TIPS TO KNOW THE STATUS OF FOOD INSIDE THE REFREGERATOR

আপোনাৰ ফ্ৰীজত ৰাখি থওঁক এটি এটকীয়া মুদ্ৰা আৰু দেখক চমৎকাৰ!!

ঘৰত যদি ফ্ৰীজ আছে আৰু খাদ্য সামগ্রী এই ফ্ৰীজৰ ভিতৰত ৰাখি থোৱাৰ অভ্যাস আছে তেন্তে এই দিহা আপোনাৰ বাবে অতি লাভজনক হ’ব ।

TIPS TO KNOW THE STATUS OF FOOD INSIDE THE REFREGERATOR

বহুতৰে অভ্যাস যে এবাৰ বজাৰৰ পৰা কিনি অনা পাচলি, মাছ, মাংস, পনীৰ, দৈ আদি যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে ফ্ৰীজত ৰাখি শেষ নোহোৱা দিনলৈকে ব্যৱহাৰ কৰা। কিন্তু কণা লাগে তেতিয়া যেতিয়া বিজুলী নাথাকে; আৰু এনেকুৱাও হয় যে আপুনি ঘৰত খুব কম সময়ৰ বাবে থাকে নাইবা ফ্ৰীজত খাদ্য সামগ্রী ভৰাই থোৱাৰ পিছতে কিছুদিনৰ বাবে ঘৰৰ বাহিৰত থাকিব লগীয়া হৈছে। তেতিয়া আৰু সমস্যা হয় আপুনি বুজিবলৈ যে আপোনাৰ ফ্ৰীজত ৰাখি থোৱা খাদ্যবস্তু সমূহ ভালে আছেনে নাই বুজিবলৈ। তাৰ বাবেই এই কথা বুজিবলৈ এটি সৰু দিহা দিয়া হৈছে যি দিহাৰে আপুনি জানিব পাৰিব খাদ্য বস্তু বিলাক ভালে আছে নে নাই; যাৰ বাবে আপোনাক লাগিব এটি আইনাৰ গিলাচ আৰু এটি যিকোনো মুদ্ৰা; ই এটকা, দুটকাৰ বা পাছ টকাৰ বুলি একো কথা নাই।

FRIDGE OPERATIONAL TIPS

এতিয়া পৰীক্ষাটি কৰি চাওক এনেদৰে। গিলাচ টিত এগিলাচ পানী লৈ ফ্ৰীজত আপোনাৰ ফ্ৰীজৰ বৰফ চেম্বাৰত সোমাই দি ফ্ৰীজটি ৪ – ৫ ঘণ্টাৰ বাবে ফ্ৰীজ চলাই ৰাখিলে পানী খিনি বৰফ হৈ পৰা দেখিব। এতিয়া এই গিলাচটি বাহিৰলৈ উলিয়াই লৈ বৰফ খিনিৰ ওপৰত এক টকাৰ মুদ্ৰাটি ৰাখি দিয়ক কিন্তু গিলাচটি পুনঃ ফ্ৰীজত সোমাই নিদিব। কিছু সময়ৰ পিছত দেখিব বৰফ যিমানেই গলিব সিমানেই পানীৰ ভিতৰলৈ সোমাই গৈ থাকিব। আৰু এটা সময়ত মুদ্ৰাটি একেবাৰে গিলাচৰ তলত অৱস্থান কৰিব। এই ফৰ্মূলা প্ৰয়োগ কৰিয়ে অনুমান কৰিব পাৰিব আপুনি ঘৰত নথকা অৱস্থাত কিমান সময় বিজুলী নাছিল আৰু আপোনাৰ ফ্ৰীজত থকা খাদ্য সামগ্ৰী সমূহ ভালে আছেনে নাই।

এনেদৰে যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়া ফ্ৰীজত বৰফ হৈ যোৱা গিলাচটিৰ ওপৰ ভাগত এটা মুদ্ৰা ৰাখি দিয়ক আৰু ঘৰলৈ ঘূৰি আহি ফ্ৰীজৰ খাদ্য ব্যৱহাৰ কৰাৰ আগতে গিলাচত থকা মুদ্ৰাৰ অৱস্থিতি লক্ষ্য কৰক।

 

Tips to know the foods status inside refrejeretor

 যদি মুদ্ৰাটি বৰফৰ ওপৰতে আছে তেন্তে জানিব আপুনি ঘৰৰ বাহিৰত থকা সময়ত কেতিয়াও বিজুলী যোৱা নাছিল বা অকণমান সময়ৰ বাবেহে গৈছিল। যদি মুদ্ৰাটি বৰফৰ মাজত অবস্থান কৰিছে তেন্তে জানিব আপুনি বাহিৰত থকা সময়ত ঘৰত বহু সময় বিজুলী নাছিল সেয়ে বৰফ গলি গলি মুদ্ৰাটি ভিতৰত সোমাই পৰিছিল আৰু পিছত বিজুলী আহোতে পানীখিনি পুনঃ বৰফ হৈ পৰিল। আৰু যদি দেখিছে যে মুদ্ৰাটি একেবাৰে গিলাছৰ তলত পৰিছে আৰু পানীখিনি পুনঃ বৰফ হৈ পৰিছে তেতিয়াই বুজিব ঘৰত হয়তো প্ৰায় ১২ ৰ পৰা ২৪ ঘণ্টাৰ বাবে বিজুলী নাছিল । এইখিনিৰ ওপৰত আপুনি অনুমান কৰিব পাৰিব আপোনাৰ ফ্ৰীজত খাদ্য বস্তু ভালে আছেনে নাই , খোৱাৰ উপযোগী হৈ আছেনে নাই। কিয়নো যেতিয়া বৰফ গলি মুদ্ৰাটি তলত পৰি গৈছিল সেই সময়ত ফ্ৰীজৰ সকলো সামগ্ৰী যেনে মাছ মাংস আদি সকলো গৰম হৈ পৰিছিল আৰু পুনঃ বিজুলী অহাৰ ফলত আকৌ ঠাণ্ডা হৈ পৰিছে আৰু এনেদৰে ফ্ৰীজৰ ভিতৰত এবাৰ গৰম হৈ পুনঃ ঠাণ্ডা হলেও খাদ্য সামগ্ৰী কেতিয়াও ভালে নাথাকে বা খোৱাৰ উপযোগী হৈ নাথাকে। 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *