অভিযোগ প্ৰকাশ কৰে। সেয়া হবলৈ পায় স্ত্ৰেইত কৰোঁতে অধিক গৰম ভাপ চুলিত ব্যৱহাৰ কৰাৰ ফলত। কিয়নো অধিক ভাপ প্ৰয়োগ কৰিলে চুলিৰ গুৰি সমূহ নষ্ট হয় আৰু চুলিৰ গঠন দুৰ্বল হৈ পৰে।

HAIR STRAIGHTENING BY CHEMICAL AND WARMING CAN CAUSE DAMAGE HAIR SKIN

আৰু যদিহে অনভিজ্ঞ টেকনিছিয়ানৰ হতুৱাই এই কাম কৰাইছে তেন্তে এই সমস্যাটো আৰু বহুত বেছি বাঢ়িব। কিয়নো অনভিজ্ঞ লোকে বেছিকৈ ভাপ প্ৰয়োগ কৰিব বা ৰাসায়নিক দ্ৰব্য বেছিকৈ প্ৰয়োগ কৰাৰ শংকা থাকে লগতে অধিক ব্যৱসায়িক লাভৰ বাবে নিম্ন মানদণ্ডৰ ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ কৰাৰো ভয় থাকিব।

২)মূৰৰ খজুৱতি আৰু ছালৰ সমস্যা:-

CHEMICAL HAIR STRAIGHTENING DECREASE THE STRENGHT OF HAIR

 

  চুলি স্ত্ৰেইত কৰোঁতে সাধাৰণতে তিনিবিধ ৰাসায়নিক দ্ৰব্য চডিয়াম হাইদ্ৰস্কাইড ( sodium hydroxides) , এমনীয়াম ঠাইঅ’গ্লাইক’লেট ( Ammonium thyoglycolate) আৰু চডিয়াম ঠাইঅ’গ্লাইক’লেট ( Sodium thioglycolate) ব্যবহাৰ কৰা হয়। কিন্তু কিছুমান মানুহ এই দ্ৰব্যৰ সংস্পৰ্শলৈ আহিলে মূৰৰ ছালত এলাৰ্জি, জ্বলা পোৰা আৰু খজুৱতি হোৱা দেখা যায়। যাৰ ফলত মূৰৰ ছালৰ চৰিআছিছ ( psoriasis)  ৰোগ আদি পৰ্য্যন্ত হব পাৰে।

 ৩) অত্যন্ত ব্যয়বহুল এই কাম:-

   এবাৰ স্ত্ৰেইট কৰিলেই একোছা ধুনীয়া চিধা চুলিৰ গৰাকী হ’ব নোৱাৰি। এবাৰ কৰিলে ৩-৪ মাহ মানৰ পিছত আকৌ স্ত্ৰেইত কৰিব লাগিব কিয়নো নতুন চুলি আহিলে সেই চুলি চিধা হৈ নাহে। তাৰোপৰি স্ত্ৰেইট কৰাৰ পিছত আপুনি চুলিত যিকোনো শ্বেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। স্ত্ৰেইত কৰা চুলিৰ বাবে ব্যৱহাৰ কৰা শ্বেম্পু আৰু কণ্ডিচনাৰ অতি খৰচী । লগতে ব্যৱহাৰ কৰিব লাগিব দামী চেৰাম। যিবোৰৰ দাম সাধাৰণ শ্বেম্পু, চেৰাম বা কণ্ডিচনাৰতকৈ বহুত বেছি। এই দামী সমগ্ৰীবোৰ ব্যৱহাৰ নকৰিলে কম দিনতে চুলিখিনি খহটা আৰু দুৰ্বল হৈ পৰিব।

   আৰু এটি কথা যে কম মানদণ্ডৰ পাৰ্লাৰলৈ গৈ এয়া কৰালে চুলিৰ বিস্তৃত ক্ষতি হোৱাৰ আশংকা থকা বাবে ভাল পাৰ্লাৰলৈ যাবলৈ আপুনি বাধ্য হব।

৫) চুলি পকিব পাৰে:-

CHEMICAL HAIR STRAIGHTENING MAY CAUSE HAIR FALL

 

ষ্ট্ৰেইট কৰোঁতে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থ আৰু অত্যাধিক গৰম ভাপে চুলিৰ গুৰি আৰু কেৰ’টিন (keratin) প্ৰটিন ভাগৰ বিস্তৃত ক্ষতি কৰে। ফলত চুলি চিধা হলেও কিন্তু  পকিব বা বগা হৈ পৰিব পাৰে।

সেয়ে যদিহে আপুনি চুলি চিধা কৰাৰ কথা ভাবি আছে এই সকলো কথা এবাৰ বিবেচনা কৰি চাওক আৰু সিদ্ধান্ত লওক।

Share it with:

1 Comment

  1. Straight korar pasot suli je poke tar kiba solution ase nki

Leave a Reply

Your email address will not be published. Required fields are marked *