Three types of people never become happy !!

এই তিনি শ্ৰেণীৰ লোকৰ কেতিয়াওঁ উন্নতি নহয় !! এনে তিনি শ্ৰেণীৰ সংগী নহ’ব !! এই তিনিলোক কেতিয়াওঁ ধনী হব নোৱাৰে !!

আচাৰ্য চাণক্য এজন খুব জ্ঞানী ব্যক্তি হোৱাৰ লগতে এজন ভাল নীতিকাৰক আছিল। তেওঁ তেওঁৰ নীতি সমূহৰ মাজেৰে মানুহৰ জীৱন সুখী কৰি তুলিবৰ বাবেও বহুতো গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। তেওঁ এনে তিনিটা নীতি সন্নিৱিষ্ট কৰিছিল যাৰ দ্বাৰা কোৱা হৈছে যে বহু মানুহ চকু থাকিও অন্ধ হৈ জীয়াই থাকে এই প্ৰথিৱীত। এই পৃথিৱীত এনে তিনি প্রকাৰৰ মানুহ আছে যিসকলে সুন্দৰ দুটি চকু থকাৰ পিছতো নেদেখে, মগজু থকাৰ পিছতো নুবুজে , কাণ থকাৰ পিছতো নুশুনে; এই তিনি শ্ৰেণীৰ লোকৰ কেতিয়াও জীৱনত উন্নতি নহয়, তেওঁলোক কেতিয়াও ভাগ্যশালী হ’ব নোৱাৰে, তেওঁলোকৰ সমাজ জীৱন, ব্যক্তিগত জীৱন কেতিয়াও সুখৰ হ’ব নোৱাৰে। এনে তিনিধৰণৰ লোক হৈছে :-

avoid three types of people always

১) যিসকল লোকে সকলো সময়তে কাম বাসনাত অন্ধ হৈ থাকে। চাণক্যই কৈছিল যিসকল লোকে সকলো সময়তে কামান্ধ হৈ থাকে তেওঁলোকে ভাল বেয়াৰ পাৰ্থক্য বুজি নাপায়; তেওঁলোকে কামান্ধ হৈ ইমানেই তললৈ নামিব পাৰে সেয়া এজন সাধাৰণ ব্যক্তিয়ে কৰাটো বেলেগ তেনে কামৰ নামে নলয়। এনে লোকৰ আপোন মানুহৰ সম্পৰ্কৰ কোনো মূল্য নাই। এওঁলোকৰ মন আৰু মগজুত সদায় বেয়া কথা , বেয়া লিপ্সা খেলি থাকে। সেয়ে চাণক্যই কৈছিল যি ব্যক্তিয়ে কাম বাসনাক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেওঁ সোনকালে ধ্বংস হৈ যায় । লগতে এনে লোকৰ সৈতে বন্ধুত্ব কৰা অইন ব্যক্তি তেওঁলোকৰ দৰে স্বভাৱৰ হৈ পৰে। সেয়ে এনে লোকৰ পৰা দূৰৈত বিচৰণ কৰা শ্ৰেয়।

২) ৰাগীয়াল আৰু নিচা আসক্ত লোক। যি সকল লোক নিচাত মাতাল হৈ থাকে তেনে লোক চকু থাকিলেও অন্ধ হৈ পৰে; এই সকল লোকে ভাল বেয়াৰ পাৰ্থক্য বুজি নাপায়। এওঁলোকে নিচাত ইমানেই মাতাল হৈ থাকে যে তেওঁলোকে নিজৰ জীৱনৰে মূল্যবোধ বুজি নাপায়, বুজি নাপায় ঘৰ সংসাৰ আৰু সমাজ ব্যৱস্থা।

these three types of people are dangerous for society

  এনে লোকে নিজৰ সৈতে নিজৰ পৰিয়ালৰ ভৱিষ্যত জীৱন শংকালৈ ঠেলি দিয়ে। এনে লোকৰ জীৱনত উন্নতি দেখা নাযায়। এনে লোকৰ সৈতে যিয়ে বন্ধুত্ব কৰে, সম্পৰ্ক কৰে তেওঁলোক এওঁলোকৰ দৰে হৈ পৰে। সেয়ে চাণক্যই কৈছে এনে লোকৰ সৈতে বন্ধুত্ব কৰা আৰু মিঠাবিষ পান কৰা একে।

৩) অতি অৰ্থলোভী :- আচাৰ্য চাণক্যই কৈছিল যি ব্যক্তি অতি লোভী তেনে লোক চকু থাকিও অন্ধ। মানুহে প্রয়োজনতকৈ বেছি লোভ কৰা অনুচিত। এই অতি লোভৰ বাবে লোভীয়া মানুহে বহু বেছি বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে লোকে আনক প্ৰৱঞ্চনা কৰি অৰ্থলাভৰ বাবে অভিসন্ধি কৰে। এনে লোক সমাজৰ বাবে ভয়ানক । এনে লোকৰ লাজ বহুত কম ; এনে লোক স্বাৰ্থপৰ আৰু বিশ্বাসঘাটক স্বভাৱৰ। এওঁলোকৰ মতে আপোন পৰ একেই; অৰ্থলাভৰ বাবে এওঁলোকে সহজতে সম্পৰ্ক ভাঙিব পাৰে আৰু গঢ়াটো পাকৈত। আচাৰ্য চাণক্যই কৈছিল এনে লোকে জীৱনত কেতিয়াও ভাল কাম কৰিব নোৱাৰে; তেওঁলোকৰ এই সংসাৰত বহু ধন , সম্পত্তি থাকিব পাৰে কিন্তু নাথাকে মানসিক শান্তি, নাথাকে পৰিয়ালত সুখ শান্তি; আৰু মৃত্যুৰ পিছদিনাই এনে লোকক সকলোৱে পাহৰি যায়।

Share it with:

2 Comments

  1. বৌদ্ধাংক কেনেকৈ বঢ়াব পাৰি তাৰ কিবা উপায় আছে নেকি যদি আছে আমালৈ প্ৰেৰণ কৰিব

  2. Good message for the human being.

Leave a Reply

Your email address will not be published. Required fields are marked *