কৰদৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ কিন্তু কিডনী ৰোগ থাকিলে নাখাব কৰ্দৈ !!

কৰদৈ যাক Star fruit আৰু বৈজ্ঞানিক ভাবে Averrhoa  carambola বুলিও কোৱা হয় কেলৰি কম থাকে কিন্তু যথেষ্ট ভিটামিন, খনিজ দ্ৰব্য এন্টী অক্সিডেণ্ট আদি দেহ গঠনকাৰী, দেহৰ ৰোগ নিৰ্মূল কৰিব পৰা পোষক দ্ৰব্য উপলব্ধ। পোষক দ্ৰব্যৰ ভিতৰত ফাইবাৰ, প্ৰটিন, ভিটামিন C, ভিটামিন B5, কেলচিয়াম, চডিয়াম, ফলেত, পতাচিয়াম আৰু মেগনেছিয়াম প্ৰধান।

Super health benefits of star fruit

 

স্বাস্থ্য উপকাৰ সমূহ:-

১) যথেষ্ট ফাইবাৰ সমৃদ্ধিশালী হোৱা হেতুকে দেহত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত থকা ফাইবাৰ সমূহে দেহৰ toxicity হ্ৰাস কৰে যাৰ বাবেই কেঞ্চাৰৰ আশংকা হ্ৰাস হয়।

 

Health benefits of star fruit

২) ছালৰ ৰোগ চৰাইছিছ আৰু দাৰমাতাইটিছ ( উভয়ে এলাৰ্জি সদৃশ ৰোগ) প্ৰসমনৰ বাবে উপকাৰী। কৰ্দৈত থকা উচ্চগুণমানৰ এন্টী- অক্সিডেণ্ট ৰ বাবে এই লাভ পোৱা যায়।

 

health benefits of star fruit

৩) এই ফলত চৰ্বী প্ৰায় শূণ্য কিন্তু ফাইবাৰ সৰহ পৰিমানে থাকে লগতে এই ফল সেৱন কৰিলে শৰীৰৰ বিপাকীয় কাৰ্য্য ক্ষিপ্ৰত্যৰ হয় ফলত দেহৰ অতি মেদবহুলতা নিয়ন্ত্ৰণ হয় ইয়াক গ্ৰহণ কৰিলে।

৪) এই ফলত থকা ভিটামিন C আৰু এন্টী অক্সিডেণ্ট সমূহে তেজৰ শ্বেতৰক্তকণিকা গঠনত সহায়ক হব পাৰে যাৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হব এই ফল সেৱন কৰিলে।

 

Star fruit health hazard

৫) এই ফলৰ এন্টী ইনফ্লেমেটৰি গুণ আছে যাৰ বাবে ডিঙিৰ খুচখোচনী, হাওফাঁওৰ কফ নিঃসৰণ কৰাত সহায় কৰে।

৬) এই ফলৰ চডিয়াম, পতাচিয়াম এ তেজৰ ইলেক্ট্ৰলাইটৰ স্থিতি সমতুল কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰিব পাৰে ফলত দেহত ৰক্ত সঞ্চালন সমতুল হৈ থাকিব। লগতে এই ফলৰ কেলচিয়ামে ৰক্ত পৰিবাঁহী শিৰা ধমনীৰ tension ৰোধ কৰি হাৰ্ট এটাকৰ শংকা দূৰ কৰিব।

৭) কোষ্ঠ্য কাঠিন্য সমস্যা, ডিচেন্ত্রী আদিতো এই ফল খোৱা উপকাৰী।

সাৱধান বাণী :-

বৃক্ক ৰোগত আক্ৰান্ত লোকে এই ফল সেৱন কৰা অপকাৰী। লগতে এই তথ্যও প্ৰকাশ পাইছে যে এই ফলত এবিধ বিষাক্ত দ্ৰব্য ‘নিউৰটক্সিন’ যাৰ নাম কাৰাম্বস্কিন ( caramboxin) উপলব্ধ যিয়ে মগজু আৰু স্নায়ুৰ সমস্যা সৃষ্টি কৰিব পাৰে। কিন্তু কিডনী ভালে থকা লোকে এই ফল সেৱন কৰিলেও এই ‘নিউৰটক্সিন’ পেচাবৰ সৈতে নিঃসৰণ হয়।

 

Star fruit contains neurotoxins and harmful for kidney diseases

এই ফলৰ পৰা বিষক্ৰিয়া হোৱা লোকৰ বৰকৈ হিকটি ( hiccups) , মানসিকভাবে খেলিমেলি বোধ কৰা ( confusion ) , মৃগীৰোগ সদৃশ লক্ষণ ( siezures ) আনকি মৃত্যুও হব পাৰে। সেয়ে কিডনী ৰোগ থাকিলে এই ফল খাব নালাগে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *