Ask these few question to him to whom you are going to marry

বিয়াৰ আগত লৰা ছোৱালী উভয়ে কি কি কথা জনা উচিত ?

   প্ৰেম আৰু বিবাহ জীৱনৰ দুটি ভিন্ন অংগবিশেষ। এটাত যেনেদৰে কোনো দায়িত্ব নাথাকে,  থাকে মাত্র আনন্দ ; আনটোত থাকে স্ফূৰ্তি আনন্দৰ উপৰিও দায়িত্ববোধ। সেয়ে বিয়াৰ আগতে লৰা ছোৱালীয়ে উভয়ে উভয়ক এই প্ৰশ্ন সমূহ অৱশ্যে কৰি  উভয়ে মনৰ খবৰ জানি লোৱা অত্যন্ত প্ৰয়োজনীয়। আৰু উত্তৰ সমূহ যদি ঠিকে পাইছে তেতিয়াহে আগবাঢ়ক তেওঁৰ সৈতে জীৱন সংগী হ’বলৈ। প্ৰশ্ন সমূহ হৈছে :-

Ask these few question to him to whom you are going to marry

১) তুমি মোক কিয় বিয়াৰ বাবে পছন্দ কৰিছা ? এই প্ৰশ্ন সকলোৱে কৰিব পাহৰি যায়, যি বহু দৰকাৰী। প্ৰথম উত্তৰ যদি হয় ,  তুমি বহুত ধুনীয়া বা তুমি বহুত সুন্দৰ সুঠাম তেন্তে জানিব, যদিহে এজন পুৰুষ দেখিবলৈ সুন্দৰ বা এগৰাকী নাৰী ধুনীয়া বাবেই আনজনে বিয়াৰ বাবে প্ৰস্তাৱ দিছে তেন্তে , বয়সৰ লগতে সৌন্দৰ্য নাইকিয়া হৈ গলে সম্পৰ্কৰ অৱস্থা কি হ’বগৈ পাৰে। যদি এই প্ৰশ্নৰ উত্তৰ আপুনি শুদ্ধকৈ পাইছে তেন্তে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁক।

২) তুমি মোৰ সৈতে আজীৱন কটাব পাৰিবানে ? আৰু উত্তৰ যদি নিজৰ ভাৱনাৰ সৈতে এক হৈছে অৰ্থাৎ সন্তুষ্ট হৈছে তেন্তে নিশ্চিত ভাৱে বিবাহৰ বাবে আগবাঢ়ি যাওঁক।

৩) তোমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি আছে ? এই প্ৰশ্নৰ উত্তৰৰ পৰা জানিব পাৰিব তেওঁৰ বাবে আপুনি কিমান গুৰুত্বপূৰ্ণ আৰু অনুমান কৰিব পাৰিব তেওঁ ভবিষ্যতে কেতিয়াবা আপোনাক অৱজ্ঞা কৰিব পাৰে নেকি ?

 

Ask these few question to him to whom you are going to marry

৪) জীৱন পৰিক্ৰমাত যদি মই কেতিয়াবা শূন্য হৈ পৰো তেতিয়া তুমি কি কৰিবা ? আপোনাৰ বিপদ যেতিয়া আহে তেতিয়া পৃথিৱীৰ সকলো শক্তি আপোনাৰ বিপৰীতে ক্ৰিয়া কৰে , কিন্তু সেইজন লগত থাকে যিজনে নিঃস্বাৰ্থভাৱে আপোনাক ভাল পাই বা অন্ধভাৱে আপোনাৰ সান্নিধ্যক বিশ্বাস কৰে।

৫) বিয়াৰ পিছত মই মোৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ পূৰণ কৰিবলৈ স্বাধীন ভাৱে কাম কৰিব পাৰিম ? বিয়া হোৱা মানে অকল পাৰিবাৰিক জীৱন নিৰ্বাহ কৰা নুবুজাই ; বিবাহ হৈছে জীৱনৰ এটি নতুন অধ্যায়ৰ আৰম্ভণি। সকলোৰে জীৱনত কিছু লালিত স্বপ্ন থাকে, সেই সপোন বোৰ কি হ’ব বিয়াৰ আগতে ঠিক কৰা উচিত উভয়ে।

৬) দাম্পত্য জীৱনৰ ভৱিষ্যত পৰিকল্পনা কি ? যিহেতু দাম্পত্য জীৱন এটি নতুন অধ্যায়, এই অধ্যায়ৰ বাবে প্ৰচুৰ পৰিকল্পনাৰ প্ৰয়োজন। সেয়ে আগতেই এনে কথা উভয়ে পাতি লোৱা ভাল। কোনো অগ্ৰীম পৰিকল্পনা নোহোৱাকৈ দাম্পত্য জীৱন কেতিয়াও সুখী নহয়।

Ask these few question to him to whom you are going to marry

৭) যদিহে ভৱিষ্যতে মোৰ কিবা ডাঙৰ ৰোগ হয়, তেতিয়া তুমি কি কৰিবা ? এই প্ৰশ্নৰ উত্তৰে আপোনাক তেওঁৰ বিষয়ে আৰু ভালদৰে বুজিবলৈ সক্ষম কৰিব ৷

৮) তুমি প্ৰতিজ্ঞা  কৰিব পাৰিবানে ভৱিষ্যতে মোক প্ৰতাৰণা নকৰো বুলি ? যদি উত্তৰ দিওঁতে তেওঁ খেলিমেলি বা দ্বিধাবোধ কৰিছে তেন্তে আপুনি ভালকৈয়ে বুজি পাব বাকীখিনি কি হ’ব ।

৯) ভৱিষ্যত সা – সন্তানৰ বাবে তোমাৰ ধাৰণা আৰু পৰিকল্পনা কি ? আৰু যদি ভৱিষ্যতে সন্তান জন্মৰ ক্ষেত্ৰত অক্ষমতা আহে তেন্তে তুমি কি কৰিবা? এনেবোৰ কথা  বিবাহৰ আগতে উভয় জাতক জাতিকাই জানি অতি দৰকাৰী।

Share it with:

3 Comments

  1. ধুনীয়া প্ৰশ্ন আৰু ধুনীয়া উত্তৰ

  2. বৰ সুন্দৰ কথা জানিলো, শিকিলোঁ। এই বিষয়ে আৰু কথা জানিবলৈ পাম বুলি আশা কৰিলো।
    মই প্ৰেমত পৰি বিয়া কৰাইছিলো। বিয়াৰ আগতে এই কথাখিনি জনা হ’লে! এতিয়া মোৰ সংসাৰ নাই, ভাঙি গ’ল। পত্নীৰ চাৰিত্ৰ দোষৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *