Dental caries prevention and remedies

দন্তক্ষয় আৰু দাঁতৰ ছিদ্ৰই জ্বলা কলা কৰিছে নেকি ?

  মানুহৰ অতি মূল্যবান সম্পদ হৈছে দাঁত। এটি অতি সুন্দৰ হাঁহি মাৰিবলৈ সুন্দৰ দাঁতৰ প্ৰয়োজন, সুস্বাদু খাদ্য চোৱাই খাবলৈ দৰকাৰ মজবুত দাঁতৰ। আৰু এই সুন্দৰ দাঁত দুই পাৰীৰ অভাৱ হ’লে যেন শূণ্য হৈ পৰে জীৱনৰ বহু মাদকতা। কথাতে কয় দাঁত নাই মানে কাম নাই।

Dental caries prevention advises

বৰ্তমান সময়ত দাঁতৰ ক্ষয় আৰু ছিদ্ৰ হোৱা সমস্যা প্ৰায় এটা সাধাৰণ সমস্যা হৈ পৰিছে। এই সমস্যাটো শিশু, কিশোৰ , কিশোৰী, প্ৰাপ্তবয়স্ক সকলোৰে ক্ষেত্ৰত দেখা যায়। প্ৰধানকৈ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত এই সমস্যা হয় যদিওবা সঘনাই তেলত ভজা খাদ্য সেৱন, ঠাণ্ডা পানীয় সেৱন, খাদ্য সেৱনৰ পিছত দাঁতৰ ফাঁকত খাদ্য কণিকা সোমাই থকা, ফ্লুৰাইডৰ অভাৱ, মুখ শুকান হৈ থকা, দাঁত আৰু মুখৰ পৰিস্কাৰ পৰিচন্নতা বিধিক অৱহেলা কৰা , পুষ্টিকৰ খাদ্যৰ অভাৱ, পেটৰ হজমৰ সমস্যা আদিৰ ফলটো এই দন্তক্ষয় আৰু দন্ত ছিদ্ৰ হোৱা দেখা যায়।

 প্ৰথমে দন্তক্ষয় আৰু তাৰ পিছতে দন্তছিদ্ৰ হয় বহুলোকৰ। কেতিয়াবা দাঁত ভাঙি গৈ আৰু ৰুট কেনেল চিকিৎসাৰ পিছতো দন্ত ছিদ্ৰ হোৱা দেখা যায়। এই ছিদ্ৰত মইলা, খাদ্য কণিকা আদি জমা হৈ পিছত লাহে লাহে দন্তশূল অৰ্থাৎ দাঁতৰ বিষ আৰু দাঁতৰ শিৰশিৰ কৰা আৰম্ভ কৰে।

দাঁতৰ ছিদ্ৰ হ’লে কি কৰিব ?

 দাঁতৰ ছিদ্ৰ দেখা মাত্ৰকে পলম নকৰি দন্ত চিকিৎসকৰ দ্বাৰা ঠাইতে এই ছিদ্ৰ পুৰাই লোৱা দৰকাৰী। কাৰণ এই ছিদ্ৰ দাঁতৰ ডেন্টিন স্তৰৰ পৰা ভিতৰলৈ অৰ্থাৎ দাঁতৰ পাল্প স্তৰলৈ গতি কৰে। আৰু তেতিয়া দাঁতৰ বিষৰ তীব্ৰতা গভীৰ হয় লগতে চিকিৎসা ব্যৱস্থা অতি জটিল হৈ পৰে।

ভঙা দাঁতকো আজিকালি ফীলিং দ্ৰব্যৰ দ্বাৰা বা “লাইট কিওৰ” দি সুন্দৰ ভাৱে পূৰণ কৰি লব পাৰি আৰু দেখিবলৈকে অবিকল স্বাভাৱিক ৰঙৰ হয়। আৰু এটা কথা মনত ৰখা ভাল যে ৰুট কেনেল চিকিৎসা কৰা দাঁতৰ ক্ৰাউন বা মুকুট স্থাপন কৰিবলৈ দেৰি কৰা অনুচিত।

এই কেভিটি বা ছিদ্ৰ ৰোধ কৰিব কেনেকৈ ?

Dental caries prevention and treatment

১) সঠিকভাৱে দুবেলা দুবাৰ দাঁত ব্ৰাছ কৰা প্ৰয়োজন।
২) চেনী আৰু চেনিযুক্ত খাদ্য, অম্লযুক্ত খাদ্য, কফি পৰিহাৰ কৰা।
৩) খাদ্য খোৱাৰ পিছত মুখমণ্ডল ভালদৰে ধুই পৰিষ্কাৰ কৰিব লাগে। দাঁতৰ ফাঁকত সোমোৱা খাদ্য লগে লগে খৰিকাৰে উলিয়াই পেলাব লাগে।
৪) ধূম্ৰপান আৰু সকলো ধঁপাত জাতীয় দ্ৰৱ্য সেৱন পৰিহাৰ কৰা।

৫) একো অসুবিধা নহ’লেও বছৰত এবাৰ চিকিৎসকৰ দ্বাৰা দাঁতৰ পৰীক্ষা কৰা আৱশ্যক।

ঘৰুৱা উপকৰণ :-

তিনি চাৰি কোষ নহৰু , তিনি চাৰি গ্ৰাম নিমখ , এক চামুচ নেমুৰস আৰু কিছু পৰিমাণে টুথপেষ্ট ।

নহৰু আৰু নিমখৰ খিনি পিচিলৈ এটি পেষ্ট প্ৰস্তুত কৰি লগত নেমুৰস আৰু টুথপেস্ট খিনি মিহলাই লৈ সপ্তাহত দুই তিনিবাৰ দাঁত মাজিলে এই দন্তছিদ্ৰ আৰু দন্তক্ষয়ৰ পৰা বাছি থাকিব পাৰি ।

কৰদৈৰ আচৰিত গুণসমুহ জানিবলৈ তলত ক্লিক কৰক

কৰদৈৰ আছে বহু স্বাস্থ্য উপকাৰ!! কিডনী ৰোগীয়ে খালে বিপদত পৰিব

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *