AIR HOSTAGE FUNNY STORRY

বিমানত উঠিলে এয়াৰহস্তেজক্ এইবোৰ প্ৰশ্ন নকৰিব –

  বিমানত সঘনাই যাতায়ত কৰা সকলে জানে এয়াৰহস্তেজ সকলে যাত্ৰীসকলক কিমান আন্তৰিকতাৰে সেৱা আগবঢ়াই। দীঘলীয়া যাত্রাত যাত্ৰীসকলৰ বাবে খাদ্য যোগান, পানীৰ যোগান, ঠাণ্ডাৰ দিনত গৰম কম্বলৰ যোগান ধৰাৰ পৰা যাত্ৰীৰ প্ৰস্থানৰ ফৰ্ম ভৰোৱা, যাত্ৰীৰ প্ৰাথমিক চিকিৎসা সেৱা আনকি জৰুৰীকালীন অৱস্থাত গৰ্ভৱতী মহিলাৰ প্ৰসৱ কৰোৱা ইত্যাদি সম্পূৰ্ণৰূপে কোনো ক্ৰুটি নোহোৱাকৈ সেৱা আগবঢ়াবলৈ যত্নপৰ থাকে।

AIR HOSTAGE FUNNY STORRY

 

যিসকল লোকে নিয়মীয়া বিমান যাত্ৰা নকৰে , তেওঁলোকে নাজানি বহু প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে এয়াৰহস্তেজ সকলক । যাৰ ফলত এয়াৰহস্তেজ সকল বিৰক্ত হ’ব পাৰে ফলশ্ৰুতিত বিভ্ৰান্তিকৰ পৰিস্থিতিত পৰিব পাৰে যাত্ৰী। সেয়ে যাত্ৰীয়ে এয়াৰহস্তেজক কি প্ৰশ্ন কৰিব, নকৰিব সেয়া এখন তালিকা এটি ৱেবচাইট “বৰ্ডিং এৰিয়া ডট” কমত পোৱা গৈছে। সেই প্ৰশ্নসমূহ হৈছে :-

১) মই ফাৰ্ষ্ট ক্লাছৰ বাথৰূম ব্যৱহাৰ কৰিব পাৰিমনে ? এই প্ৰশ্ন কৰি বহুজনেই ব্যতিব্যস্ত কৰে এয়াৰহস্তেজক্ কাৰণ এই লোকসকলে নাজানে যে প্ৰথম শ্ৰেণীৰ টিকট লোৱা জনেহে প্ৰথম শ্ৰেণীৰ বাথৰুম ব্যৱহাৰ কৰিব পাৰে । সেয়ে এনে প্ৰশ্ন কৰি নিজৰ নিৰবুদ্ধিৰ পৰিচয় দিয়াৰ বাহিৰে একো নহয় লগতে এয়াৰহস্তেজ সকলো উপায়হীন হৈ পৰে।

২) চিনেমা কিয় আৰম্ভ হোৱা নাই ? মোবাইলৰ ৱাই ফাই কিয় দিয়া নাই ? বিমানত উঠা মাত্ৰকে যাত্ৰীয়ে সন্মুখত থকা মণিটৰত চিনেমা চাবলৈ নাপাই । প্ৰথমে সেই মণিটৰত প্ৰায় ১০ -১৫ মিনিট সময় উৰণ সম্পৰ্কীয় প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হয় তাৰ পিছতহে গান শুনা অথবা চিনেমা চোৱাৰ সুযোগ অৱশ্যেই থাকে। সেয়ে এইবোৰ প্ৰশ্ন অলাগতিয়াল ভাৱে কৰি এয়াৰহস্তেজক ব্যতিব্যস্ত কৰাৰ কোনো প্ৰয়োজন নাই।

 

funny story of air hostage

৩) কানেক্টিং ফ্লাইট খন সময়ত আহিবনে ? যাত্ৰা কৰি গৈ থকা বিমানখন গন্তব্য স্থান পোৱাৰ পিছত পুনঃ অন্য যিখন বিমানত যাব লগীয়া হয় সেইখন হৈছে কানেক্টিং ফ্লাইট । জানি লোৱা ভাল যে আপোনাৰ কানেক্টিং ফ্লাইটৰ সৈতে এয়াৰহস্তেজৰ কোনো সম্পৰ্ক নাথাকে বা যোগাযোগ নাথাকে। সেয়া খবৰ বিমানবন্দৰ কৰ্তৃপক্ষইহে নিশ্চিত কৰিব পাৰে।

৪) এটা বক্সিছ বা টিপছ্ ৰাখক বাইদেউ। বহুজন টকা থকা লোকে হোটেলত খাই বা ৰেস্তোৰাত খাদ্য গ্ৰহণ কৰি চাৰ্ভিছ দিয়াজনক টিপছ্ বা বক্সিছ দিয়াৰ অভ্যাস থাকে আৰু তেনে লোকসকলে বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ পিছত এয়াৰহস্তেজ সকলক বক্সিছ বা টিপছ্ দিবলৈ আগবাঢ়ি গৈ হাতত পইছা তুলি দিয়ে। মনত ৰাখিব এই টিপছ্ আৰু বক্সিছ বিমানৰ নীতি নিয়মৰ ঘোৰ বিৰোধী আৰু এয়াৰহস্তেজ সকলৰ বাবে অপমান সূচক। যদিয়ে আপুনি তেওঁলোকৰ ব্যৱহাৰ আৰু সেৱাত সন্তুষ্ট হৈছে তেন্তে তেওঁলোকক হাঁহি মুখে এটি ধন্যবাদ দিয়ক তাতেই সন্তুষ্ট হ’ব তেওঁলোক।

৫) মই বিজনেছ ক্লাছৰ খালি চকীত বহিব পাৰোঁনে ? বিমানত ইকনমি শ্ৰেণীৰ টিকট ক্ৰয় কৰি, চিট খালি থকা হেতুকে বিজনেছ ক্লাছৰ চিটত বহিব নোৱাৰে , সেয়ে ইকনমী শ্ৰেণীৰ টিকট কাটি সেই ক্লাছৰ চকীত বহি সন্তুষ্ট থকা শ্ৰেয়।

৬) বেগটো ওপৰত উঠাই দিয়কচোন। কষ্ট কৰাৰ ইচ্ছা নাই সেয়ে নিজৰ বেগটো ওপৰত থবলৈ মাতিলে  এয়াৰহস্তেজ এজনক। এইটো কিন্তু তেওঁলোকৰ কামৰ ভিতৰত নপৰে। নিজে নোৱাৰিলে লাগিলে সহযাত্ৰীৰ সহায় লওঁক , তথাপিও এয়াৰহস্তেজৰ সহায় লব নোৱাৰিব।

 

air hostage funny story

৭) অমুক ঔষধ আছে নেকি ? যাত্ৰীৰ আকস্মিক শাৰীৰিক ৰোগৰ বাবে বিমানত চিকিৎসা কৰ্মী থাকে । যদিহে অসুস্থ বোধ কৰে এয়াৰহস্তেজক কব পাৰে আৰু সহায় লব পাৰে। কিন্তু তেওঁলোকক নিজে ওস্তাদি কৰি ঔষধ বিচাৰিব নালাগে । কাৰণ ঔষধ দিয়া তেওঁলোকৰ কাম নহয়।

৮) আসন সলনি কৰিব পাৰো নেকি ? হঠাতে বিমানত উঠাৰ লগে লগে কোনো বহু আপোন মানুহ প্ৰত্যক্ষ কৰিলে একেলগে বহিব মন যোৱা কোনো ডাঙৰ কথা নহয়। কিন্তু সেয়া সম্ভৱ কৰি তুলিবৰ বাবে এয়াৰহস্তেজক কেতিয়াও অনুৰোধ কৰা উচিত নহয়। লাগিলে যাত্ৰীৰ সৈতে বিনয়ী ভাৱে কথা পাতি নিজেই ব্যৱস্থা কৰা ভাল।

৯) আমি এতিয়া কোন ঠাইত আছোঁ ? বিমানখন বাৰু কোন ঠাইৰ ওপৰেদি গৈছে ? এইবোৰ কিছু অবাঞ্চিত প্ৰশ্ন কৰি এয়াৰহস্তেজক ব্যতিব্যস্ত কৰা অনুচিত । কিয়নো বিমানখন কোন ঠাইৰ ওপৰত আছে সেয়া চাবলৈ আকাশত কোনো চাইনবৰ্ড নাথাকে যে এয়াৰহস্তেজে সেইখন পঢ়ি আপোনাক উত্তৰ দিব।

১০) কলম আছে নেকি ? এইটো এটা সাধাৰণ প্ৰশ্ন। বহুলোকে কলম ঋণত খুজি এয়াৰহস্তেজ সকলক ব্যতিব্যস্ত কৰা দেখা যায়।

কোনোৱে আঘাট দিলে উত্তৰ কেনেকৈ দিব জানিবলৈ তলত ক্লিক কৰক

কোনোৱে যদি আঘাত দিছে প্ৰত্যুত্তৰ দিয়ক এনেদৰে !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *