Know your enemy like this

কোনে আপোনাক গোপনে হিংসা কৰে জানি থওঁক এই বুদ্ধিৰে !

কোনে আপোনাক গোপনে হিংসা কৰে জানি থওঁক এই বুদ্ধিৰে !

আপুনি কি এজন সফল পুৰুষ বা এজনী সফল মহিলা ? আপুনি আত্মিক সুখ আৰু পাৰিবাৰিক শান্তিত তৃপ্ত ? যদিহে উত্তৰ হয়, তেন্তে আপুনি আৰু এটি কথা জানি থওঁক যে আপোনাৰ পিছফালে কিন্তু কিছু সবুজ চকু ঘূৰি ফুৰিছে যি চকু ঈৰ্ষা আৰু হিংসাত পাকৈত। তেওঁলোকক আপুনি এৰি চলিব নোৱাৰে, বেয়াকৈ কব নোৱাৰে আৰু চিহ্নিত কৰিবলৈও বৰ টান। কাৰণ এওঁলোকৰ ঈৰ্ষা আৰু কু – অভিসন্ধি অতি গোপন ।

Know your enemy by these tips

মনোবিজ্ঞান বিষয়ক ৱেবচাইট দা মাইণ্ড জাৰ্নেলত প্ৰকাশ কৰিছে কেইবাটাও এই বিষয়ৰ গুৰুত্বপূৰ্ণ কথা, যাৰ পৰা চিহ্নিত কৰি উলিয়াব পাৰি আপোনাৰ ওচৰে পাজৰে থকা এই ঈৰ্ষাতুৰ লোকসকলক। এই লক্ষণ সমূহ হৈছে :-
১) কোনোবাই আপোনাক গোপনে অনুসৰণ কৰিছে নেকি ? এইটো ঈৰ্ষাপৰায়ন লোকৰ প্ৰাথমিক লক্ষণ। এনে লোকে আপোনাৰ ওচৰতে থাকি আপোনাৰ ভাল বেয়া সকলো সমূহ অনুসৰণ কৰি থাকে।

avoid these ugly and quicked people

২) যদিহে কোনোবাই আপোনাৰ বেছিকৈ খবৰ ৰাখিছে বা অদৰকাৰী তোষামোদ কৰিছে , জানিব তেওঁ আপোনাক সঁচা অনুৰাগী বা আপোন নহয় ; আপোনাক হিংসাকাৰীহে।

৩) যদি কোনোবাই আপোনাৰ সফলতাক তুচ্ছ কৰে, জানিব তেওঁ আপোনাক হিংসা কৰে। এনে লোকে আপোনাৰ অতি উচ্চ সফলতা হওঁক বা সৰু সফলতাক আনৰ সৈতে তুলনা কৰি কব খোজে যে তেওঁ এইখিনিহে কৰিছে অমুকে বোলে বহুত কৰিলে, যি কথা শুনি আপুনি হীনমন্যতাত ভুগিব বাধ্য হৈ পৰিব। এনে লোকক সদায় চিনি ৰাখক।

৪) যি লোকে আপোনাক সন্মুখত খুব ভাল ব্যৱহাৰ কৰে কিন্তু আপোনাৰ অনুপস্থিতিত আপোনাৰ দোষ বিচাৰি হাবাথুৰি খাই , তেনে লোকৰ পৰা সদায় সাৱধান। এই শ্ৰেণীৰ লোক বৰ বিষাক্ত। এনে লোকে মানুহৰ মান সন্মান জনমানসত হেয় কৰে।

know six quicked person and avoid them

৫) যি লোকে আপোনাৰ সদায় খবৰ লয় আৰু আপোনাৰ সৈতে ভাল বেয়া সকলো সময়ৰ সাক্ষী হয় , কিন্তু কথা বতৰাৰ মাজতে তেওঁ আপোনাক এনে কিছু প্ৰশ্ন কৰে যি কথা আপোনাৰ সম্পূৰ্ণৰূপে ব্যক্তিগত আৰু যি প্ৰশ্নই আপোনাক অস্বস্তিত পেলাই ; তেনে লোকক চিনি থওঁক কাৰণ তেনে লোকে আপোনাক ঈৰ্ষা কৰে, গোপনে হিংসা কৰে।

৬) যদি কোনো লোকে আপোনাক উপযাচি উপদেশ দিছে , জানি থব তেনে উপদেশ মাত্ৰ আপোনাৰ বাবে হিতে বিপৰীত। তেনে লোক আপোনাক ঈৰ্ষা কৰা সকলৰ ভিতৰত এজন ।

বিমানত উঠিলে কি কি কথা এয়াৰ হ’স্তেজক সুধিব নালাগে জানিবলৈ তলত ক্লিক কৰক

বিমানত উঠিলে এয়াৰহস্তেজক্ এইবোৰ প্ৰশ্ন নকৰিব –

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *