PLANT THESE 7 TREES AT HOME TO BE LUCKY

ঘৰত যদি এই ৭ গছ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যবান !!

ঘৰত যদি এই ৭ গছ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যবান :-

PLANT THESE 7 TREES AT HOME TO BE LUCKY

   বাস্তু শাস্ত্ৰৰ  অৱহেলা নকৰে দৰাচলতে; এই শাস্ত্ৰৰ মান্যতাক বিশ্বাস কৰিলে ফলিব আৰু বিশ্বাস নকৰিলে কিন্তু এইসমূহ কথা পঢ়ি সময় নষ্ট কৰা যেনহে হ’ব। ঠিক তেনে অতি গুৰুত্বপূৰ্ণ বিষয় এটি বাস্তু যি শাস্ত্ৰত উল্লেখিত তাকেই কব বিচৰা হৈছে।

সকলোৰে ঘৰৰ চৌহদৰ চাৰিবেৰৰ ভিতৰত গছ গছনি থাকে কিন্তু কি গছ গছনি ৰুলে বা থাকিলে পৰিয়াল বা ব্যক্তি বিশেষৰ মঙ্গল হ’ব বা অমংগল হ’ব বহুতে নাজানে; মাত্ৰ কেইজোপা মান ৰুই দিয়াৰ প্ৰৱণতাহে দেখা যায় যাৰ ফলতে ঘৰখনৰ সুখ শান্তি নাইকিয়া হৈ নামি পৰে ঘোৰ অমানিশা। সেয়ে এই শাস্ত্ৰ অনুসৰি আপুনি সহজতে পোৱা এই গছ সমূহ ঘৰৰ চৌহদৰ চাৰিবেৰৰ ভিতৰত এনেকৈ লগাওক

(১) ডালিমৰ গছ ঘৰত থকাটো অত্যন্ত প্ৰয়োজন। এই ডালিমৰ গছ ঘৰত থাকিলে ঋণৰ পৰা অতি সহজে মুক্তি পোৱা যায় আৰু ঘৰ খনলৈ সুখ শান্তি আহে।

 

Plant this tree to be luckyমঙ্কলবাৰ দিনটিত ঘৰৰ উত্তৰ দিশত ডালিমৰ গছ লগোৱাটো অত্যন্ত মঙ্গল হয়।

(২) শাস্ত্ৰৰ মতে তুলসী গছক মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। এই গছ ঘৰত থাকিলে অপায় অমঙ্গলৰ পৰা হাত সাৰি থাকিব পাৰে।সেয়েহে সদায় সন্ধিয়া চাকি জ্বলায় তুলসী গছক সেৱা ভক্তি কৰিব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট থাকে। উত্তৰ পূব দিশত তুলসী গছ ৰোপণ কৰিব লাগে।

Plant this tree to be happy

(৩) ঘৰত নাৰ্জী ফুলৰ গছ থকাটো অত্যন্ত মঙ্গল। ঘৰত নাৰ্জী ফুলৰ গছ থাকিলে বৈবাহিক জীৱনত কেতিয়াও অশান্তি নাহে আৰু ঘৰ সংসাৰ বহু সুখৰ হয়।

(৪) ঘৰত আমলখি গছ থকাটো অত্যন্ত প্ৰয়োজন। ঘৰৰ পশ্চিম দিশত আমলখি গছ লগাব লাগে। পশ্চিম দিশত আমলখি গছ থাকিলে পৰলোকৰ বেয়া নজৰৰ পৰা বাছি থাকিব পৰা যায়।

(৫) ঘৰৰ উত্তৰ পূব দিশত অপৰাজিতা গছ লগাব লাগে। শাস্ত্ৰৰ অনুসৰি অপৰাজিতা লতাক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়।

 

Plant oporajita at home to be lucky আৰু এই অপৰাজিতা ফুল শুক্ৰবাৰে লগালে অত্যন্ত মংগলজনক যাৰ ফলত ধনৰ অভাৱ নোহোৱা হয়।

(৬) বৃহস্পতিৰে পূব দিশত হালধী গছ লগাব লাগে।

 

Plant turmaric at home to get blessing of lord এই গছ লগালে ঘৰত হায় কাইজিয়া ,মনৰ অমিল আনকি নিতিবাচক শক্তিৰ একেবাৰে প্ৰভাৱ নপৰে।

(৭) ঘৰত অশোক গছ থকাটো অতিকৈ প্ৰয়োজনীয়। এই গছ ঘৰত থাকিলে লৰা ছোৱালীৰ পঢ়াত মন বহে । আৰু অভিভাৱক ৰ হাতলৈ ধন টকা পইচা আহে।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *