iৰাতিপুৱা শুই উঠি এই ৫ টা কথা মনত কৰক জীবনত সফলতা আহিব। জীৱন সফল কৰাৰ ৫ টা মহত্বপূৰ্ণ কথা।

 

4 life changing things to remember in the morning - DR APJ ABDUL KALAM AZAD
প্ৰসিদ্ধ মিছাইল মানৱ, বৈজ্ঞানিক আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্বৰ্গীয় ড° আবুল পাকিৰ জাইনুল আবেদিন আব্দুল কালাম আজাদ এ কৈছিল ” আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে কিন্তু আপোনাৰ অভ্যাস সমূহ সলনি কৰিব পাৰে আৰু এই সলনি হোৱা অভ্যাসে এদিন আপোনাৰ ভাগ্য আৰু ভৱিষ্যত সলনি কৰি দিব পাৰে”। কালাম চাৰে কৈছিল যে প্ৰত্যেক মানুহেই ৰাতিপুৱা শুই উঠি নিজকে পাঁচটা কথা কোৱা দৰকাৰ বা মনত কৰা দৰকাৰী; যি অভ্যাস অতি সৰু , অতি সাধাৰণ কিন্তু ই যিকোনো মানুহৰ জীৱনলৈ বহু ডাঙৰ পৰিৱৰ্তন লৈ আনিব পাৰে ; এই অভ্যাস প্ৰত্যেক সফল মানুহে নিজৰ জীৱনত গঢ়ি তোলে।

সকলোৱে জানে যে কালাম ছাৰ এক দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল কিন্তু নিজৰ পৰিশ্ৰম আৰু অভ্যাসৰ বাবে তেওঁ জীবনত সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল; গাওঁৰ জুপুৰিৰ পৰাই ৰাষ্ট্ৰপতি ভৱন পদাৰ্পণ কৰিব পাৰিছিল। তেখেতে কৈছিল মানুহে ৰাতিপুৱা শুই উঠি প্ৰথমে নিজক পাঁচটি কথা কোৱা দৰকাৰী। সেই কথা সমূহ হৈছে:-

১) “ৰাতিপুৱা শুই উঠিয়েই এটা দীঘল উশাহ লৈ কওঁক যে মই সকলোতকৈ ভাল আৰু মোৰ দৰে এই পৃথিৱীত আৰু কোনো নাই “।

  এতিয়া প্ৰশ্ন হৈছে সকলোতকৈ ভাল কেনেকৈ হ’ব ! ইয়াৰ অৰ্থ এয়ে যে এজন মানুহৰ কাম কাজ নিৰ্ভৰ কৰে তেওঁৰ চিন্তা আৰু ভাৱনাৰ ওপৰত; প্ৰতিদিনে যেতিয়া এজন লোকে নিজকে ভাল বুলি অনুভৱ কৰিব, ভাৱিব তেতিয়াই তেওঁ সদায় ভাল কাম কৰিবলৈ মানস কৰিব। প্ৰত্যেক দিনা এজন মানুহে যিটো শুনিয়ে থাকিব, ভাবিব আৰু চিন্তা কৰিব সেইটোকে মনটোৱে বিশ্বাস কৰি ল’ব। ৰাতিপুৱা শুই উঠিয়েই যেতিয়া নিজকে ভাল বুলি অনুভৱ কৰিব, ভাল বুলি নিজেই নিজৰ প্ৰসংশা কৰিব তেতিয়া তেওঁৰ চিন্তাধাৰা ভাল হ’ব আৰু কাম কাজ বিলাক যথেষ্ট সুচাৰুভাৱে সিদ্ধি হ’ব আৰু ভাল হ’ব ।

২) “মই এইটো কৰিব পাৰিম” ।

TALK YOURSELVES 4 THINGS IN THE MORNING TO BE SUCCESSFUL IN LIFE - DR APJ ABDUL KALAM AZAD

  এই পৃথিৱীত প্ৰত্যেক ব্যক্তিৰ সপোন থাকে কিন্তু সপোন কিমানজনৰ পূৰণ হয় ? মাত্ৰ ১০% লোকেই নিজৰ সপোন বোৰক সাৰ্থক কৰিবলৈ সমৰ্থ হয়। জানি থব মানুহ বিফল হোৱাৰ মূল কাৰণেই হৈছে আত্মবিশ্বাসৰ অভাৱ। পৃথিৱীৰ বিখ্যাত আৰু সফল ব্যক্তি যেনে বিল গেটছ, ধীৰো ভাই আম্বানী, ৰতন টাটা, মাৰ্ক জোকাৰবাৰ্গ আদি লোক সকল বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তি নহয়;  সৰ্বসাধাৰণ লোকৰ দৰেই এওঁলোকৰ জন্ম হৈছিল। এওঁলোকে যদি সফল হ’ব পাৰিছে আন দহজনে কিয় নোৱাৰিব; তাৰ বাবে লাগিব আত্মবিশ্বাস। সেয়ে সদায় ৰাতিপুৱা উঠিয়ে আত্মবিশ্বাস গঢ়ি লব লাগিব যে পাৰিম; নোৱাৰাৰ কোনো কাৰণ নাই। সদায় যেতিয়া এনেদৰে পাৰিম বুলি মনত পেলাব আত্মবিশ্বাসবোৰ বাঢ়ি গৈ থাকিব আৰু এদিন ডাঙৰতকৈ ডাঙৰ সফলতাই দেখা দিব।

৩) “ভগৱান সদায় মোৰ লগত আছে” ।

  মানুহৰ জীৱনলৈ যেতিয়া বিপদ আহে , দুৰ্যোগ আহে তেতিয়া মানুহে ভাবে যে তেওঁক ভগৱানে সহায় কৰা নাই বা ভগৱান তেওঁৰ পক্ষত নাই ; মনত ৰাখিব ভগৱানে যি কৰে ভালৰ বাবে কৰে, আজি যিটো কষ্ট বা দুখ পাইছে কাইলৈ কিন্ত বহুত কিবা ভাল হৈ যাব পাৰে। কাৰণ আন্ধাৰৰ পিছত পোহৰ, দিনৰ পিছত ৰাতিৰ নিচিনাকৈ দুখৰ পিছত কিন্তু সুখেই আহে। মনত ৰাখিব গছৰ ডালত শুই থকা চৰাইজনী টোপনি গলেও মাটিত সৰি পৰি নাযায়, ভগৱানে ধৰি ৰাখে আৰু সেই ভগৱানে আপোনাক মোক কিয় অকলশৰীয়া কৰিব। মাত্ৰ ভৰসা ৰাখিব লাগে যে ভগৱান নিজৰ সৈতে আছে আৰু যি হৈছে ভালৰ বাবেই হৈছে।

৪) “মই এজন বিজয়ী”।

4 thing you remember early in the morning to get success in life - ABDUL KALAM AZAD .

 জীৱনৰ সমস্যা সদায় থাকিব; ভাল বেয়া সদায় থাকিব; জয় পৰাজয় থাকিবই। এবাৰ পৰাজয় হলেই বহুজনে হাৰি গৈছে বুলি থমকি যায় আৰু চেষ্টা কৰা এৰি দিয়ে। মনত ৰাখিব প্ৰত্যেক মানুহ হৈছে এই প্ৰকৃতিৰ এক অংশ বিশেষ; প্ৰত্যেক মানুহৰ জীৱনত জয় বা পৰাজয় থাকিবই কিন্তু অহৰহ চেষ্টাৰ ফলত যিদিনা জয়ী হ’ব সিদিনা কৃতিত্ব তেওঁ অকলে পাব আৰু হাৰি গলেও দোষবোৰ তেওঁ নিজেই লব লাগিব। প্ৰত্যেক ব্যক্তিৰে গাত জয় হোৱাৰ গুণ আছে যদিহে নিজকে বিজয়ী বুলি নাভাবিব কিয় ? আৰু যেতিয়াই সদায় নিজকে বিজয়ীৰ দৰে জ্ঞান কৰিব নিজকে কব, তেতিয়া তেওৰ চিন্তা আৰু কৰ্ম এজন বিজয়ীৰ দৰে হৈ পৰিব।

৫) “আজি দিনটো মোৰ” ।

GREAT QUOTES FOR SUCCESS BY APJ ABDUL KALAM AZAD

 মনত ৰাখিব সফলতা সদায় পোৱা নাযায় সেইবুলি দৈনিক কৰা কামবোৰ বেয়াকৈ কৰিব নেকি ? প্ৰত্যেক ৰাতিপুৱাই আগৰ দিনবোৰৰ সফলতা খিনিক মনত পেলাই বিফলতা খিনিক পাহৰি মনতে ভাবিব লাগিব যে আজিৰ দিনটো তেওঁৰ আৰু তেনে চিন্তাধাৰা আৰু আত্মবিশ্বাস লৈ দৈনিক কৰ্ম কৰি গলেহে সফলতা আহিব।

CONTROL BLOOD PRESSURE EASILY

10 GOLDEN RULE TO CONTROL DIABETIS

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *